AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

চোৱা পীতাম্বৰ শ্যামবৰণ মেঘ উৰে (Chowa Peetambar Shyambaran Megh Ure)

Rating: 0/5
Price of print book:₹ 240
Our Price:
₹ 220
Author জীৱন নৰহ (Jeevan Narah)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB04
Email
Share on Google+
Description

অসমৰ জনজাতীয় লোকসকলৰ দ্বি-সাংস্কৃতিক স্থিতি; বৈষ্ণৱ সংস্কৃতি আৰু স্বকীয় জনজাতীয় সংস্কৃতি উভয়ৰ উপস্হিতিত গঢ় লোৱা দ্বৈত চেতনাৰ পৰিমণ্ডলক বিষয়বস্তু হিচাপে লৈ ৰচিত চোৱা পীতাম্বৰ শ্যাম বৰণ মেঘ উৰেউপন্যাসখন বহু দিশৰ পৰা একক আৰু অনন্য৷ স্বৰাজোত্তৰ ভাৰতত, অসমৰ আপাততঃ নিস্তৰংগ, পৰম্পৰাগত নীতি-নিয়মেৰে চলি অহা নদীকেন্দ্ৰিক মিচিং গাওঁ এখনৰ জনজাতীয় ৰাইজৰ চিন্তা-চেতনাত ঢৌ তোলা দুটা ঘটনা হল- গেলাবিল নৈৰ ওপৰত দলং নিৰ্মাণৰ জৰিয়তে বৰ্হিজগতৰ সান্নিধ্যৰ বাট মুকলি আৰু নায়ক পীতাম্বৰৰ নামঘৰ সজাৰ সিদ্বান্তৰ জৰিয়তে উত্তৰণ আৰু সমন্বয়মুখী চিন্তা৷ এই দুটা ঘটনাই জনজাতীয় সমাজখনলৈ কঁঢ়িয়াই অনা ব্যক্তি আৰু ব্যক্তিৰ দ্বন্দ, ব্যক্তি আৰু সমাজৰ শংকা আৰু সংঘাত, আৰু আনফালে সমন্বয় আৰু অগ্ৰগতিৰ বাৰ্তাক কেন্দ্ৰ কৰি গ্ৰথিত মৰ্মস্পৰ্শী কাহিনীটো বৰ্ণিত হৈছে জনজাতীয় লোকমনৰ দৃষ্টি আৰু ব্যাপ্তিৰে ৷ উপন্যাসখন এফালৰ পৰা মিচিং ব্যক্তি আৰু সমাজ-সংস্কৃতিৰ জীৱন্ত আলেখ্য, একেসময়তে বৈষ্ণৱ চেতনাৰেও স্নাত আৰু মানুহৰ চিৰন্তন উত্তৰণ-আকাংক্ষা আৰু ত্যাগৰ চানেকিৰে উজ্বল৷

 

হৰেকৃষ্ণ ডেকা

উপন্যাসৰ আৰম্ভণিতে লেখকে উপন্যাসৰ আধাৰ সত্য ঘটনাৰ ওপৰত নিৰ্ভৰশীল বুলি ইংগিত দিছে। লেখকৰ ভাষাত এইখন এখন অখ্যাত গাঁৱৰ, এজন অখ্যাত মানুহৰ জীৱন বুৰঞ্জী। এই ভাবটোৱে হয়তো লেখকৰ মনক সকলো সময়তে পৰিচালনা কৰি আছে। উপন্যাসখনে পুৰাবৃত্তিৰ চেহেৰা লৈছে। কেৱল গাঁথনিহে উপন্যাসৰ।

