AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

এটা পুৱাৰ এলিজী (Eta Puwar Eliji)

Rating: 0/5
Price of print book:₹ 90
Our Price:
₹ 70
Author নিপম কুমাৰ শইকীয়া (Nipam Kumar Saikia)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB72
Email
Share on Google+
Description

১৯৭৩ চনৰ ৩০ আগষ্টত জন্মগ্ৰহণ কৰা নিপম কুমাৰ শইকীয়াৰ এটা পুৱাৰ এলিজীপ্ৰাথমটো গল্প সংকলন৷ পুণে বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ শইকীয়া বৰ্তমানে বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰবক্তাৰূপে কৰ্মৰত৷ টাইমছ অব্ ইণ্ডিয়াকাকতত প্ৰবন্ধ-পাতি লিখাৰ উপৰি মহাৰাষ্ট্ৰ হেৰাল্ডত উপ-সম্পাদকৰূপে সাংবাদিকতা কৰা শইকীয়াৰ প্ৰথম গল্প প্ৰকাশ পাইছিল দ্য আছাম ট্ৰিবিউনকাকতত৷ পাছলৈ প্ৰান্তিক’, ‘গৰিয়সীআদি আলোচনীত ভালেকেইটা গল্প প্ৰকাশ পায়৷

নিপম কুমাৰ শইকীয়াৰ চুটিগল্পৰ বিষয়ে

সাম্প্ৰতিক অসমৰ নবীন গল্পকাৰসকলৰ ভিতৰত নিপম কুমাৰ শইকীয়া এটি উল্লেখযোগ্য নাম৷ তেওঁৰ কিছুসংখ্যক চুটিগল্প ইতিমধ্যে কেইবাখনো কাকত-আলোচনীত প্ৰকাশিত হৈছে৷ সংখ্যাত বেছি নহলেও নিপম শইকীয়াৰ চুটিগল্পবোৰৰ কেইবাটাও বৈশিষ্ট্য আমাৰ দৃষ্টিগোচৰ হৈছে৷ ইবোৰৰ ভিতৰত বিষয়বস্তুৰ বৈচিত্ৰ্যৰ কথাই সৰ্বপ্ৰথমে কব লাগিব৷ নিপমে তেওঁৰ গল্পৰ অৱলম্বনৰূপে এনে কিছুমান বিষয় বুটলি লৈছে, যিবোৰৰ মাজত জীৱন নামৰ বহুমাত্ৰিক প্ৰপঞ্চটোৰ অস্পৃষ্টপূৰ্ব অনেক দিশ প্ৰতিফলিত হৈছে৷ নিৰ্বাচিত বিষয়বস্তুৰ গভীৰতালৈ প্ৰৱেশ কৰিবলৈ আৱশ্যক হোৱা সুক্ষ্ম অন্তৰ্দৃষ্টিৰ পৰিচয় নিপম শইকীয়াৰ গল্পসমূহত পাঠকে সহজেই বিচাৰি পাব৷ তেওঁৰ গল্পৰ চৰিত্ৰসমূহক সজীৱ উপস্থাপন কৰোৱাত গল্পকাৰৰ মানৱীয় দৃষ্টিভংগীৰ সাৰ্থক প্ৰকাশ ঘটিছে৷ গল্পৰ চৰিত্ৰৰে গল্পকাৰৰ একাত্মবোধ ৰসোত্তীৰ্ণ সৃষ্টিৰ অন্যতম কাৰক হৈ উঠিছে৷ এটা পুৱাৰ এলিজীগল্পটোত এটি বঞ্চিত শিশুৰ মানসিক অৱস্থা অতিশয় বিশ্বাসযোগ্য ৰূপত অংকন কৰিবলৈ গল্পকাৰ সমৰ্থ হৈছে৷ সেইদৰে দৌৰৰ শেষতনামৰ গল্পত এজন চাকৰি প্ৰত্যাশী যুৱকৰ মোহভংগ ঘটাৰ বৃতান্ত দাঙি ধৰাত অভিনৱ টেক্‌নিক প্ৰয়োগ কৰি তেওঁ সফল হব পাৰিছে৷ শইকীয়াৰ অন্য এটি ৰসোত্তীৰ্ণ গল্প পুত্ৰসুখ৷ এইটো গল্পৰ মাজেৰেও গল্পকাৰৰ মননশীলতা প্ৰতিভাত হৈছে৷

ইংৰাজী সাহিত্যৰ তৰুণ অধ্যাপকজনে আন কেইবাটাও গল্পৰ মাধ্যমে অংগিক আৰু অভিনৱ বিষয়বস্তুৰ পৰীক্ষা-নিৰীক্ষা অব্যাহত ৰখা দেখি মই আহ্লাদিত হৈছোঁ৷ অদূৰ ভবিষ্যতে এই উদীয়মান গল্পকাৰজনৰ সৃষ্টিৰাজিয়ে অসমীয়া চুটিগল্পৰ ক্ষেত্ৰখনত এক নতুন মাত্ৰাৰ সংযোজন ঘটোৱাৰ প্ৰতিশ্ৰুতি তেওঁৰ অন্যান্য সাহিত্যকৃতিয়েও বহন কৰিছে৷ নিপম শইকীয়াৰ সাহিত্য সাধনালৈ আন্তৰিক শুভেচ্ছাৰে-

--সুমন্ত চলিহা

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...

Next Previous