AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

কীৰ্ত্তন (Kirtan)

Rating: 0/5
Price of print book:₹ 150
Our Price:
₹ 80
Author মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ (Mahapurush Srimanta Sankardeva)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS46
Email
Share on Google+
Description

কীর্ত্তন  (কীর্ত্তন-ঘোষা)

জগদ্‌গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ কীর্ত্তন-ঘোষাকামৰূপীয় বৈষ্ণৱ সম্প্ৰদায়ৰ মূল গ্ৰন্থ৷ নিত্যপ্ৰসঙ্গ, পালনাম আদি এই শাস্ত্ৰৰ সহায়েৰে কৰা হয়৷ মূল পুথিখন ৰচিত হৈছিল প্ৰাচীন কামৰূপী ভাষাত৷ এই ভাষাৰ মূল আছিল ব্ৰজাৱলী, যাৰ সতে উৰীয়া, মৈথেলী আৰু প্ৰাচীন বঙ্গভাষাৰ মিল বহুতো বেছি৷

 

কীর্ত্তন ঘোষা শ্ৰীশ্ৰীশঙ্কৰদেৱৰ বিভিন্ন সময়ত বিভিন্ন ঠাইত ৰচনা কৰা কীর্ত্তন-বোৰৰ সমষ্টি৷ শ্ৰীশ্ৰীশঙ্কৰদেৱৰ জীৱিতকালত এইবোৰ থুপাই একেলগে কৰিব পৰা হোৱা নাছিল৷ ই থুপ খাই শ্ৰীশ্ৰীমাধৱদেৱৰ শেষকালত৷ শ্ৰীশ্ৰীমাধৱদেৱে তেওঁৰ ভাগিনীয়েক কীর্ত্তন খণ্ডবোৰ থুপাবলৈ কয়৷ এই খণ্ডবোৰ ঠায়ে ঠায়ে আছিল৷ হাজো, বৰনগৰ, বৰপেটা, কালজাৰ, ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰ (কামৰূপ, গোৱালপাৰা জিলা), আৰু উজনিৰ আহোম ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা ভাগিনীয়েক ৰামচৰণ ঠাকুৰে প্ৰায় এবছৰকাল ফুৰি এইবোৰ সংগ্ৰহ কৰি থুপাই শ্ৰীশ্ৰীমাধৱদেৱক কোচবিহাৰত গৈ দিয়ে৷ শ্ৰীশ্ৰীমাধৱদেৱে সিবোৰ যত যি থাকিব লাগে তেনেদৰে ঠিকঠাক কৰি নকল কৰিবলৈ মানুহ লগায়৷ তেতিয়াৰ পৰাহে কীর্ত্তন ঘোষা পূর্ণাঙ্গ পুথি হৈ পৰিল (পদ ১৫৭৪-১৫৮৬, গুৰু-চৰিত, দৈত্যাৰি ঠাকুৰ-দত্তবৰুৱা সংস্কৰণ)৷

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...

Next Previous