AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

সুৰভি (Surabhi)

Rating: 0/5
Price of print book:₹ 75
Our Price:
₹ 50
Author ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা (Rasaraj Lakshminath Bezborua)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS69
Email
Share on Google+
Description

ঘৰত মুনচুপ ডাঙৰীয়া আৰু বনত দাঁত ভগা ফেঁটীসাপ এই দুইৰো মাজত কি কি বিষয়ত মিল আৰু কি কি বিষয়ত অমিল, সেই কথাৰ বিচাৰ কৰিবলৈ ডাঙৰীয়াই শত্ৰুক সুবিধা দি, লাহে লাহে চেঁচা পানীৰে নিজৰ মুখ ধুই, ভগা দাঁতৰ গুৰিৰ আৰু কটা ওঁঠৰ আগৰ তেজ ৰখাই কছাৰীলৈ যাবলৈ ওলাল। ওলাল মানে গলেই বুলিব লাগে; কাৰণ, বেলি দুপৰীয়া হৈ গৈছিল দেখি খৰধৰকৈ তেওঁ যাবলৈ বাধ্য হৈছিল, মাথোন বাটত হঠাৎ ডাঙৰীয়াৰ আগত পৰি, তুৱাই তৰণিয়ে ভৰিত বুট জোতাৰে সৈতে ডাঙৰীয়াক চেলামকৰাত, তুৱাইক কুকুৰৰ পো কটাবুলি ডাঙৰীয়াই গালি পাৰি এখুন্দা দিব খোজাত হে যি অলপ অচৰপ পলম হৈছিল। সি যি হওক, ধুমুহা বতাহৰ কোবত ডাৱৰ উৰি যোৱাৰ পিছত ৰদ ৰেঙোৱাৰ দৰে সেই দিনাৰ দুর্যোগ কাটি গল। হাকিম ডাঙৰীয়া এজলাচত বহিল আৰু তেওঁৰ মুখত সুখৰ ৰেঙণি ওলাল। কিন্তু দুর্ঘোৰ বাৰিষা কালত ৰেঙোৱা ৰদ খন্তেকীয়া হোৱাৰ দৰে সেই ৰেঙণিও ক্ষন্তেক থাকি মাৰ গল। হাকিমে কাপ লৈ কিবা কাকত এখন চতি কৰোতে দেখিলে যে কাপৰ মুখখন কাকতত চের্চেৰাই গৈছে। হাকিমে সেই চের্চেৰণিটো কাকতে কাপৰ ওপৰত কৰা গোচৰ বুলি ধৰি লৈ তৎক্ষণাত কাপৰ জৱানবন্দীলৈ চুমাৰি বিচাৰ কৰি কাপটোক কলীয়াপানীলৈ পঠিয়ালে, আৰু কাপ আচামীৰ সহায়ক বুলি ৰামগোলাম দপ্তৰীক ৫ টকা জৰিমনা কৰিলে। বাৰ বাজি পোন্ধৰ মিনিট হৈ গ, তেতিয়াও মিনাৰাম পেচকাৰে মকর্দমাৰ নথিবোৰ হাকিমৰ আগত দিয়াহি নাই। মিনাৰামৰ কামত বৰ গাফিলীবুলি হাকিমে তেওঁক এমাহৰ দৰমহা জৰিমনা কৰিলে।

ইয়াৰ পিছত এটা ছোৱালী চুৰি মকর্দমাৰ নথি হাকিমৰ হাতত পৰিল; আৰু আচামী ফৰিয়াদীৰ ফোকাৰ হল৷ফর্চাচিং কনিষ্টবলে ভুলকৈ ফোকাৰিলে” “জয়ৰাম কলিতা আচামী হাজিৰ!

পেচকাৰে লাহেকৈ ফর্চাচিঙক কলে, “জয়ৰাম কলিতা নহয়, জিৎৰাম কলিতাহে।ফর্চাচিঙৰ দুর্ভাগ্যৰ গুণে লাহেকৈ কোৱা কথাষাৰো হাকিমৰ কাণলৈ গল! হাকিমৰ তেতিয়াই ধৰি ফর্চাচিঙক চাচপেণ্ডকৰি থলে। মকর্দমাত জিৎৰাম দোষী প্রমাণ নাই হোৱা বুলি জিৎৰামৰ পক্ষৰ উকীল বিদ্যাৰাম শইকীয়াই কৈ দীঘলকৈ বক্তৃতা মেলিব খোজোঁতেই উকিলক চুপৰওবুলি হাকিমে ভেকাহি মাৰি দি জিৎৰামক তিনি মাহলৈ ফাটকত দিবলৈ হুকুম দিলে। বিদ্যা উকিলে আকৌ কিবা কব খোজাত আদালত অৱমাননাবুলি হাকিমে উকিলক কুৰি টকা জৰিমনা কৰি সেই গোচৰৰ সেইখিনিতে সামৰণি ঘেটা মাৰিলে।

--------

ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ছুটি গল্পৰ সংকলন, ত পাব ১১ টা ছুটি গল্প-

গীতা

ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ

নিস্তাৰিণী দেৱী বা ফাতেমা বিবি

বাপিৰাম

লম্বোদৰ ডেকা

লাওখোলা

প্ৰথম দর্শনত ওপজা প্ৰেম

মিষ্টৰ ফিপ্সন

ভুৰুকী বৌ

মাধৈমালতী

 

জাতিৰামৰ জাত

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...

Next Previous