AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

নীল নদীৰ সান্নিধ্যত (Neel Nodir Sannidhyat)

Rating: 0/5
Price of print book:₹ 80
Our Price:
₹ 60
Author ইন্দ্ৰজিৎ দত্ত (Indrajit Dutta)
Language Assamese
Publisher Banphool-Nirvana Sutra
Book Code  BP11
Email
Share on Google+
Description

ইজিপ্টলৈ এবাৰ যোৱাৰ হেঁপাহ মনতে পুহি ৰাখিছিলোঁ বহুদিনৰ পৰা৷ ফাৰাওসকলৰ পিৰামিড, হাজাৰ বছৰজুৰি অবিকৃত হৈ থকা মামী, বেবিলনৰ ওলোমা বাগিচা, মৰুৰ শুকান বালিৰ মাজেৰে বৈ যোৱা বিশ্বৰ দীর্ঘতম নৈ নীল নদী আদিয়ে সৰুকালতেই ইজিপ্টৰ বিষয়ে মনত অপাৰ বিস্ময়ৰ সৃষ্টি কৰিছিল৷ টুটেনখামেনৰ সমাধিত আৱিষ্কৃত বিপুল ঐশ্বর্যৰ বৃত্তান্তই কৌতুহলী কৰি তুলিছিল মনটো৷ আশ্চর্য অনুভৱ কৰিছিলোঁ নীল নদীৰ ওপৰত আশ্বৱানত দিয়া প্ৰকাণ্ড বান্ধটোৱে সৃষ্টি কৰা বিশ্বৰ দ্বিতীয় বৃহৎ কৃত্ৰিম হ্ৰদটোত ডুব যাব খোজা আবু চিম্বেলৰ বিশাল মন্দিৰ দুটা টুকুৰা-টুকুৰকৈ কাটি উঠাই আনি ওখ, নিৰাপদ স্থানত অবিকল আগৰ দৰেই স্থাপন কৰা কৃতিত্বৰ কাহিনী শুনি৷ পুলকিত হৈছিলোঁ চুৱেজ খালক ৰাষ্ট্ৰীয়কৰণ কৰাৰ সাহসী পদক্ষেপত৷ বিস্ময় জাগিছিল ক্লিঅপেট্ৰাৰ দৰে এক বিৰল নাৰী চৰিত্ৰৰ লগত চিনাকী হৈ৷ মুগ্ধ হৈছিলোঁ একে নামৰ ছবিখনত ৰিচার্ড বার্টন আৰু এলিজাবেথ টেইলৰৰ অনবদ্য অভিনয় চাই৷ মনত আলোড়ন তুলিছিল ইজিপ্ট-ইজৰাইলৰ বিখ্যাত ছদিনীয়া যুদ্ধখনে৷ নীল নদীৰ পাৰত বিকাশ লাভ কৰা মানৱ সভ্যতাৰ ৰেঙণিয়েও মনত বাৰুকৈয়ে প্ৰভাৱ পেলাইছিল৷

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...

Next Previous