AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

কাব্যনুৰাগ (Kabyanurag )

Rating: 0/5
Price of print book:₹ 80
Our Price:
₹ 60
Author অৰুণ শর্মা (Arun Sharma)
Language Assamese
Publisher Banphool-Nirvana Sutra
Book Code  BP23
Email
Share on Google+
Description

মই এতিয়া সদায় ৰৈ থাকোঁ

শীতৰ এটি নিয়ৰে বুৰোৱা

মৌন প্ৰশান্ত পুৱালৈ

বিবর্ণ পাতসৰা শুকান বুঢ়া আহঁতজোপাত

হঠাত এটা সেউজীয়া দুপতীয়া কুঁহি

ওলাই অহা সুৱর্ণ ক্ষণটোলৈ

ৰৈ থকোঁ

মৃত্যুৰ মাধুর্য-পিয়াসী

এটি ৰঙীন চঞ্চল নৃত্যৰতা পখিলাৰ জন্মদিনলৈ

মোৰ আৰু এটা নতুন কবিতাৰ সৃষ্টিলৈ

 

বর্তমান কালৰ অসমৰ সর্বশ্ৰেষ্ঠ নাট্যকাৰ আৰু একেধাৰে এজন সার্থক ঔপন্যাসিক অৰুণ শর্মা এজন সংবেদনশীল কবিও৷ তেওঁৰ কবিতাৰ সংখ্যা নিচেই তাকৰ হলেও আন্তৰিকতা  আৰু কবি-প্ৰতিভাৰ স্বাক্ষৰ কবিতাখিনি জিলিকি আছে৷ নিৰন্তৰ কাব্য-স্পৃহাই তেওঁৰ নাটক আৰু উপন্যাসবোৰক গভীৰতা আৰু সমৃদ্ধ ব্যঞ্জনা প্ৰদান কৰিছে৷ বুদ্ধি আৰু অনুভূতিৰ যুগ্ম শক্তিৰে শক্তিমান হৈ জীৱনৰ গভীৰ স্তৰবোৰৰ বিন্যাস ৰূপায়িত কৰা কার্যত তেওঁ যি সাফল্য দেখুৱাইছে, সেই কৃতকার্যতাৰ বাবে তেওঁৰ সহজাত কবিত্বগুণ বিশেষভাৱে সহায়ক হৈছে৷ যুগ-পৰিৱর্তনৰ সৈতে সংগতি ৰাখি তেওঁৰ কাব্য-সাধনা পৰিবর্তন আৰি বিৱর্তনৰ পথেৰে আগবাঢ়িছে বুলি নির্দ্বিধাই মানি লব লাগিব৷শব্দসংযোজনৰ ক্ষেত্ৰত কবিয়ে দেখুওৱা দক্ষতাই আমাক স্তব্ধ কৰি ৰাখে৷ আত্মবিশ্লেষণৰ তাগিদাত এনে আকুলতাক কবিতাৰ যোগেদিহে বেছি স্পষ্টকৈ ৰূপায়িত কৰিব বুলি শর্মাই অনুভৱ কৰে৷ আমি মনত ৰাখিব লাগিব যে তেওঁৰ মৌলিক প্ৰতিভাৰ উজ্জ্বল বিকাশ মাথোঁ কবিতাতে আবদ্ধ নহয়৷ তেওঁৰ পৰা কবিতাৰ আংগিকৰ চমৎকাৰ বৈচিত্ৰ আমি আশা নকৰোঁ৷ নিজৰ অভ্যস্ত আংগিকৰ জৰিয়তে ভাষাৰ ব্যঞ্জনাক্ষম প্ৰয়োগৰ ক্ষেত্ৰত দক্ষতা তেওঁ দেখুৱাইছে৷ কবি হিচাপে তেওঁৰ মৌলিকতা আছে বুলি আমি নিশ্চিত৷ শব্দ সম্ভাৰৰ বিচক্ষণ প্ৰয়োগ তেওঁৰ কবিতাত চকুত লগা বৈশিষ্ট৷

 

অধ্যাপক হীৰেণ দত্ত

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...

Next Previous