AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

আতংকৰ শেষত (Aatankar Sheshat)

Rating: 0/5
Price of print book:₹ 80
Our Price:
₹ 50
Author ড০ ভবেন্দ্ৰ নাথ শইকীয়া (Dr. Bhabendra Nath Saikia)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS51
Email
Share on Google+
Description

২৬ তাৰিখটো যিমানে ওচৰ চাপি আহিছিল, নগৰৰ অধিবাসীসকলৰ মনৰ উৎকণ্ঠা সিমানে বাঢ়ি গৈছিল। টেক্সি, বাছ আদি সকলোতে আৰোহীৰ মুখে মুখে দস্যু অমলৰ সঁচা-মিছা মিহলি অতীত কীৰ্তি আৰু আগত ২৬ তাৰিখৰ সম্ভাৱিত কৃতকাৰ্যতা বা অকৃতকার্যতাৰ নানা ধৰণৰ মন্তব্য শুনা গৈছিল। যতে দুজন লোক লগ লাগিছিল, তাতেই দস্যু অমলৰ কাহিনী ওলাইছিল। ৰাস্তা ঘাটৰ মানুহৰ আলোচনা বিশেষ অস্বাভাৱিকতাৰ ঘৰলৈ এক প্রকাৰ যোৱা নাছিল, কিন্তু সাধাৰণ শ্ৰেণীৰ মহিলা মহলৰ অমল সম্বন্ধে আলোচনাবোৰ বৰ উপভোগ্য হৈছিল। প্ৰত্যেক সংবাদ পত্রৰ প্ৰথম পৃষ্ঠাতে ২৬ তাৰিখ সম্বন্ধে উৎকণ্ঠাপূর্ণ মন্তব্য প্রকাশিত হবলৈ ধৰিলে।………

 

ঠিক বাৰ বজাৰ পৰাই তিনি ডজন সশস্ত্র পুলিছে চলিহা প্রাসাদৰ বিভিন্ন ঠাইত তীক্ষ্ণ দৃষ্টি ৰাখি টহল দিবলৈ ধৰিলে। প্রাসাদৰ সন্মুখৰ গেট বন্ধ কৰি উপর্যপৰি তিনিটা তলা লগাই দিয়া হল। চাৰিজন পুলিচে ৰাইফল হাতেৰে গেটৰ ওচৰত অহা-যোৱা কৰিবলৈ ধৰিলে। প্রাসাদৰ পিছফালৰ বাগানৰ সকলো সন্দেহজনক ঠাইতেই পুলিছ নিযুক্ত কৰা হল। প্রথম তলাৰ পৰা দুই তলালৈ আৰু দুই তলাৰ পৰা তিনি তলালৈ উঠা খট্‌খটিৰ গুৰিত দুজনকৈ শক্তিশালী পুলিছ ৰখা হল।…………

 

 

বিখ্যাত ধনী, কোটিপতি, অমৰেন্দ্র চলিহাৰ কি ৰহস্য লুকাই আছে? দস্যু অমল কোন৷ কিয় দস্যু অমলে চলিহাৰ পৰা সেই অমূল্য সম্পদ উদ্ধাৰ কৰিব খোজে? কি এই সম্পদ?

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...