AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

ৰিভাৰ ডগ (River Dog )

Rating: 0/5
Price of print book:₹ 210
Our Price:
₹ 180
Author মাৰ্ক শ্বেণ্ড (Mark Shand)
Translator  বিপুল দেউৰী ( Bipul Deuri)
Language Assamese
Publisher Banphool-Nirvana Sutra
Book Code  BP19
Email
Share on Google+
Description

ৰিভাৰ ডগ

মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুৱেদি কৰা এক মহাকাব্যিক ভ্ৰমণ কাহিনী

মূলঃ মার্ক শ্বেণ্ড

ভাষান্তৰঃ বিপুল দেউৰী

উষ্ণ, আমোদজনক, প্ৰাণৱন্ত স্মৃতি উদ্ৰেককাৰী ৰিভাৰ ডগএখন অনুপম ভ্ৰমণ পুথি৷ এয়া এক অভিনৱ মহাকাব্যিক ভ্ৰমণৰ বর্ণনা আৰু পৃথিৱীৰ এক অনন্য মহান নদীৰ সম্পর্কে থকা লোকবিশ্বাস, ৰহস্যময়তা আৰু মহত্ত্বৰ গুণানুকীৰ্তন৷

কিম্বদন্তিৰ জন্মস্থানৰ পৰা প্ৰবল প্ৰতাপী ব্ৰহ্মপুত্ৰই হিমবাহৰ এক শীর্ণ জুৰিৰূপে আত্ম প্ৰকাশি পশ্চিম তিব্বতৰ পৰিত্যক্ত মালভূমিৰ উচ্চতাৰ পৰা ওঠৰশ মাইল বৈ গৈ তিনিটা মহান ধর্ম- বৌদ্ধ, হিন্দু আৰু ইছলাম ধর্মক আঁকোৱালি তিনিখন দেশৰ মাজেৰে ইয়াৰ যাত্ৰাৰ সামৰণি মাৰিছে বংগোপসাগৰৰ মোহনাত এক সুবিশাল সাগৰৰ দৰে৷ তথ্য অনুসৰি আজিকোপতি কোনেও এই নৈখনৰ সম্পূর্ণ দৈর্ঘ ভ্ৰমণ কৰা নাই৷ এই প্ৰত্যাহ্বানক এগৰাকী অভিযাত্ৰীয়ে বর্ণনা কৰিছে লাষ্ট গ্ৰেট এছিয়ান এডভেঞ্চাৰৰূপে৷

ৰিভাৰ ডগত যশস্বী লেখক মার্ক শ্বেণ্ডে লিপিবদ্ধ কৰিছে এই অসাধাৰণ ভ্ৰমণৰ কালানুক্ৰমিক বিৱৰণ৷ তেওঁ বর্ণনা কৰিছে দেখাত অতিক্ৰম কৰিব নোৱাৰা ধৰণৰ কঠিন ৰাজনৈতিক বাধ্য-বাধকতা, ভৌগোলিক ব্যৱস্হাপনাৰ কথা৷ তেওঁৰ ৰচনাত পৰিস্ফূট হৈ উঠিছে বর্ণময় লোকৰ জীৱন, স্থান আৰু ঘটনা-পৰিঘটনাসমূহ৷ কিন্তু এই সকলোবোৰৰ ঊর্ধ্বত বৰফৰ নিখুঁত শংকু, কৈলাস পর্বত, সেই পর্বতটো, ৰ পৰা এই সকলোৰে আৰম্ভণি৷ ইয়াৰ লগতে বর্ণিত হৈছে আদি জনগোষ্ঠীয় লোকসকলৰ সুস্বাদু খাদ্য, বিষাক্ত গান্ধীপোক, কৈলাস নামৰ মার্কে দৈৱ্যক্ৰমে পোৱা নাওখন, তাৰ মুখ্য নাৱিক গাঞ্জাসক্ত গামা আৰু নদী-দ্বীপ মাজুলীৰ ৰহস্যময় অভিন্ন দর্শনৰ ভকতসকলৰ কথা৷ মার্ক যলৈকে গৈছে তালৈকে তেওঁৰ সৈতে গৈছে তেওঁৰ আটাইতকৈ বিশ্বস্ত বন্ধু, ভাইটি, সি এটা বাটৰ ভতুৱা কুকুৰ, যাৰ আছিল এযুৰি শান্ত, সন্মোহনীয় নেত্ৰ আৰু যাৰ উমাল নাকটো আছিল সকলোবোৰ গণ্ডগোলৰ উৎস, যতকূটৰ ঘাই৷

