AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

লষ্ট ইন তিবেত (Lost in Tibet)

Rating: 0/5
Price of print book:₹ 180
Our Price:
₹ 150
Author ৰিচার্ড ষ্টার্কচ্ , মিৰিয়াম মাৰকাট্ (Richard Starks, Miriam Murcutt)
Translator  বিপুল দেউৰী (Bipul Deuri)
Language Assamese
Publisher Banphool-Nirvana Sutra
Book Code  BP01
Email
Share on Google+
Description

লষ্ট্ ইন তিবেত

ভাষান্তৰঃ বিপুল দেউৰী

মূলঃ ৰিচার্ড ষ্টার্কচ্ আৰু মিৰিয়াম মাৰকাট্

 

নৱেম্বৰ, ১৯৪৩

ডী হাম্পনামে কুখ্যাত হিমালয়ান যোগান পথেৰে উৰি থাকোঁতে ভয়ংকৰ ধুমুহাৰ গ্ৰাসত পৰি বিমানৰ ইন্ধন শেষ হবলৈ কেইমুহূর্তমান মাত্ৰ বাকী থাকোঁতে নির্ধাৰিত পথৰ বহু আঁতৰত বিমানৰ পৰা জঁপিয়াবলৈ বাধ্য হোৱা পাঁচজন আমেৰিকান বায়ুসেনাৰ কাহিনী এয়া৷ বায়ুসেনাকেইগৰাকীয়ে জাপ মৰাৰ কেইমুহূর্তমানৰ পাছতে ধ্বংসপ্ৰাপ্ত হৈছিল বিমানখন আৰু বায়ুসেনাকেইগৰাকী পৰিছিলগৈ তিব্বতৰ মধ্যস্থলত৷ বিস্ময়কৰভাৱে আটাইকেইগৰাকী বায়ুসেনাৰ জীৱন ৰক্ষা পৰিছিল৷ পিছে সেয়া আছিল পৰৱর্তী বিপর্যয়ৰ আৰম্ভণিহে৷

তিব্বতৰ আটাইতকৈ অসঞ্জাতী পর্বত কিছুমান অতিক্ৰম কৰি, বায়ুসেনা পাঁচগৰাকীয়ে ভাড়া কৰা খচ্চৰৰ পিঠিত উঠি ৰূপকথাৰ চহৰ লাছাত প্ৰৱেশ কৰিছিলগৈ৷ তেওঁলোকৰ এই আবির্ভাৱ ইচ্ছাকৃত নাছিল, বৰং এক সন্দেহৰ ভিত্তিতহে তেওঁলোকক লাছালৈ লৈ যোৱা হৈছিল৷ কাৰণ চীনদেশ আৰু পশ্চিমৰ দেশ সমূহৰ মাজত ক্ৰমে জটিল হৈ অহা এক বিবাদৰ চেপাত তেতিয়া আবদ্ধ হৈ আছিল তিব্বত চৰকাৰ৷

বায়ুসেনা পাঁচগৰাকী আছিল নিষিদ্ধ চহৰখনত প্ৰৱেশ কৰা প্ৰথমচাম আমেৰিকান (দুবছৰ পূর্বে প্ৰৱেশ ঘটিছিল চেভেন ইয়ের্চ ইন তিবেতৰ লেখক হেইনৰিখ হাৰেৰৰ) আৰু চীনদেশৰ আগ্ৰাসনৰ ঠিক আগেয়ে তিব্বতত প্ৰৱেশ কৰা শেষৰ চাম মানুহৰ অন্যতম৷

তিব্বতত থকা কালত, আমেৰিকান পাঁচ-গৰাকী মুখামুখি হবলগীয়া হৈছিল তেওঁলোকৰ বাবে একেবাৰে অদ্ভূত, আনকি অন্যগ্ৰহৰ প্ৰাণী সদৃশ মানুহ কিছুমানৰ৷ একে সময়তে তেওঁলোকে নিজৰ ৰাজনৈতিক জঞ্জালৰ গ্ৰাসৰ পৰা মুক্ত কৰিবলগীয়া হৈছিল, যিটো আর্তিত হৈছিল চীনৰ পৰা স্বাধীনতা লাভৰ বাবে তিব্বতৰ অধিকাৰৰ প্ৰশ্নক লৈ৷

