AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

ভিক্ষাৰ পাত্ৰ ভাঙি (Bhikshar Patra Bhangi)

Rating: 0/5
Price of print book:₹ 40
Our Price:
₹ 25
Author মামণি ৰয়চম গোস্বামী (Mamoni Raisom Goswami)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS27
Email
Share on Google+
Description

ভিক্ষাৰ পাত্ৰ ভাঙি (Bhikshar Patra Bhangi)

কিন্তু অলপ সময়হে; বুট জোতাৰে গোৰ মাৰি কোনোবাই দুৱাৰ খুলি পেলালে৷ তাইৰ সন্মুখত পানীৰে জুৰুলি-জুপুৰি হোৱা এক হিংস্ৰ জন্তুৰ দৰে উপস্থিত হল হাতত বন্দুক লোৱা এটা সৈনিক৷

     সৈনিক!

     হয়! হয়! সৈনিক!

হাতত বন্দুক৷ শৰীৰৰ পৰা বাগৰি পৰা পানীৰে পুলিটোৰ মজিয়াখন চপ্চপীয়া হৈ গল৷

হয় হয়, এয়া পল্টনৰ সাজ-পোছাক, মূৰত টুপী, হাতত বন্দুক৷ বোকামাটিৰে লপ-থপ হোৱা জোতা!...তাইক সি দেখা পালে৷ তৎক্ষণাত সি দুৱাৰ জপালে৷ লগে লগে বন্দুকটো বেৰত আঁউজাই মুখেৰে বিৰ্‌বিৰাই কিবা এটা কব খুজিলে৷ নাই নাই, তাইৰ ওপৰত কোনো আক্ৰমণ কৰা নাই৷ হিংস্ৰ ধর্ষণকাৰীৰ কোনো ভাবেই নাই৷ বৰ বিপদত পৰা মানুহৰ দৰে মুখৰ ভাব!...বৰষুণৰ হিৰ-হিৰণি তেতিয়াও কমা নাছিল৷ ভয়ত থৰ-থৰকৈ কঁপি তাই মাথোঁ এটা কথাই ভাবিছিল৷ দুৱাৰৰ ওচৰত থিয় হব পাৰিলে তাই পলাব পাৰিব৷ নাই নাই, এতিয়া কোনো মতেই সম্ভৱ নহয়৷ সৌৱা একেবাৰে জবৰজং মানুহটো একেবাৰে দুৱাৰমুখত থিয় হৈ আছে ! কি কৰে এয়া ? সৌৱা সি বুট জোতাযোৰ খুলিলে৷ পানীৰে তিতি গাতে লাগি ধৰা ওপৰৰ চোলাটোও খুলিলে৷ তাৰ পাছত এই বস্তুবোৰ বন্দুকৰ নলীৰে ঠেলি ঠেলি তাইৰ পিনে আগুৱাই দি আকাৰে ইংগিতে তাইক কিবা এটা কলে৷

 

মামণি ৰয়ছম গোস্বামীৰ এই ৰচনাত পঢ়ক পাগলী সন্তান, উগ্ৰপন্থী পুত্ৰ সহিত সমাজে দুখ দিয়া দৰিদ্ৰ বিধৱা মানুহ এগৰাকীৰ জীৱনৰ কথা৷

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...

Next Previous