ছলনাময়ী, আমোদজনক আৰু অত্যন্ত তৃপ্তিদায়ক- ৰিভাৰ ডগেআপোনাৰো হৃদয় চুই যাব,

-জীলি কুপাৰ

 

পৃথিৱীৰ সমগ্ৰ কবিকুলক যদি তেওঁলোকৰ সর্বোত্তম সৃজনীশক্তি প্ৰয়োগ কৰি ইয়াৰ ৰূপ বর্ণনা কৰিবলৈ দিয়া হয়, মোৰ বিশ্বাস নহয় যে তেওঁলোক সক্ষম হব এই অপৰূপা সন্মোহনী নৈখনক শব্দৰে প্ৰকাশ কৰিবলৈ৷ এনে মনোৰম, এনে ৰহস্যময়, এনে ভিন্ন ইয়াৰ সন্মোহন৷ এটা অংশত ই বৈ গৈছে ধীৰ গতিৰে এঢলীয়া বনানিৰ কাষেৰে, আন এঠাইত কোবাল গতিৰে পাৰ হৈ গৈছে গভীৰ উপত্যকাৰ মাজেৰে৷ নিতে সলনি হয় ইয়াৰ ৰূপ, বর্ণ; দূৰৱর্তী বৰফাবৃত পর্বতৰ পৃষ্ঠভূমিত ই যেতিয়া কোমল কুঁৱলীৰ আচ্ছাদনৰে পৰিবেষ্টিত হৈ থাকে সেই দৃশ্য হৈ পৰে মানুহৰ দুচকুৰে দেখা পৃথিৱীৰ সর্বোত্তম নয়নাভিৰাম দৃশ্য৷ ছিয়াং কেতিয়াবা হৈ পৰে এগৰাকী কঠোৰ হৃদয়া নাৰী আৰু কেতিয়াবা ই মোক এনেদৰে ভাগৰুৱা কৰি তোলে যে মোৰ ভাব হয় এইখন যেন কেতিয়াও উভতি আহিব নোৱাৰা এখন নৈ৷ মই সুখী হম মোৰ শৰীৰটো ইয়াৰ জলধাৰাৰ কাষতে চিৰদিনৰ কাৰণে শুৱাই দিবলৈ পালে৷

-    ভেৰিয়াৰ এলৱিন

 

অনুবাদকৰ বিষয়ে

 

অসম চৰকাৰৰ এগৰাকী বিষয়া বিপুল দেউৰী চৰকাৰী দায়িত্ব পালনৰ লগতে সাহিত্য আৰু সংস্কৃতি চৰ্চাতো সমানেই আগ্ৰহী৷ ৰোমহর্ষক অভিযান আৰু বিশেষকৈ বুৰঞ্জী আশ্ৰিত কাহিনীৰ প্ৰতি বিশেষ আকর্ষণ অনুভৱ কৰা প্ৰকৃতিপ্ৰেমী দেউৰীৰ পঠনৰ পৰিসৰো বিস্তৃত৷ উল্লেখ্য যে দুর্গম অঞ্চল ভ্ৰমণ কৰি সেই অভিজ্ঞতাক পাঠকৰ সৈতে ভগাই লোৱাৰ আগ্ৰহেৰে ইতিমধ্যে তেওঁ প্ৰকাশ কৰিছে কেইবাটাও অনুপম লেখা৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বুৰঞ্জী স্নাতকোত্তৰ ডিগ্ৰীধাৰী বিপুল দেউৰীয়ে বিশ্ববিদ্যালয়ত অধ্যায়ন কৰি থকা কালত বিশ্ববিদ্যালয়ৰ বার্ষিক আলোচনী সম্পাদনা কৰিছিল৷ ইতিমধ্যে বিপুল দেউৰীৰ আন এখন অনূদিত গ্ৰন্থ লষ্ট্ ইন তিবেতৰ জৰিয়তে পঢ়ুৱৈ সমাজক বিশেষভাৱে আকর্ষণ কৰিবলৈ সক্ষম হোৱালৈ প্ৰত্যক্ষ কৰি এই নৱতম গ্ৰন্থখনিয়েও পঢ়ুৱৈ সমাজৰ সমাদৰ লাভ কৰিব বুলিয়েই আশা কৰিব পাৰি৷

Reviews

There are no reviews for this book yet.

Related Books