AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

জয়া শুৰাৰ কথা (Joya Surar Kotha)

Rating: 0/5
Price of print book:₹ 100
Our Price:
₹ 80
Author ইন্দ্ৰজিৎ দত্ত (Indrajit Dutta)
Language Assamese
Publisher Banphool-Nirvana Sutra
Book Code  BP16
Email
Share on Google+
Description

জয়া শুৰাৰ কথা (The Story of Zoya and Shura)

মূল -এল কচ্মোদেমিয়ানস্কায়া (L Kosmodemyanskaya)

 

ভাষান্তৰ- ইন্দ্ৰজিৎ দত্ত 

সুখ কাক কয়? প্ৰত্যেকে নিজৰ নিজৰ ৰুচি অনুযায়ী সুখৰ অর্থ কৰি লয়৷ কিন্তু প্ৰত্যেকে জানে তেওঁলোকে স-সন্মানে বাস কৰিব৷ কঠোৰ পৰিশ্ৰমেৰে প্ৰিয় মাতৃভূমিক ভাল পাব৷ শ্ৰদ্ধা কৰিব আৰু তেতিয়াই পাব প্ৰকৃত সুখৰ সন্ধান৷

--------------------

আমাৰ দল আকৌ আগুৱাই গল৷ নিয়ম অনুযায়ী দলৰ এশ মিটাৰ আগে আগে মই আৰু জয়া গলোঁ৷ আমাৰ পিছত ডেৰ মিটাৰ ডেৰমিটাৰ অন্তৰে অন্তৰে বাকীবিলাক আহি আছিল৷ হঠাৎ জয়াই হাত দাঙি ৰবলৈ নির্দেশ দিলে৷ জয়াৰ সন্মুখত এজন মৃত লাল ফৌজৰ সৈনিক৷ তেওঁৰ মূৰ আৰু ভৰিত গুলী লাগিছে. তেওঁৰ জেপত এটুকুৰা কাগজ পোৱা গল৷ তাত লিখা আছিলটেংক প্ৰতিৰোধ বাহিনীৰ অধিনায়ক ৰেডিঅনোভৰ দ্বাৰা পঠোৱা হৈছে৷ তেওঁক এজন সাম্যবাদী বুলি গণ্য কৰিবলৈ অনুৰোধ কৰা হৈছে৷ জয়াই কাগজখন জাপি চার্টৰ জেপত সযতনে থৈ দিলে৷ তাইৰ মুখ বিষণ্ন, ভ্ৰূ কোচ খোৱা৷ সেই মুহূর্তত মোৰ তাইক এজনী ছোৱালীৰ দৰে লগা নাছিল, যেন শত্ৰুৰ ওপৰত নির্মম প্ৰতিশোধ লবলৈ দৃঢ় সংকল্প কৰা এজন সৈনিকহে৷

 

আমি পেত্ৰিশ্চেভোৰফালে আগবাঢ়িছিলোঁ৷ সেইফালে বহু শত্ৰু সৈন্যৰ সমাবেশ হৈছিল৷ যোৱাৰ পথত আমি সিহঁতৰ যোগাযোগৰ তাঁৰবোৰ বিছিন্ন কৰি গলোঁ৷ ৰাতি আমি পেত্ৰিশ্চেভো গাঁও পালোগৈ৷ গাঁওখন গভীৰ জংঘলেৰে আবৃত৷ জংঘলৰ বহু ভিতৰলৈ গৈ আমি জুই জ্বলালোঁ৷ লৰা এটাক অধিনায়কে পহৰা দিবলৈ পঠালে৷ বাকীবোৰে জুইৰ চাৰিওফালে বহিল৷ আকাশৰ জোনটো হালধীয়া বৰণ হৈ ওলাল৷ কেইদিনমানৰ পৰা বৰফ পৰিছিল৷ বৰফে ঢকা পাতেৰে প্ৰকাণ্ড প্ৰকাণ্ড ফাৰ গছবোৰ চাৰিওফালে বিস্তৃত হৈ আছিল৷ লিদাই কলেমস্কোৰ পার্কত এনেকুৱা এডাল প্ৰকাণ্ড ফাৰ গছ থকা হলে মজা হলহেঁতেন!

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...