AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

কল্পলোকৰ কাহিনী (Kalpalokar Kahini)

Rating: 0/5
Price of print book:₹ 100
Our Price:
₹ 80
Author ড০ ভবেন্দ্ৰ নাথ শইকীয়া (Dr. Bhabendra Nath Saikia)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS67
Email
Share on Google+
Description

ছুট-টাই পিন্ধা মানুহটোৱে এটাচি কেছটো খুলি শকত লেফাফা এটা অফিছাৰজনক দিছে অফিছাৰজনে লেফাফাটো লৈ সাউৎকৈ ড্ৰয়াৰত ভৰাইছে, এনেতে সাৰৌপ-সাৰৌপ-সাৰৌপ। দুয়োটাকে। কোঠাটোৰ পৰাই ওলাই দুয়োটা কৰিডৰেদি দৌৰিছে। লগে লগে ময়ো, সাৰৌপ-সাৰৌপ-সাৰৌপ। সিহঁত দৌৰিছে-দৌৰিছে। একদম বৰবজাৰ পোৱাই দিলো। দুয়োটা বেহুঁচ।

গোটেই চহৰত আলোড়ন। গধূলি ৰয়টাৰলৈ ফোন কৰিলো, - এই-এই কাৰণত এই কাম কৰা হৈছে। মোৰ নাম অফাল্টু।

ৰাতি আমগছৰ পৰা আৱাজ, - “চাব্বাছ”!

বাটৰ কাষৰ ৰেলিং। তিনিখন স্কুটাৰ। প্রাণী পাঁচটা। বন্দনা ভট্টাচার্য বাটেদি আহি আছে। সেইখিনি পাওঁতেই এটাই, “ভণ্টি, অনুগ্রহ কৰি তোমাৰ সৌন্দর্যৰাশি মোক-

ছাটাপ-ছাটাপ-ছাটাপ। সি স্কুটাৰৰ পৰা বাগৰি পৰিল। ছাটাপ-ছাটাপ-ছাটাপ। সি ফুটপাথেদি দৌৰিছে। ছাটাপ-ছাটাপ। হামখুৰি খাই পৰিছে। ছাটাপ-ছাটাপ। সি তাৰ ঘৰৰ ফালে দৌৰিছে। তেজেৰে তাৰ চোলা ৰাঙলী হৈ গৈছে। ছাটাপ-ছাটাপ। আতুৰ হৈ সি ঘৰৰ দুৱাৰত ঢকিয়াইছে। - মা-মা!

মাকে বিস্তাৰিত নেত্রে দেখিলে - দুখন অদৃশ্য হাতে তাৰ চোলাটো খুলি দিছে। তাৰ গাত যেন আৰু বেত লগোৱাৰ ঠাই নাই।

গধূলি ৰয়টাৰলৈ ফোন। এই-এই কাৰণত। মই অফাল্টু।

এইমাত্র সিদ্ধান্ত কৰা হ, হৰিহৰে এই দল এৰি সেই দলত যোগ দিব। বন্দবস্ত সাত লাখ টকা। পৰহিলৈ মিনিষ্ট্রিৰ পতন। হৰিহৰে হাঁহি এটা মাৰি ৰুমালেৰে মুখ মচিছে এনেতে ছাটাপ-ছাটাপ-ছাটাপ-ছাটাপ। কি হল কি হল বুলি ওচৰ চাপি অহা এটাইকেইটাৰে কাণে-মূৰে ছটাপ-ছাটাপ-ছাটাপ। উজ্জ্বল দিবালোকত উন্মাদৰ নিচিনাকৈ হৰিহৰ দৌৰিছে আৰু ডেৰ ছেকেণ্ডত এটাকৈ পকা বেতৰ কোব - ছাটাপ।

নহয়-নহয়, আপুনি এহেজাৰ এটকা দিবই লাগিব। নহলে আপুনি ইয়াত চান্তিৰে বেব্চা কৰিব নোৱাৰিব৷

ছাটাপ-ছাটাপ-ছাটাপ।

এইমাত্র বন্দবস্ত হৈছে। বিশ্বজিত বন্নুৰ ট্রেন্সফাৰ অর্ডাৰটো হব। নগদ ত্রিছ হাজাৰৰ লেনদেন। ছাটাপ-ছাটাপ-ছাটাপ।

টেলিফোনৰ লাইন ঠিক কৰিম বুলি এইকেইটাই সদায় এঘণ্টা মানকৈ কাম কৰি বাকিখিনি সময় চুখা মলে, আড্ডা মাৰে। ছাটাপ-ছাটাপ-ছাটাপ।

 

ইতিমধ্যে গধূলি ৰয়টাৰলৈ ফোন গৈ আছে। ৰাতি ৰাতি আম গছৰ পৰা আৱাজ আহে – “চাব্বাচ

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...