AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

নীলা নৈ (Neela Noi)

Rating: 0/5
Price of print book:₹ 180
Our Price:
₹ 150
Author অপৰ্ণা গোস্বামী (Aparna Goswami)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB03
Email
Share on Google+
Description

১৯৯৬ আৰু ১৯৯৮ চন। এচাম উন্মত্ত মানুহৰ হাতত প্ৰাণ হেৰুৱাবলগা হৈছিল নামনি অসমৰ বহু আদিবাসী লোকে। সেই শিহৰণকাৰী হত্যাকাণ্ড আৰু পৰৱৰ্তী সময়ত শৰণাৰ্থী হিচাপে জীৱন নিৰ্বাহ কৰা শতাধিক পৰিয়ালৰ মমৰ্ন্তুদ জীৱন সংগ্ৰামৰ কাহিনীৰেই উপন্যাস ৰূপ নীলা নৈ। উপন্যাসখনত বৰ্ণিত হৈছে গোষ্ঠী সংঘাতৰ পৰৱৰ্তী সময়ত শৰণাৰ্থী মানুহখিনিৰ আলৈ-আহুকাল আৰু চৰকাৰী ব্যৱস্থাটোৰ দুঃসহ অৱহেলা আৰু সস্তীয়া ৰাজনীতিৰ কথা। ঔপন্যাসিকৰ উপস্থাপনৰ চমৎকাৰিত্ব আৰু ভাষাই উপন্যাসখনৰ বিষয়বস্তুক ভয়াৱহ দিনবোৰৰ প্ৰতিবেদন কৰি নাৰাখি, এক মানৱীয় আৱেদনেৰে সিক্ত সাধাৰণ মানুহৰ জীৱনগাথালৈ পযৰ্বসিত কৰিছে

........

হৰেকৃষ্ণ ডেকা

বিষয়বস্তুৰ আধাৰ সাম্প্ৰতিক সময়ৰ অসমৰ গোষ্ঠীসংঘর্ষৰ এক কৰুণ অধ্যায়। মূল ঘটনা যদিও কাল্পনিক, বাস্তৱ তথ্যক বিকৃত নকৰাকৈ কাহিনীভাগৰ আধাৰ কৰি লোৱা হৈছে। ছিন্নমূল এখন আদিবাসী গাঁৱৰ গাঁওবাসীৰ জীৱন সংগ্ৰাম দেখুওৱা হৈছে  তেওঁলোকে চৰকাৰী মাটিত বাসভূমি বিচাৰি কৰা ব্যৰ্থ প্ৰচেষ্টা আৰু তাৰ কৰুণ পৰিণতিৰ মাজেৰে। এই ঠেৰুছিগা সমাজখনৰ একমাত্ৰ শিক্ষিত ব্যক্তি নিমু মাষ্টাৰ ইয়াৰ প্ৰধান চৰিত্ৰ আৰু তেওঁৰ সহমৰ্মী তিনিটা আন চৰিত্ৰৰ জীৱনচিত্ৰৰ মাজেৰে সংঘাতৰ স্বৰূপ উদঘাটন কৰিবলৈ চেষ্টা কৰা হৈছে।

ড০ হীৰেন গোহাঁই

নীলা নৈগোষ্ঠীসংঘষৰ্ৰ অন্যায় আৰু হিংসাই মূলোচ্ছেদ কৰা আৰু নিষ্ঠুৰভাৱে বিধ্বস্ত কৰা এটা বিশেষ জনগোষ্ঠীৰ একাংশ মানুহৰ অসহায় বেদনাৰ প্ৰতিফলন। তেওঁলোকে বহুদিন ধৰি চৰকাৰৰ পৰা প্ৰাপ্য সকাহ আৰু সমাধানৰ আশা কৰিও, শেষত দুৰ্নীতিগ্ৰস্ত আৰু জাতীয় উচ্চাত্মিকাত ওফন্দি থকা আমোলাৰ অৱহেলাৰ ফলত নিৰাশ হয়। তেওঁলোকৰ মাজত ডেকাবিলাক অধৈৰ্য আৰু বিবেচক বয়সক নেতৃত্বৰ প্ৰতি অবিশ্বাসী আৰু বিদ্ৰোহী হৈ, তেওঁলোককে ত্ৰোধান্ধ হৈ হত্যা কৰে। ভাৰতৰ তথাকথিত সমাজ ব্যৱস্থা আৰু ৰাজনীতিৰ চুকে-কোণে পুঞ্জীভূত হৈ থকা হতাশা দুখ-বেদনা আৰু মানৱতাৰ অৱমাননা কাহিনীত বিশ্বাসযোগ্য আৰু জীৱন্ত ৰূপত ধৰা পৰিছে। এইপিনৰ পৰা এইখন যথাৰ্থ উপন্যাস।

