AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

কাঞ্চন (Kanchan)

Rating: 5/5
Price of print book:₹ 80
Our Price:
₹ 50
Author অনুৰাধা শৰ্মা পুজাৰী (Anuradha Sharma Pujari)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS05
Email
Share on Google+
Description

মই ভাবোঁ অনুৰাধাই নাৰীৰ এক জ্বলন্ত সমস্যা এই গ্ৰন্থৰ মাজেৰে একেবাৰেই নগ্ন কৰিয়েই আঁকি দেখুৱাইছে। সংবেদনশীল পাঠক আৰু লেখকৰ হৃদয়ৰ যন্ত্রণা যেন এই গ্ৰন্থত এক হৈ পৰিছে। কাঞ্চনক সেয়ে পাঠকে কিতাপ নহয় ৰক্ত-মাংসৰ মানুহ বুলিয়েই ধৰি লৈছে৷ - এই বাবেই এই গ্ৰন্থই বিপুল জনপ্ৰিয়তা লাভ কৰিছে । মই আশাকৰো প্ৰত্যেকগৰাকী চিন্তাশীল পাঠকে এই গ্ৰন্থ পঢ়িব আৰু কাঞ্চনৰ মৰ্ম-বেদনা বুজি পাব।

-ড০ মামণি ৰয়ছম গোস্বামী

 

কাঞ্চন সঁচা চৰিত্ৰ। উপন্যাসখন কাঞ্চনৰ আত্মজীৱনী। কাঞ্চনৰ কাহিনীয়ে, কাঞ্চনৰ চৰিত্ৰই কৰ্মৰত মহিলাই মুখামুখি হোৱা আন এখন জগতৰ বিস্ময়কৰ দুৱাৰবোৰ আপোনাৰ সন্মুখত খুলি দিব। বৰ্তমান সময়ৰ অফিচ সংস্কৃতিটোওঁ কাঞ্চনৰ চৰিত্ৰ সৃষ্টি কৰাৰ বাবে দায়ী। কাঞ্চনক লগ পাই দেখিছিলোঁ, কাঞ্চনে বৰ্তমানটো বুজে, কিন্তু আচৰিত ধৰণে অতীতটোক পাহৰি গৈছে। ভবিষ্যতৰ বাবেও তেওঁ নিৰুদ্ধেগ। চিকিৎসা শাস্ত্রত চাইকজেনিক এমেনচিয়াবুলি কোৱা হয় এই মানসিক ৰোগক।

“…অনুৰাধাৰ ভাষা অতি সুষম। কাঞ্চন উপন্যাসত এনে কিছুমান পটভূমিৰ আৰু দৃশ্যৰ ৱিবৰণ আছে, যিবোৰ অতি সাৱধানতাৰে সৈতে সূক্ষ্মতাৰে নিলিখিলে কিতাপখন পৰ্ণগ্ৰাফীপৰ্যায়লৈ আগবাঢ়ি যোৱাৰ শংকা আছিল। অতি বলিষ্ঠ কলমেৰে, বুদ্ধিমত্তাৰে আৰু আকৰ্ষণীয়ভাবে এই ঘটনাৰাজি এনেধৰণে লিপিবদ্ধ কৰিছে যে কিতাপখন এখন প্ৰথম শ্ৰেণীৰ সাহিত্যকৰ্মলৈ ৰূপান্তৰিত হৈ পৰিছে।

 

কাঞ্চনৰ অভূতপূৰ্ব সাফল্য অসমীয়া সাহিত্যৰ বাবে এটা অতি শুভ আৰু আশাপ্ৰদ বাৰ্তা। ইয়াৰ আগতে মই জনাত মাথোন তিনিমাহৰ ভিতৰত এখন কিতাপৰ তিনিটা সংস্কৰণ প্ৰকাশ হোৱা বিৰল।

————গৌতমপ্ৰসাদ বৰুৱা

 

অনুৰাধা শৰ্মা পূজাৰীৰ লেখা বুলিলেই মই আগ্ৰহেৰে পঢ়োঁ। বৃত্তিত সাংবাদিক যদিও শ্ৰীমতী পূজাৰীৰ গল্প-উপন্যাস পঢ়িলে মূল মানুহগৰাকীক ঔপন্যাসিকা যেনেই লাগে। কাঞ্চনপঢ়িলোঁ। মুগ্ধ হলোঁ। কাহিনীত আবেগ থাকিলেও বোধহয় সাংবাদিক হোৱাৰ কাৰণেই লেখিকাই আবেগ বৰ্জন কৰিব পাৰিছে। পৰিবেশ সৃষ্টিত তেওঁৰ সুদক্ষ হাতৰ কথা উল্লেখ নকৰাকৈ নোৱাৰি। মূল চৰিত্ৰ কাঞ্চনৰ প্ৰতি তেওঁ যে অত্যন্ত সহানুভূতিশীল সেইটো স্পষ্ট । কাঞ্চনৰ মাজেদি সমসাময়িক সমাজচিত্ৰখনো আওপকীয়াকৈ দাঙি ধৰিছে। কিতাপখন পঢ়ি যাওঁতে মোৰ এখন ছবি চাই যোৱা যেন লাগিছিল । মোৰ স্বভাবটো অলপ বেয়া। ভাল কিবা এটা পালে আৰু বিছাৰোঁ। শ্ৰীমতী শৰ্মা পূজাৰীৰ পৰা আৰু বিছাৰিছোঁ।

—–মহেন্দ্ৰ বৰঠাকুৰ

Reviews

Beautifully written. Excellent novel.....
britul sharma
More reviews

Related Books

Customers who bought this also bought ...