Rating: 5/5
Our Price: ₹ 60 |
|
||||||||||||||||
|
লেখকৰ মতে এই উপন্যাসখন অসমৰ সৃষ্টিশীল সাহিত্যজগতৰ কিংবদন্তিস্বৰূপ সাহিত্যিক সৌৰভ কুমাৰ চলিহাৰ ‘অশান্ত ইলেকট্ৰন’ গল্পটোৰ বুকুৰ পৰা লেখকে উঠাই আনিছে তিনিটা চৰিত্ৰ—নিখিল, ৰঞ্জন আৰু যতিবাবুক৷
‘অশান্ত ইলেকট্ৰন’ৰ নিখিল আৰু ৰঞ্জনৰ বয়স আজি প্ৰায় আশী বছৰ হ’লহেঁতেন আৰু যতিবাবুৰ বয়স নব্বৈ বছৰ! কিন্তু ‘কাহিনী’ উপন্যাসত তেওঁলোকৰ বয়স বঢ়া নাই৷ তেতিয়াৰ সেই চৰিত্ৰ তিনিটাক আনি সাম্প্ৰতিক অসমৰ পর্যুদস্ত সমাজত প্ৰতিস্থা কৰি লেখকে পৰীক্ষা কৰি চাইছে আজি নিখিল, ৰঞ্জন আৰু যতিবাবু কি কৰিলেহেঁতেন –কেনে হ’লহেঁতেন তেওঁলোকৰ চিন্তা, কথা-বতৰা, কাম-কাজ, ব্যৱহাৰ…
সেই তিনিটা চৰিত্ৰক কেন্দ্ৰত লৈ তাৰ চাৰিওফালে আন বহুকেইটা অভিনৱ চৰিত্ৰৰ সমাহাৰেৰে লেখকে নির্মাণ কৰি উলিয়াইছে এক অনবদ্য সাহিত্যৰ ছেটায়াৰ—বক্ৰোক্তি, শ্লেষ, ক্ৰোধ মিশ্ৰিত ব্যংগৰে উদ্ভাসিত কৰি তুলিছে আমাৰ সাম্প্ৰতিক জীৱন৷ সাম্প্ৰতিক অসমীয়া সাহিত্যৰ এজন শ্ৰেষ্ঠ কাহিনীকাৰ, গদ্যশিল্পী, ইতিহাস সচেতন ঔপন্যাসিক ড° ধ্ৰুৱজ্যোতি বৰাৰ এই ‘ছেটায়াৰ’ উপন্যাসত প্ৰাণ পাই উঠিছে এক নতুন আৰু আকর্ষণীয় কাহিনী, বিস্ময়কৰ চৰিত্ৰায়ণ আৰু মানুহক ভবাই তুলিব পৰা এক অনুপম সাহিত্য কর্ম৷
The intended recipient will get an e-mail letting him/her know you've gifted the book.
The mail will contain detailed instructions on the steps to be followed .
Name : | |
Email : | |