AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

অসমীয়া গদ্যৰীতি (জোনাকীৰ পৰা ৰামধেনুলৈ) [Axomiya Gadyariti-(Jonakir Pora Raamdhenuloi)]

Rating: 0/5
Price of print book:₹ 250
Our Price:
₹ 220
Author ড০ স্মৃতিৰেখা ভূঞা (Dr. Smritirekha Bhuyan)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB51
Email
Share on Google+
Description

ভাল গদ্য লিখিবলৈ শিকিব খোজা ইংৰাজ লেখকসকলক ড০ জনছনে উপদেশ দিছিল যে তেওঁলোকে উৎকৃষ্ট গদ্য ৰচনাৰ কিটিপ শিকিবলৈ যোছেফ এডিছনৰ সমস্ত গদ্য ৰচনা পৰম মনোযোগেৰে পঢ়া উচিত৷ ওঠৰ শতিকাৰ ড০ জনছনে ইংৰাজ লেখকসকলক যি উপদেশ দিছিল, তাৰ প্ৰায় হুবহু প্ৰতিধ্বনি কৰি একেটা উপদেশকে দিছিল কুৰি শতিকাৰ ভাৰ্জিনিয়া উল্ফে৷ ইয়াৰ পৰা এই কথাই বুজা যায় যে উৎকৃষ্ট গদ্য লিখিবলৈ শিকাৰ এটা প্ৰধান উপায় হল সেই ভাষাৰ সৰ্বোৎকৃষ্ট গদ্য লেখকসকলৰ ৰচনা গভীৰ অভিনিৱেশসহকাৰে পাঠ কৰা৷

ভাৰতৰ সকলো প্ৰান্তীয় ভাষাৰ ভিতৰত একমাত্ৰ অসমীয়া ভাষাতেই সৰ্বপ্ৰথমে গদ্য ৰচনা আৰম্ভ হৈছিল৷ আহোম যুগত ৰচিত বুৰঞ্জীৰ গদ্য আৰু ভট্টদেৱৰ কথা-গীতাৰ গদ্যই অসমীয়া ভাষাক অদ্বিতীয় গৌৰৱৰ অধিকাৰী কৰি থৈ গৈছে৷ সেই গৌৰৱময় পৰম্পৰা অক্ষুন্ন ৰাখি জোনাকী যুগৰ পৰা আৰম্ভ কৰি ৰামধেনু যুগআৰম্ভ হোৱাৰ আগলৈকে প্ৰায় অৰ্ধশতিকা ধৰি অসমীয়া গদ্যই বিৱৰ্তন আৰু বিকাশৰ পথত কেনেকৈ আগবাঢ়িছিল তাৰ এটা প্ৰামাণ্য বিৱৰণ দাঙি ধৰা হৈছে স্মৃতিৰেখা ভূঞাৰ অসমীয়া গদ্যৰীতি’  নামৰ এই সুলিখিত গৱেষণা গ্ৰন্থখনত৷ এই যুগৰ কেইজনমান শ্ৰেষ্ঠ গদ্যলেখকে অসমীয়া গদ্যক কেনেকুৱা নতুন ৰূপ দি তাক আধুনিক চিন্তা-চৰ্চাৰ শক্তিশালী মাধ্যমত পৰিণত কৰিছিল তাৰ নিদৰ্শনসূচক উদ্ধৃতিপূৰ্ণ বিৱৰণ আৰু বিশ্লেষণে কিতাপখনক ছাত্ৰ আৰু শিক্ষকৰ কাৰণে অত্যন্তই উপযোগী কৰি তোলাৰ উপৰি সাধাৰণ পাঠকৰ কাৰণেও তাক সুখপাঠ্য কৰি তুলিছে৷ নিঃসন্দেহে স্মৃতিৰেখা ভূঞাৰ এই কিতাপখন অসমীয়া সমালোচনা সাহিত্যৰ এটা মূল্যবান সম্পদ বুলি বিবেচিত হব৷

 

হোমেন বৰগোহাঞি

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...