AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

ইষ্টেচনৰ আহিন (Istechonor Aahin)

Rating: 0/5
Price of print book:₹ 80
Our Price:
₹ 50
Author অনুৰাধা শৰ্মা পূজাৰী (Anuradha Sharma Pujari)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS48
Email
Share on Google+
Description

দেউতাৰ নাড়ীস্পন্দনৰ সৈতে ঘড়ীটোৰ সম্পৰ্ক থকা বাবেই হবলা দেউতাই লাহে-লাহে ঘড়ীটোক নিজৰ কাণ-নাক-চকুৰ দৰেই শৰীৰৰ অংশ বুলি গ্ৰহণ কৰি পেলাইছিল। তেওঁ ঘৰলৈ অহা আত্মীয়, বন্ধু-বান্ধৱ, চুবুৰীয়াক ঘড়ীটো সম্পৰ্কে বহুবাৰ মাহাত্ম্য প্ৰকাশ কৰি ক্ষান্ত হোৱা নাছিল, তেওঁ মাৰ হাতৰ চুইছ ঘডীটোকো অৱজ্ঞা কৰি চলিছিল। তেওঁ ৰেডিঅৰ সময়কো জুখি চাইছিল নিজৰ ঘডীৰ সময়েৰে। ষ্টুডিঅৰ ঘড়ীত এতিয়া বাৰ বাজি ত্ৰিছ মিনিটবুলি ৰেডিঅৰ ঘোষকে ঘোষণা কৰাৰ লগে লগে মায়ে টেবুলত সোণালী ৰঙৰ বাকছত থৈ দিয়া ঘড়ীটোৰ কাঁটা মিলাইছিল। দেউতা যেন তেনেমুহূৰ্ত এটাৰ অপেক্ষাতে ৰৈছিল। তেওঁ তাচ্ছিল্য ভৰা কণ্ঠেৰে কৈছিল---- হুঃ ৰেডিঅৰ সময়! মোৰ ঘড়ীত এতিয়া বাৰ বাজি বত্ৰিছ মিনিট। ৰেডিঅদুইমিনিট লেইট।

…………………….

হামিদে খোজ পেলালে আগলৈ। পেটে নুবুজে একো। তোৰ সৈতে কথা পাতি থাকিলে জানো পেট ভৰিব ?’

বাছন্তী হামিদৰ পিছে পিছে আহিল। মোৰ ঘৰত চাল, দালি, আলু আছে। সিদ্ধ কৰি দিম বল খাবি। হামিদে একো নকলে। আম্মালৈও দুটামান লৈ যাব পাৰিবি৷

হামিদে হঠাতে সুধিলে----ৰপৰা পাৱ তই এইবোৰ ?’ বাছন্তীয়ে তলমূৰ কৰিলে-----ভগৱানৰ কৃপাত মোৰ ঘৰত আটা, চাল, দালি থাকে....

...............

অনুৰাধা শৰ্মা পূজাৰীৰ প্ৰথম গল্প সংকলন৷ এই সংকলনটোত আছে তেওঁৰ সুলিখিত ১০ টা গল্প -

কপাৰনিকাছৰ ঘড়ী

মেনছ লেণ্ড

মেকুৰী

সান্ধ্যভ্ৰমণ

গিলবাটৰ্ছনৰ ভৰি

এটা বিলেটেড বসন্তৰ অপেক্ষা

ভানুৰ পৃথিৱী

ইষ্টেচনৰ আহিন

বনফুলৰ কেইটামান দিন

 

এজন চেলছমেনৰ বাসনা

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...