আন্তঃৰাষ্ট্ৰীয় সমস্যা নহবৰ বাবে আৰু নিজৰ নিৰাপত্তাৰ স্বার্থত বায়ুসেনাকেইগৰাকীক ততাতৈয়াকৈ লাছা এৰিবলৈ বাধ্য কৰোৱা হৈছিল৷ শীতকালৰ মাজভাগত, তিব্বতৰ মালভূমিৰে এটা বিপদজনক যাত্ৰা কৰিবলৈ তেওঁলোক বাধ্য হৈছিল, যিটোৰ অর্থ আছিল সময়ৰ বিৰুদ্ধে এটা দুঃসাহসী দৌৰত নিজকে সঁপি দিয়া৷

লষ্ট্ ইন তিবেত শিহৰণকাৰী ৰোমাঞ্চ, সাস্কৃতিক সংঘাত আৰু ৰাজনৈতিক অভিসন্ধিৰ ই এক অনন্য কাহিনী৷ ই আলোকপাত কৰিছে অগতানুগতিক তিব্বতী জনগণৰ ওপৰতো, শত্ৰুভাৱাপন্ন বাহিৰৰ পৃথিৱীখনৰ মুখামুখি হবলৈ ঠিক যিটো মুহূর্তৰ তেওঁলোক সাজু হৈছিল৷

------

- ‘সকলো পৰিত্রাণৰ কাহিনীক চেৰ পলোৱা এয়া এক অতুলনীয়, শ্বাসৰুদ্ধকাৰী পৰিত্রাণ অভিযানৰ কাহিনী।

কর্ণেল কে চি মেক্‌গ্ৰগৰ, চীন-বার্মা-ভাৰতত কর্মৰত এয়াৰ ট্ৰান্সপট কমাণ্ডৰ পশ্চিম খণ্ডৰ প্রাক্তন কমাণ্ডাৰ।

- নানা উত্থান-পতনৰ ঘটনাৰে ভৰা ই এক সুলিখিত কাহিনী। ইনটু থিন এয়াৰআৰু মানুহ আৰু প্রকৃতিৰ সংঘর্ষৰ কাহিনী ভাল পোৱাসকলৰ বাবে অতি উপাদেয় এই গ্রন্থ।

কাৰ্কাচ ৰিভিউজ

- মোৰ দেশৰ ৰাজনীতি সম্পর্কে সাধাৰণ কৌতূহল অনুভৱ কৰা লোককো আনকি এই কিতাপখনে সন্মোহিত কৰিৰ।

লোছাং গ্যাট্‌চো, তিব্বতী শিল্পী আৰু মার্টিন স্কৰছেজৰ ছবি কুনডুনৰ অভিনেতা

- নির্দিষ্ট এক সময় আৰু ঠাইৰ মনোমুগ্ধকৰ অনুপুংখ বিৱৰণী, বেছিভাগ আমেৰিকানৰে যিটোৰ অভিজ্ঞতা নাই।

জইণ্ট ফচেণ্ট জার্নেল

- এইখন গ্রন্থত এনে এটা কাহিনী বর্ণনা কৰা হৈছে, বহু বছৰ ধৰি যিটো লুকাই আছিল। মই শুনা আটাইবোৰ যুদ্ধ কালীন অভিজ্ঞতাৰ পৰা সুকীয়া ই হল এক অনন্য আৰু সন্মোহনী ৰোমহর্ষক অভিযান-কাহিনী।

চালর্ছ মার্টিন,হাম্পৰ প্রাক্তন বৈমানিক আৰু লেফটেনেণ্ট কর্নেল, এয়াৰ ফর্চ ৰিজার্ভছ (প্রাক্তন)

- পর্বতাৰোহী আৰু বুৰঞ্জী অধ্যয়ন কৰি আনন্দ লাভ কৰা সকলোৰে বাবেই এইখন এখন অৱশ্যেই পঠনীয়গ্রন্থ - উচ্চ আৰু অলঙিঘত ভূমিত কৰা ৰোমাঞ্চকৰ ভ্রমণৰ কাহিনী যত বর্ণিত হৈছে।

 

আমাণ্ডা ডেফল, সঞ্চালক, বিশেষ প্রকল্প, ইণ্টাৰনেচনেল মাউণ্টেইন এক্সপ্লৰার্চ কানেক্‌শ্য

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...


Warning: Invalid argument supplied for foreach() in /home/content/73/10933373/html/akart/modules/mod_leovmscroller/libs/source/virtuemart/virtuemart.php on line 168