অপূৰ্ব শৰ্মা

জনগোষ্ঠীয় সংঘাত, উৎপীড়ন আৰু বিতাড়নৰ আজিৰ জটিল মানৱীয় সমস্যা, উদ্বাস্তুৰ মানৱীয় অধিকাৰ-চ্যুতিৰ কৰুণ জ্বলন্ত সমসাময়িক সমস্যাক বিষয়বস্তু কৰি লৈও ইয়াক উপন্যাসৰ কাঠামোত গঢ় দিব পৰা নগল। বাস্তৱ-তথ্য আৰু সত্য-সাদৃশ্যতা থকা সত্ত্বেও ই এক ৰিপৰ্টাজ ধৰণৰ বিবৃতি হৈ ৰল ৷

 

মাজে মাজে যন্ত্ৰণাত কেঁকাই উঠাৰ বাহিৰে চাঙীৰ মানুহটোৱে বেছিভাগ সময় সাৰ-সুৰ নোহোৱাকৈয়ে পৰি আছিল। মানুহটোৰ কেঁকনি-গেঠনি বেছি হলেই, কাষে কাষে গৈ থকা মানুহজনীৰ কান্দোনৰ মাত্ৰা চৰি যায়। আধা কটা ডিঙি এটা লৈ মানুহটো কিমান সময় জীয়াই থাকিব সেইটো কোৱা টান। তথাপি অকলশৰে মৰিব দিয়াতকৈ যি হয় নিজৰ চকুৰ আগতে ..!

অকল এই মানুহটোৱেইনে! দলটোত জখমী মানুহ যেন ভৰিহে পৰিছিল। লৰা-ছোৱালী, মতা-মাইকী, বুঢ়া-বুঢ়ী। নিশাৰ ভয়ানক আক্ৰমণত থাউনি হেৰুওৱা মানুহজাকৰ দুখ-দুর্গতিৰ যেন কোনো অন্ত নাছিল। সৌৱা পিঠিত ভয়ানক আঘাতৰ বীভৎস ক্ষত লৈ, কোনোমতে জীয়াই থকা তিনি-চাৰি বছৰীয়া লৰা এটাই মাকৰ কান্ধত শৰ দৰে পৰি আছে। দূৰৈৰ পৰা চালে ধৰিব নোৱাৰি মাকজনীয়ে জীয়াই থকা পুত্ৰক কঢ়িয়াইছে, নে পুত্ৰৰ শ কঢ়িয়াইছে। সিফালে হাতৰ টাঙোনত ভৰ দি কোনোমতে খুপি খুপি আগবঢ়া বুঢ়া এটাৰ বাওঁচকুৰ ওপৰেদি কপালত গামোচা এখনৰ বান্ধ। তেজেৰে টেপটেপীয়া গামোচাখনৰ তলেদি চকুপানীৰ দৰে তেজৰ ধাৰ। অলপ অচৰপ আহত মানুহখিনিৰ কথা বাদেই, হাত-ভৰিত গুলী লাগি বেয়াকৈ আহত মানুহবোৰেও শৰীৰে নাটানিলেও উপায়হীন অৱস্থাত, কোনোমতে আৰ-তাৰ গাত ধৰি আগবাঢ়িছিল ৷

 

অপৰ্ণা গোস্বামী সাহিত্য জগতত নতুন নাম। এক অৰ্থত- নীলা নৈ - এই প্ৰথমখন উপন্যাসেৰেই তেওঁ সাহিত্যজগতত কৰিছে সবল আৰু বিশেষত্বপূৰ্ণ আত্মপ্ৰকাশ। অপৰ্ণা গোস্বামীৰ জন্ম ১৯৮৩ চনত বৰপেটাত। ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰীধাৰী অপৰ্ণাই স্কুলীয়া দিনৰ পৰাই লেখা-মেলাত জড়িত হৈ আছিল। গোস্বামীয়ে সম্প্ৰতি ৰঙিয়াৰ ছিমবায়ছিছ একাডেমীত বিষয় শিক্ষয়িত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে ৷

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...