AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

তেজ আৰু ধুলিৰে ধুসৰিত পৃষ্ঠা (Tej Aaru Dhulire Dhusarita Pristha)

Rating: 0/5
Price of print book:₹ 180
Our Price:
₹ 150
Author মামণি ৰয়চম গোস্বামী (Mamoni Raisom Goswami)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS32
Email
Share on Google+
Description

দেশৰ অৱস্থা বৰ ভাল নহয়৷ কালি পাঞ্জাৱৰ ডি.আই.জি. আটোৱাল চাহাবক অমৃতসৰ স্বর্ণ মন্দিৰৰ চিৰিৰ ওপৰত আতংকবাদীয়ে গুলীয়াই হত্যা কৰিলে৷ আটোৱালৰ গুলিৰে নেফানেফ হোৱা শৰীৰ কর্ফাল খাই পৰি আছিল৷ হাতত লৈ অহা চুজিৰ প্ৰসাদ ছিটিকি পৰিছে৷ তেওঁৰ মূৰ আৰু বুকুৰ পৰা ফোৱাৰাৰ দৰে বাহিৰ হৈ অহা তেজৰ সুঁতি চিৰি বগাই তললৈ বৈ গৈছে৷

……….

এই সময়ত যৱৰ পৰা তৈয়াৰ কৰা এক জগ সাংগত চাৰে তিনি টকা দাম আছিল৷ আজিকালি ছয় টকালৈ উঠিছে৷ গিলাচে প্ৰতি ডেৰ টকালৈ উঠিছে৷ মানুহে কয় ইয়াৰ চোক হুইস্কিতকৈও অধিক৷ যৱ এৰি এতিয়া তিব্বতীহঁতে ঘেঁহুৰ পৰাও সাংগ তৈয়াৰ কৰিবলৈ আৰম্ভ কৰিছে৷ ছাত্ৰসকলেও এইপিনে অহাযোৱা কৰা দেখি, মানুহে এই আড্ডা বন্ধ কৰিব লাগে বুলি দাবী কৰিছিল৷ চৰকাৰে এটা আবকাৰী ইন্সপেক্টৰক ভূ-ভা লবলৈ পঠিয়াইছিল৷ ইন্সপেক্টৰে খুপৰীত বহি তিব্বতীহঁতৰ লগত তিনি ভাগ সাংগ শেষ কৰিলে৷ যাবৰ সময়ত তিব্বতীহঁতৰ লগত হাত মিলাই কৈ গ—‘সাংগ স্বাস্থ্যৰ বাবে হানিকৰ নহয়৷

…..

চাৰি জুন, ১৯৮৪, স্বর্ণ মন্দিৰৰ ভিতৰলৈ ইতিমধ্যে ভাৰতীয় সেনা সোমাল৷

      গুলীয়াগুলিৰ খবৰ আমি পুৱাৰ পৰা শুনি আছিলোঁ৷ এক দুখদায়ক আৰু যন্ত্ৰণাময় যুদ্ধৰ খবৰ পাই আছিলোঁ৷ বাৰে বাৰে সেনাধ্যক্ষৰ এক বাণী প্ৰচাৰ হৈ আছিল যে হৰমিন্দৰ চাহাবৰ কোনো ক্ষতি নকৰাকৈ আমি উগ্ৰবাদীসমূহক বাহিৰলৈ উলিয়াই আনিব পাৰিম৷ কিন্তু সঁচা কথা কবলৈ গলে আমাৰ সকলোৰে সন্দেহ বাঢ়ি আহিছিল৷

…………

তাৰ পিছত গপ্‌গপ্‌কৈ ওপৰলৈ উঠি গলোঁ৷ চাপৰ অন্ধকূপৰ দৰে লগা খুপৰি এটাৰ সন্মুখত মই থিয় হলোঁ৷ সাত-আঠজনী বেশ্যা কাঠৰ বেঞ্চি এখনত বহি আছে৷ দুজনীমানে বেৰত আঁউজি থিয় হৈ আছে৷

………..

মামণি ৰয়ছম গোস্বামীৰ কলমৰ পৰা নিৰ্গত এই সুখপাঠ্য ৰচনাত পাব সেই সময়ৰ দিল্লীৰ বৰ্ণনা, দিল্লীৰ পুৰণি ইতিহাস, নিজৰ জীৱনৰ বহু কথা, শিখ হত্যাকাণ্ড আৰু আন বহুতো কথা৷

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...