Rating: 5/5
Our Price: ₹ 50 |
|
||||||||||||||||
|
নামঘোষা
শ্ৰীশ্ৰীমাধৱদেৱৰ ‘নাম-ঘোষা’ “কীৰ্ত্তন ঘোষা” ৰ দৰেই কামৰূপীয় বৈষ্ণৱ সম্প্ৰদায়ৰ আন এক মূল গ্ৰন্থ৷ নিত্যপ্ৰসঙ্গ, পালনাম আদি এই দুই শাস্ত্ৰৰ সহায়েৰে কৰা হয়৷
ষোড়শ শতিকাত ৰচিত নাম ঘোষা অসমীয়া ভাষাৰ সর্বাধিক জনপ্ৰিয় প্ৰাচীন সাহিত্য৷ ইয়াৰ উপৰি ভাগৱতী বৈষ্ণৱ ধর্মপন্থাৰ অনুগত লেখা-পঢ়া জনা-নজনা, স্বাক্ষৰ-নিৰক্ষৰ সকলোলোকৰ মনত এইখন পুথি পৰম পৱিত্ৰ৷ ইয়াক থাপনাত থোৱা হয়, ইয়াৰ ঘোষা পদবোৰ ধর্মীয় অনুষ্ঠানত ভক্তিভাৱে সুপ্ৰণালী তথা সুপদ্ধতিবদ্ধভাৱে পাঠ, শ্ৰৱণ আৰু কীর্ত্তন কৰা হয়৷
বিভিন্ন হিন্দুশাস্ত্ৰ, পুৰাণ আদিৰ পৰা লোৱা কাহিনী আৰু শ্ৰীশ্ৰীমদ্ভাগৱত বা ভাগৱত পুৰাণৰ অর্ন্তনিহিত দর্শনক এইখন পুথিত শ্ৰীশ্ৰীমাধৱদেৱে সাৱলীলতা, ছন্দময়, শব্দচয়ন আৰু অতি উচ্চমানৰ কলা-সুলভ পৰিবেশন কৌশলেৰে সাধাৰণ মানুহ, পাঠক আৰু শ্ৰোতাৰ সহজ বোধগম্য কৰি তুলিছে৷ ইয়াৰ ঘোষা পদবোৰ সকলোৰে মুখে মুখে৷ মুঠতে আজি প্ৰায় পাঁচশ বছৰধৰি চিৰনতুন হৈ থকা নাম ঘোষা অসমীয়া সাহিত্যৰ উজ্জ্বল চানেকী৷
The intended recipient will get an e-mail letting him/her know you've gifted the book.
The mail will contain detailed instructions on the steps to be followed .
Name : | |
Email : | |