Rating: 5/5
Our Price: ₹ 80 |
|
||||||||||||||||
|
কীর্ত্তন (কীর্ত্তন-ঘোষা)
জগদ্গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ ‘কীর্ত্তন-ঘোষা’ কামৰূপীয় বৈষ্ণৱ সম্প্ৰদায়ৰ মূল গ্ৰন্থ৷ নিত্যপ্ৰসঙ্গ, পালনাম আদি এই শাস্ত্ৰৰ সহায়েৰে কৰা হয়৷ মূল পুথিখন ৰচিত হৈছিল প্ৰাচীন কামৰূপী ভাষাত৷ এই ভাষাৰ মূল আছিল ব্ৰজাৱলী, যাৰ সতে উৰীয়া, মৈথেলী আৰু প্ৰাচীন বঙ্গভাষাৰ মিল বহুতো বেছি৷
কীর্ত্তন ঘোষা শ্ৰীশ্ৰীশঙ্কৰদেৱৰ বিভিন্ন সময়ত বিভিন্ন ঠাইত ৰচনা কৰা কীর্ত্তন-বোৰৰ সমষ্টি৷ শ্ৰীশ্ৰীশঙ্কৰদেৱৰ জীৱিতকালত এইবোৰ থুপাই একেলগে কৰিব পৰা হোৱা নাছিল৷ ই থুপ খাই শ্ৰীশ্ৰীমাধৱদেৱৰ শেষকালত৷ শ্ৰীশ্ৰীমাধৱদেৱে তেওঁৰ ভাগিনীয়েক কীর্ত্তন খণ্ডবোৰ থুপাবলৈ কয়৷ এই খণ্ডবোৰ ঠায়ে ঠায়ে আছিল৷ হাজো, বৰনগৰ, বৰপেটা, কালজাৰ, ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰ (কামৰূপ, গোৱালপাৰা জিলা), আৰু উজনিৰ আহোম ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা ভাগিনীয়েক ৰামচৰণ ঠাকুৰে প্ৰায় এবছৰকাল ফুৰি এইবোৰ সংগ্ৰহ কৰি থুপাই শ্ৰীশ্ৰীমাধৱদেৱক কোচবিহাৰত গৈ দিয়ে৷ শ্ৰীশ্ৰীমাধৱদেৱে সিবোৰ য’ত যি থাকিব লাগে তেনেদৰে ঠিকঠাক কৰি নকল কৰিবলৈ মানুহ লগায়৷ তেতিয়াৰ পৰাহে কীর্ত্তন ঘোষা পূর্ণাঙ্গ পুথি হৈ পৰিল (পদ ১৫৭৪-১৫৮৬, গুৰু-চৰিত, দৈত্যাৰি ঠাকুৰ-দত্তবৰুৱা সংস্কৰণ)৷
The intended recipient will get an e-mail letting him/her know you've gifted the book.
The mail will contain detailed instructions on the steps to be followed .
Name : | |
Email : | |