AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

ব্ৰাহ্মণ্যবাদৰ ক'লীয়া ডাৱৰ আৰু অসম (Brahmanyabadar Kaliya Dawar Aaru Axom)

Rating: 5/5
Price of print book:₹ 170
Our Price:
₹ 140
Author ময়ূৰ বৰা (Mayur Bora)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB47
Email
Share on Google+
Description

ব্ৰাহ্মণ হল ভাৰতৰ হিন্দুসকলৰ এটা বৰ্ণ- যাৰ সামাজিক স্থিতি আটাইতকৈ উচ্চ৷ সকলো ব্ৰাহ্মণেই ব্ৰাহ্মণ্যবাদী চিন্তাৰে প্ৰভাৱান্বিত হোৱা বুলি ভবাটো শুদ্ধ নহয়৷ কাৰণ ব্ৰাহ্মণ্যবাদ হল মানুহৰ এক জীৱনচৰ্যা বা জীৱনধাৰা৷ শেষবৈদিক যুগত বৰ্ণাশ্ৰম ধৰ্মক মূল চালিকা শক্তি কৰি এচাম ব্ৰাহ্মণ পণ্ডিতে ৰাজনীতি,সমাজনীতি,ন্যায় ব্যৱস্থা আৰু দণ্ডনীতি সকলোৰে লগত ইয়াক সংপৃক্ত কৰাৰ ফলত সমাজত ব্ৰাহ্মণ্যবাদী ধাৰণ শক্তিশালীভাৱে গঢ় লৈ উঠিছিল৷ ভাৰতৰ বিভিন্ন অঞ্চলত এই ভাৱধাৰাৰ বিৰূপ প্ৰভাৱে সমাজৰ তথাকথিত নীচকুলীয়া লোকৰ জীৱন দুৰ্বিসহ কৰি তুলিছিল৷ অসমত ইয়াৰ কু-প্ৰভাৱ কিছু কাম আছিল যদিও এই ধাৰণাটোৱে সামাজিক শোষণৰ প্ৰক্ৰিয়াটোক বেছ মসৃণ কৰি ৰাখিছিল৷

আপেক্ষিকভাৱে অসমত প্ৰভাৱ কম হলেও তাৰ স্বৰূপ উপলব্ধিৰ বাবে এই গ্ৰন্থত উল্লেখ থকা দুটা মাত্ৰ উদাহৰণেই যথেষ্ট হব- কিছুসংখ্যক ব্ৰহ্ম সংহতিৰ সত্ৰাধিকাৰে শংকৰদেৱৰ দেৱউপাধিটো সলাই শংকৰ আতা কৰিব লাগে বুলি কৈছিল৷ তেওঁলোকৰ মতে জন্মসূত্ৰে ব্ৰাহ্মণ নহলে দেৱউপাধি কনেও লব নোৱাৰে৷ আউনীআটী সত্ৰৰ এজন সত্ৰাধিকাৰ হেমচন্দ্ৰ গোস্বামীয়ে কোনো তোৰণত জয় গুৰু শংকৰলিখা থাকিলে তাৰ তলেদি পাৰ নহৈছিল৷ তেওঁৰ ভয়, তেনে কৰিলে তেওঁৰ গাত থকা ব্ৰাহ্মণত্বহ্ৰাস হব৷ দক্ষিণপাট সত্ৰত আকৌ শংকৰদেৱ-মাধৱদেৱৰ নামত গৰু পুহিছিল৷ কোনোবাই এই বিষয়ে প্ৰশ্ন কৰোঁতে সত্ৰাধিকাৰ শুভ্ৰদেৱ গোস্বামীৰ যুক্তি আছিল- গৰু হল ব্ৰাহ্মণৰ লগৰ বস্তু আৰু সেয়েহে তেনেকৈ মতাটোত শংকৰ-মাধৱৰ দৰে শূদ্ৰৰ ক্ষেত্ৰত শাস্ত্ৰৰ পিনৰ পৰা একো বাধা-নিষেধ নাই৷

এনে অনেক উদাহৰণ আৰু ব্যাখ্যাৰে পূৰ্ণ এই গৱেষণাধৰ্মী গ্ৰন্থত ময়ূৰ বৰাই উন্মোচিত কৰিছে ব্ৰাহ্মণ্যবাদৰ ভালেমান অতীত কলা অধ্যায়৷ বিষয়বস্তু আৰু আয়োজনৰ দিশেৰে এই গ্ৰন্থই নিশ্চিতভাৱে মৌলিকতা দাবী কৰিব পাৰে৷

Reviews

এনে এটা app বহু দিনৰ পৰা বিচাৰি আছিলো । আজি বিচা....
Gouri sankar
More reviews

Related Books

Customers who bought this also bought ...

Next Previous