AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

মেৰেং (Mereng)

Rating: 0/5
Price of print book:₹ 220
Our Price:
₹ 180
Author অনুৰাধা শৰ্মা পূজাৰী (Anuradha Sharma Pujari)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS56
Email
Share on Google+
Description

মোৰ মনত কর্মজীৱনৰ সুখস্মৃতি নেফাৰ সৈতে জড়িত হৈ থাকিল। তেতিয়াৰ নেফাআজিৰ অৰুণাচলৰ আকাশ-পাতাল প্রভেদ। ১৯৪৭ৰ 'নেফা' আছিল ৰাস্তা-ঘাট নোহোৱা অজান্তিমুলুক। গহীন অৰণ্য, পোহৰ নাই, কোনো সা-সুবিধা নাই, একেখন হাবিতে বাঘে, গৰুৱে, মেঠোনে, মানুহে ভালুকে সকলোৱে স্বাভাৱিক জীৱন-যাপন কৰিছে। এই প্রাকৃতিক জীৱনৰ গতিত পৰা সামান্য ব্যাঘাতো তেওঁলোকে সহিব নোৱাৰিছিল। এনে মানুহৰ ওচৰ চপা বৰ কঠিন কাম আছিল। অজান মানুহ যদি তেওঁলোকৰ ওচৰ চাপে তেতিয়া হয় আক্রমণ নহয় পলায়ন কৰা, এয়াই তেওঁলোকৰ ধর্ম আছিল। গতিকে তেনে অৱস্থাত চুলিৰ আগত জীউ বান্ধি আমি আগবাঢ়িব লগা হৈছিল। প্রতিটো মুহূর্তত খোজ পেলাওঁতে ভাবি-চিন্তি ভৰি দাঙিব লগা হৈছিল। কিন্তু আমাৰ গতি মন্থৰ হলেও প্রতিটো খোজৰ গভীৰ গুৰুত্ব আছিল। উগ্ৰ প্রকৃতিৰ জাতিক একাষৰীয়াকৈ থৈ বজাৰ-হাট কৰিবলৈ আহি ভৈয়ামৰ মানুহৰ সৈতে মিলা-মিচা কৰা জাতিবোৰক প্রথম নির্বাচন কৰিব লগা হৈছিল। এটা কোঠাত লাইট জ্বলালে কাষৰ কোঠাত পোহৰৰ ৰেশ পৰে, সেই পদ্ধতিৰেই আগবাঢ়িছিলোঁ। এই মানৱ সম্পদসমূহক হাবিৰ মাজত লয় পাবলৈ নিদি শিক্ষা-স্বাস্থ্যৰ প্রতি সচেতনতাৰ দৃষ্টি আকর্ষণ কৰা কথাটো এতিয়া কল্পনা কৰটোও কঠিন। মই এটা দশকত 'নেফা'ত শিক্ষাৰ আধাৰশিলাহে স্থাপন কৰিলোঁ কিন্তু সৌধ নির্মাণ কৰিব নোৱাৰিলোঁ। কিন্তু মনত তৃপ্তি পাওঁ, যেতিয়া মই পঢ়োৱা লৰা-ছোৱালীবোৰ পঢ়ি-শুনি শিক্ষক, প্রশাসনিক বিষয়া আদি হৈছে বুলি খবৰ পাওঁ। শিক্ষা এটা সুর্য, হাবিৰ গছ-বিৰিখ মুকলি কৰিলে সূর্যৰ পোহৰ বিশ্বৰ সকলো প্রান্ততে যিদৰে পৰে, সেইদৰে আমি তেওঁলোকৰ চোতাললৈ ৰদব পোহৰ সোমোৱাৰ ব্যৱস্থাহে কৰিছিলোঁ। আমাৰ শিক্ষকসকলে লৈ গৈছিল সেই পোহৰ। শিক্ষকসকলে জীৰনৰ সুখ-স্বাচ্ছন্দ্য, আত্মীয়-স্বজনা বিসর্জন দি সেই পোহৰৰ শিখা কঢ়িয়াই নিছিল। মেলেৰিয়া, জণ্ডিচত ভুগি তেওঁলোকৰ অৱস্থা নোহোৱা হৈছিল। ঘা লাগিছিল শৰীৰত। থকা ঘৰো নিজে সাজিব লগা হৈছিল। টকা-পইচানো পাইছিল কিমান? কিন্তু এই শিক্ষকসকলেই আজিৰ অৰুণাচলৰ শিক্ষাৰ প্রথম ভেটি বান্ধিলে। কি পালোঁ, কি নাপালোঁ সেয়া বিচার্য নহয়, কিন্তু এটা সৌধ নির্মাণৰ বাবে ভেটি লাগিব, সেই ভেটি গঢ়ে এদল বনুৱাই। আমি আছিলোঁ শিক্ষাৰ বনুৱা।

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...