AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

তেজীমলাৰ মাকৰ সাধু (Tejimolar Makor Saadhu)

Rating: 0/5
Price of print book:₹ 220
Our Price:
₹ 200
Author মৃদুল শৰ্মা (Mridul Sharma)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB02
Email
Share on Google+
Description

অসমীয়া মানুহৰ তেজে তেজে প্ৰবাহিত বুঢী আইৰ সাধুৰ তেজীমলা যেন সকলোৰে আপোনজন। আৰু মাহীমাক আমাৰ ঘৃণাৰ পাত্ৰী। পুৰুষতান্ত্ৰিক সমাজ এখনত সকলোৱে লেই লেই চেই চেই কৰা এই নাৰীগৰাকীৰ মানসিক অৱস্থা মানৱীয় দৃষ্টিকোণেৰে বুজ লবলৈ গৈ ঔপন্যাসিকে অংকন কৰিছে সেই সময়ৰ সমাজ ব্যৱস্থা, গ্ৰাম্য যৌনজীৱনৰ কেতবোৰ জটিল দিশ। তাকো কৰা হৈছে সাধু সাধু লগা বৰ্তমানে অপ্ৰচলিত হৈ পৰা পুৰণি শব্দমালাৰে। কিন্তু চৰিত্ৰ জানো পুৰণি হয় ? ঔপন্যাসিকৰ বক্তব্য- মানুহ স্বৰূপতে ভাল বা বেয়া নহয়। একাধিক কাৰণ আৰু কাৰকেহে মানুহক ভাল বা বেয়া কৰি তোলে। বেয়াকাম কোনেও অকলশৰে কৰিব নোৱাৰে; মানুহ দলবদ্ধ হৈয়ে বেয়া কাম কৰে। আনৰ সুখৰ বাবে নিজক উছৰ্গা কৰি অসুখী হোৱা মানুহ যিদৰে সমাজত আছে, তেনেকৈয়ে কেৱল নিজক সুখী কৰিব খুজি অসুখী হোৱা মানুহো আছে ৷

 

হৰেকৃষ্ণ ডেকা

তেজীমলাৰ মাকৰ সাধুএখন ৰূপকধৰ্মী উপন্যাস। যি অতি পৰিচিত আৰু জনপ্ৰিয় সাধুকথাৰ জুমুঠিটো লৈ এই উপন্যাসখন সৃষ্টি কৰা হৈছে, সেই সাধুকথাতেই অৱশ্যে ৰূপকতাৰ উপাদান আছে। কিন্তু সাধুকথাৰ যাদুকৰী কল্প কাহিনীৰ মাজৰ পৰা উপন্যাসখনৰ বিষয়বস্তুক বাস্তৱ সমাজৰ পটভূমিলৈ নমাই আনোতে, লেখকৰ সাহিত্য-কৌশলত প্ৰশংসনীয় দক্ষতা ফুটি উঠিছে। গ্ৰাম্যসমাজত অসমীয়া থলুৱা ভাষাৰ যি এক সৰস ৰূপ জতুৱা ঠাঁচৰ মাজেৰে ফুটি উঠে, সেই ৰূপ সাহিত্যৰ পোছাকী ভাষাত নাথাকে। পটভূমি আৰু পৰিৱেশক সজীৱ কৰিবলৈ আৰু সাধুকথাৰ খোলটোৰ লগত সংযোগ ৰাখিবলৈ লেখকে বৰ্ণনা আৰু কথোপকথনত ব্যৱহাৰ কৰিছে তেনে এক জতুৱা ঠাঁচযুক্ত পাগ উঠা ভাষা- যত মাজে মাজে ফকৰা-যোজনাৰ ইংগিতপূৰ্ণ মিশ্ৰণ মজি গৈ ভাষা ব্যঞ্জনাবহ হৈছে।

 

অপূৰ্ব শৰ্মা

অসমীয়া লোককথাৰ তেজীমলাৰ মাহীমাকৰ myth টোৰ একধৰণৰ restatement এই উপন্যাসৰ থীম। সেয়ে উপন্যাসৰ পৰিসৰ আৰু কাহিনীৰ বিস্তাৰৰ সুযোগ সীমিত। চৰিত্ৰসমূহৰ চিত্ৰণ আৰু বিকাশৰ মাজেদি উপন্যাসৰ কাহিনীৰ গাঁথনি মোটামুটিভাৱে সবল। পুনৰ বিবৃত কাহিনীৰ প্ৰথমৰ বৃহত্তৰ অংশটোত অৱশ্যে গুৰুত্ব পাইছে তেজীমলাৰ মাহীমাকতকৈও দেউতাকৰ চৰিত্ৰইহে; কিন্তু পিছৰ অংশত মাহীমাকৰ চৰিত্ৰৰ জটিল মনস্তাত্ত্বিক চিত্ৰণ সফল আৰু প্ৰশংসাযোগ্য।

 

ড০ হীৰেন গোহাঁই

বণৰ্না, চৰিত্ৰানুযায়ী কথোপকথন, সাৱলীল কাহিনীৰ গতিয়ে পাঠকক আকষৰ্ণ কৰে। কিন্তু কাহিনীটো পুৰণি সাধু এটাৰ নাৰীবাদী সূত্ৰৰে পুনৰ্লিখন। কেইপাতমান পঢাৰ পাছতে পাঠকে ধৰিব পাৰে। তেজীমলাৰ মাকৰ মানসিক বিভ্ৰান্তি আৰু বিকাৰৰ আৰম্ভণিৰ বিৱৰণত মনস্তাত্ত্বিক সূক্ষ্মতাতকৈ সাধুকথাসুলভ গতানুগতিকতাহে দেখা গ, যদিও বিকাৰটোৰ বিভিন্ন দৃশ্য বিশ্বাসযোগ্য আৰু জীৱন্ত ৷

…………..

 

মই নো কি ক? পাতলিত পৰা তিৰী মই, পিতাইৰ বংশতো পদুম ফুলাব নোৱাৰিলোঁ, নিজৰ মানুহটোকো শান্তি অকণ নিদি আঁতৰি আহিলোঁ ৷ গাৰ পোৰণিকে সাৰ বুলি আপোনাতে আঁউজিলোঁহি। আপুনিও অকল মোৰ হৈ নাথাকিল। শাওনী নবৌকো আপুনি ফেনাফেন কৰিলে। এতিয়া আৰু এজনীক যেনিবা বঢ়াই ললেই, মোৰনো আপত্তি ৰজিব কিহত ? আপোনালোক পুৰুষ মানুহ; পৃথিৱী এৰিও পাও দিব পাৰে। মই পুঠি মাছ হৈ ছটফট কৰিনো মৰোঁ কি সাহসত? মাথোন মোক পেলনি নকৰিব। আগতে দেহাটোকে ঘাই বুলি ভাবিছিলোঁ। এতিয়া আগলৈ চাই আন্ধাৰ দেখিছোঁ। কোনোফালেই বাট খোলা নাই। যাচি কিল খাইছোঁ মই। সেইবুলি এতিয়া চলি-কৰি খাবলৈও শৰীৰে নসহা হলত, মই কি কৰিম ? ইকৰাজানতে ডুব দি মৰিবগৈও নোৱাৰোঁ। জীয়াই থাকি হাজাৰ আপদ মূৰ পাতি লম মই, পিছে মোক মৰিবলৈ নকব। মাজে মাজে থোপে-গাপে জানো মই আপোনাক নাপাম ?’ 

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...

Next Previous