AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

আগন্তুক (Aagantuk)

Rating: 5/5
Price of print book:₹ 80
Our Price:
₹ 55
Author হৰেকৃষ্ণ ডেকা (Harekrishna Deka)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB01
Email
Share on Google+
Description

আগন্তুক। অৰ্থ- সম্ভাৱনা থকা, ব লগা, ঘটিব লগীয়া। কিন্তু চলিত গ্ৰন্থমেলাত প্ৰকাশ পোৱা কবি, গল্পকাৰ, সমালোচক হিচাপে খ্যাতি থকা, ভাৰতীয় আৰক্ষী সেৱাৰ অৱসৰপ্ৰাপ্ত উচ্চপদস্থ বিষয়া, হৰেকৃষ্ণ ডেকাৰ আগন্তুককেনে সম্ভাৱনাৰ ইংগিত? ‘আগন্তুকৰ মাজেৰে পাব পাৰি নেকি ডেকাৰ নতুন পৰিচয়ৰ সম্ভাৱনা?

 ‘তেইশৰ উপকণ্ঠত বৰ্ষানামৰ হৰেকৃষ্ণ ডেকাৰ অন্যতম উচ্চ প্ৰশংসিত কবিতাটোৰ এটা উল্লেখনীয় পংক্তি হৈছে- ৰহস্যৰ দুৰ্বাৰ  আকৰ্ষণ৷বলৈ গলে ৰহস্য-কাতৰ এটা মন কবি হৰেকৃষ্ণ ডেকাৰ মাজত সততে সক্ৰিয়। অসমীয়া কবিতাত সম্পূৰ্ণ নতুন ধাৰা এটাৰ সৃষ্টি কৰা কবিগৰাকীয়ে সেইবাবেই তুলনামূলক কম বয়সতে ১৯৮৮ চনত আন এজনকাব্য গ্ৰন্থৰ বাবে লাভ কৰিছিল সাহিত্য একাডেমি বঁটা। ডেকাৰ অধ্যয়নৰ পৰিধি বিশাল। এই অধ্যয়নেই তেখেতক উৎসাহিত কৰিছিল সাহিত্য সমালোচনাৰ বাবে। নতুন দৃষ্টিভংগীৰ বাবেই ডেকাৰ সমালোচনাকো বিশেষ মান্যতা প্ৰদান কৰি অহা হৈছে। এদিন কবিতাৰ লগে লগে গল্প লিখাত মনোযোগী হল ডেকা। সমাজ জীৱনক অতি ওচৰৰ পৰা পৰ্যবেক্ষণ কৰা তেখেতৰ গল্পক পঢ়ুৱৈ সমাজে আদৰি লোৱাই নহয় সমালোচকৰ দ্বাৰাও লাভ কৰিলে উচ্চ প্ৰশংসা। সৰ্বভাৰতীয় কথাসন্মানেৰে বিভূষিত হল ডেকাৰ গল্প। যাত্ৰাৰ তাতেই শেষ হোৱা নাই। কবি-সমালোচক-গল্পকাৰ পৰিচয়েৰে খ্যাতি অৰ্জন কৰা ডেকাই চাকৰি জীৱনৰ পৰা অৱসৰৰ পিছত এই প্ৰথমবাৰলৈ আত্মপ্ৰকাশ কৰিছে ঔপন্যাসিকৰূপে।

 

 ‘আগন্তুকনিসন্দেহে ডেকাৰে নতুন পৰিচয়ৰ বতৰা। আগন্তুকএকে সময়তে প্ৰেমকাহিনী আৰু কল্পবিজ্ঞান অভিযান, জীৱনৰ ৰহস্য আৰু পৃথিৱীৰ ভৱিষ্যত সম্পৰ্কীয় প্ৰশ্নৰ বিচাৰ। নিসন্দেহে এনে এক কাঠামোৰ উপন্যাসক অসমীয়া সাহিত্যতে অসাধাৰণ সংযোজন বুলি অভিহিত কৰিব পাৰি। বাতৰি কাকতৰ কাৰ্যালয় এটাত আৰম্ভ হোৱা উপন্যাসৰ শেষো হৈছে কাকতৰ কাৰ্যালয়তে। কিন্তু তাৰ মাজতে সৰু উপন্যাসখনতে যি বিচিত্ৰ পৰিৱেশ পৰিস্থিতিৰ সমাহাৰ ঘটিছে, সিয়ে নতুন বছৰৰ প্ৰাকক্ষণত অসমীয়া সাহিত্যৰ বাবেও নতুনত্বৰ বতৰা আনিছে। হয়তো আগন্তুক বছৰতে বহু প্ৰকাশক তথা কাকত-আলোচনীৰ সম্পাদক ডেকাৰ কাষ চাপিব কবিতা গল্প নহয়- উপন্যাস বিচাৰি!

Reviews

i mis da font in my mble.....
bijoy bezbaruah
More reviews

Related Books

Customers who bought this also bought ...