AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

ৰম্যভূমি খণ্ড ১ (Ramyabhumi Part 1)

Rating: 0/5
Price of print book:₹ 80
Our Price:
₹ 50
Author ড০ ভবেন্দ্ৰ নাথ শইকীয়া (Dr. Bhabendra Nath Saikia)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS58
Email
Share on Google+
Description

অকণে কলে, “কি শুনিছোঁ সেইবোৰ বাৰু নালাগে; কি বুজিছোঁ সেইখিনি শুনক। বীৰুৱে স্কুলৰ কথা ঘৰত কয়। স্কুলৰ কথা মানে ৰাধাৰ কথা আৰু মোৰ কথা। আৰু বেছি কথা জানিবলৈ আপুনি কেশৱ দাসক প্রাইভেট টিউটৰ পাতিছে৷ তাৰ পাছত ছি. আই. ডি.ৰ অন্নদাচৰণক ঘৰ লগাইছে আৰু অন্নদাচৰণে মোৰ কথা চৰকাৰক জনাইছে৷

অকণে তীক্ষ্ণ দৃষ্টিৰে আধা আন্ধাৰত ডুব গৈ থকা মহানন্দৰ মুখলৈ চালে। মহানন্দই মাটিলৈ চাই আছিল; তেওঁ মূৰ তুলি অকণৰ চকুলৈ চাই শান্ত সুৰেৰে কলে, “তুমি ইমান বুদ্ধিমান, জ্ঞানী লৰা;-- তুমি যি বুজিছা, সেয়া ভুলকৈ বুজিছা বুলি কমনে? মই তোমাক--

অকণে কথাৰ মাজতে চেপা মাতেৰে গর্জি উঠিল, “কিন্তু আপুনি এইবোৰ কৰিছে কিয়?”

মহানন্দই অকণৰ প্রশ্নটো গ্রাহ্য নকৰিলে। তেওঁ নিজৰ আধা কোৱা বাক্যটো আকৌ আৰম্ভ কৰিলে, “মই তোমাক কৈ দিছোঁ, তুমি এই সুৰেৰে, এইবোৰ কথা মোৰ লগত নাপাতিবা। ভৱিষ্যতে মই কেনেকৈ চলিব লাগে সেইটো তুমি কম বুলি কৈছিলা নহয়? নালাগে কব। সেইটো মই নিজে ঠিক কৰিম। তুমি ভৱিষ্যতে কেনেকৈ চলিব লাগে, সেইটো মই কলোৱেই। হ? যাওঁ দিয়া৷

…………

 

 

ড০ ভবেন্দ্ৰ নাথ শইকীয়াৰ ৰচিত উপন্যাস ৰম্যভূমিৰ প্ৰথম খণ্ড

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...

Next Previous