AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

সহজলভ্য বন দৰবৰ গুণ (Sahajlabhya Ban Darabar Gun)

Rating: 5/5
Price of print book:₹ 120
Our Price:
₹ 90
Author গুণাৰাম খনিকৰ (Gunaram Khanikar)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS70
Email
Share on Google+
Description

গুণাৰাম খনিকৰৰ সহজলভ্য বন দৰবৰ গুণকিতাপখনৰ কথা নুশুনা মানুহ খুব কম৷ অসমৰ প্ৰায় সকলো ঠাইতে এই কিতাপখন পোৱা যায় আৰু সঘনে ব্যৱহৃত হয়৷

বনৌষধৰ ওপৰত ঘৰুৱাভাৱে গৱেষণা কৰি ইতিপূর্বে একাধিক লেখাৰ পাছত গুণাৰাম খনিকৰে সহজলভ্য বন-দৰবৰ গুণশীর্ষক এখনি হাতপুথি সদৃশ প্রয়োজনীয় গ্রন্থ যুগুত কৰি উলিয়াইছে। অসমৰ দৰে দৰকাৰী গছ-লতাৰে ভৰি থকা দেশত বনৌষধিৰ দিশত নতুন চিন্তা-চর্চা হোৱা অৱশ্যে পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে আমাৰ বাৰীয়ে-হাবিয়ে সহজতে পাব পৰা বন-দৰবসমূহৰ কথাহে ঘাইকৈ ণ্ডণৰ ভিত্তিতি অগ্ৰাধিকাৰ দিয়া হৈছে।

পেটৰ ৰোগ, ছালৰ ৰোগ, তেজৰ ৰোগ, বুকুৰ ৰোগ, শ্বাস প্রণালীৰ ৰোগ, শিশুৰ ৰোগ, স্ত্ৰীৰোগ আদি বিস্তৃত শিতানত উল্লেখিত কাৰণ, লক্ষণ, বন-দৰবৰ ব্যৱহাৰ, পথ্য আৰু অপথ্যৰ বিৱৰণ দিয়া হৈছে। লগতে আকস্মকি দুর্ঘটনা, ৰোগ-প্রতিষেধক খাদ্য, সৌন্দর্য্য চর্চা, আয়ুস বৃদ্ধি, বিষাক্ত ব্যাধি-শীর্ষক পাঁচোটি সংক্ষিপ্ত অধ্যায় হাতত পোৱাকৈ সকলোৰে কামত আহিব পৰাকৈ সন্নিবিষ্ট কৰা হৈছে।

......সমস্ত গ্রন্থখনিয়ে অসমৰ জলবায়ুত বর্ধিত হোৱা বন-দৰবে অসমৰ মানুহক পোনপটিয়াকৈ গুণ দিব বুলি কব পৰা যায়।

 

অসমৰ হাবি-বননি আৰু বাৰী-চুকতে থকা অলেখ বনলতা, পাত আৰু ইটো-সিটো বস্তুৰেই তাহানি কালৰে পৰা আমাৰ অসমীয়া সমাজখনক বিভিন্ন ৰোগ ব্যাধিৰ পৰা নিৰাময় কৰি অহা হৈছে। এনে থলুৱা চিকিৎসলা পদ্ধতি সকলো সমাজতে আছে। শ শ বছৰৰ অভিজ্ঞতালব্ধ জ্ঞানেৰে সমাজৰ সর্বসাধাৰণ মানুহে এইবোৰ থলুৱা চিকিৎসা আৰু নিদান গ্রহণ কৰিছিল আৰু তাৰ ফল পাইছিল। বর্তমানে সর্বসাধাৰণ মানুহৰ হাতত এই নিদানবোৰ বহু ক্ষেত্রতে স্মৃতি হিচাপে আছে।

Reviews

Grate help 4 me. Thank u Assam kart.....
Gouri sankar
More reviews

Related Books

Customers who bought this also bought ...

Next Previous