AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

জীৱনৰ অমিয়া (Jeevanor Amiya)

Rating: 0/5
Our Price:
Free
Author সত্যনাথ বৰা (Satyanath Bora)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS60
Email
Share on Google+
Description

পৃথিৱীত আৰু এক শ্রেণীৰ মানুহ আছে, সিহঁতে মুখ ওন্দোলাই নাথাকে। সিহঁতৰ মুখ বিকশিত কমলৰ নিচিনা সদায় উজ্জ্বল, সদায় প্রফুল্ল। সিহঁতৰ চকুত তৃপ্তিৰ জেউতি আৰু মুখত আনন্দৰ ৰশ্মি সদায় জিলিকি থাকে। বেজাৰৰ ডাৱৰে সিহঁতৰ মুখৰ জেউতি কমাব নোৱাৰে। সিহঁতৰ বিবেচনাত বসুন্ধৰা সুখৰ আলয়, সুখময় বিলাসৰ কানন। সিহঁতৰ মনত গৰলো মধুৰ আৰু কাঁইটো কোমল। সংসাৰৰ দুর্ঘটনাৱলী সিহঁতৰ মনত আহিনৰ মেঘ, ক্ষণে আহে, ক্ষণে যায়, মনৰ ও পৰত কেতিয়াও যুগমীয়াকৈ থিতাপি লব নোৱাৰে। এই শ্রেণীৰ মানুহবিলাক পৃথিৱীৰ মন্দল মলয়া। সিহঁতে নিজেও সন্তোয মনেৰে সংসাৰত জীৱন বঞ্চে আৰু আনৰ প্রাণতো সন্তোষৰ বা দিয়ে। ইহঁতে মানুহক সংসাৰৰ কাঁইঢীয়া বননিৰপৰা সুকোমল সুগন্ধি কুসুম তুলিবলৈ শিকায়, ভয়ঙ্কৰ উশৃংখল সমুদ্রৰ পৰা বহুমূলীয়া মণি মুতা তুলিবলৈ শিকায় আৰু সংসাৰৰ শোকসন্তাপ আদি জলন্ত বহ্নিৰ তাপ শীতল কৰিবলৈ শিকায়। ইহঁতে সংসাৰৰ আলৈ-আহুকাল বা জীৱনৰ আপদ-আপালি একোলৈকে কাণ নকৰে। ইহঁত এবিধ গূঢ় (গধূৰ) মন্ত্রৰ গৰাকী, সেই মহামন্ত্র প্রয়োগ কৰি সিহঁতে সাংসাৰিক শঙ্কা, দুচিন্তা, দুর্ভাৱনা আদি বেজাৰৰ হেতুবোৰ বিনাশ কৰে। ইহঁতৰ নিজৰ মন সদায় উৎসৱময় আৰু সংসর্গবাসীৰ মনকো উৎসৱময় কৰে।

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...

Next Previous