ড০ হীৰেন গোহাঁই

চোৱা পীতাম্বৰ শ্যামবৰণ মেঘ উৰেএটা দীঘল কবিতা। ইয়াৰ কাহিনীভাগ দ্বন্দ্বহীন। তাকাৰ তথা পীতাম্বৰে সৰুতে মাজুলীৰ সত্ৰীয়া সংস্কৃতিৰ সৌন্দৰ্য আৰু মাধুৰ্যত অভিভূত হৈছিল আৰু মনতে পুহি ৰাখিছিল নিজৰ গাঁৱত তাৰ এটা প্ৰতিৰূপ ৰচনাৰ সপোন। অৱশেষত মিচিং জনগোষ্ঠীৰ একাংশৰ ওপৰত তেওঁৰ প্ৰভাৱৰ বলত তেওঁ গঢ়িলে এটা নামঘৰ। আৰু আৰম্ভ কৰিলে কীৰ্তন ভাগৱত পাঠৰ এটি ধাৰা। সাধাৰণ মিচিং ৰাইজে চন্দ্ৰ-সূৰ্যক আৰাধ্য দেৱতা বুলি মানে আৰু নাম-কীৰ্তনক বিজাতীয় ধৰ্ম বুলি ভাবে। আপং আৰু গাহৰিৰ মঙহৰ জুতি এৰাৰ প্ৰশ্নই নাই। কিন্তু নতুন ধৰ্মৰ গীত-মাত, ৰীতি-নীতি কিছুমানে তেওঁলোকক আকৰ্ষণ নকৰাকৈ নাথাকে। কিন্তু ধৰ্মটোৰ মূল কথাবোৰ তেওঁলোকে নুবুজে। জীৱনৰ শতেক দুখ-যন্ত্ৰণা সত্ত্বেও জীৱনটোক উপভোগ কৰাই তেওঁলোকৰ জীৱন দৰ্শন। প্ৰকৃতি আৰু নিয়তিৰ বিধান তেওঁলোকে তাৰ মাজতে অলংঘনীয় বুলি উপলব্ধি কৰে। কিন্তু নতুন ধৰ্মত আৱেগেৰে ভংগুৰ পাৰ্থিৱ জীৱনৰ ঊৰ্ধ্বলৈ উঠাৰ আহ্বান পাই বিভ্ৰান্ত হয়।

 

অপূৰ্ব শৰ্মা

জনগোষ্ঠীয় জীৱন আৰু পৰম্পৰালৈ অহা পৰিৱৰ্তন, তাতকৈও সামাজিক ধৰ্মীয় বিৱৰ্তনে আনিব ধৰা দ্বন্দ্ব অবিশ্বাস আৰু প্ৰতিৰোধৰ কাহিনীৰে উপন্যাসখন লিখা হৈছে; কিন্তু এই ইতিহাসৰ ই এক বিৱৰণধর্মী ৰচনা হৈ ৰল।

 

স্বগৰ্ৰ পৰা লতাৰে বগাই আহি আমাৰ বংশধৰসকল ইয়াত থাকি গল। বংশধৰসকলৰ পৰা ডাল-পাত মেলি, ককা-আজোককাহঁতৰ জন্ম হল। এতিয়া ককা-আজোককাহঁতৰ পাছত আমি আছোঁ, আমাৰ পাছত আন কোনোবা থাকিব। এই পৰম্পৰা নিৰৱধি, এইবোৰ মিছা কথা নহয়। সাধুকথাৰ মাজত সোমাই থকা চিৰযুগমীয়া সঁচা কথা। পানীৰ ওপৰতো দলং হব পাৰে। ই লতাৰে বগাই আহি ভূমিত থিতাপি লোৱাৰ দৰে কেতিয়াও কঠিন নহয়।

---

 

..তাৰ অপৰাধ কি ? তাৰ অপৰাধ হল সি নামঘৰীয়া। বৈচৱধৰ্মৰ মানুহ। বৈচৱধৰ্ম কৈৱৰ্ত গাঁৱৰ পৰা মিচিং গাঁৱলৈ অনাত তাৰো অভিসন্ধি আছে বুলি গুংগাঙহঁতে ভাবে। এতিয়া ধ্ৰুৱ দাসহঁতৰ কাৰণেই মিচিং গাঁৱত থাপনা পাতি নামঘৰ এটা হবলৈ লৈছে। সিহঁতে মানুহটোক কেইবাদিনো পীতাম্বৰৰ ঘৰত বিভিন্ন সময়ত দেখিছে। নন্দেশ্বৰৰ লগতো সমিলমিল দেখিছে। গতিকে উৰহৰ খং ভগা ঢাৰিত জৰাৰ বাদে সিহঁতৰ উপায় কি ? মিকচিৰ অপমান পাই গুচি যোৱাৰ পাছতেই গুংগাঙহঁতৰ লগত মানুহটোৰ ভেটাভেটি হয়। তাতেই ধ্ৰুৱ দাসক মনৰ জোখাৰে শোধ পূৰাই বীৰত্বৰ চানেকি ৰাখি সিহঁতকেইটা তাৰ পৰা আঁতৰি গল। কথাটো জানি মিকচিয়ে গুংগাঙক সাত গোষ্ঠী উধাৰি গালি পাৰিলে। শাও দিলে। চিঞৰি চিঞৰি বহুত সময় বকি থাকিল৷

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...