AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories


Strict Standards: Only variables should be assigned by reference in /home/content/73/10933373/html/akart/modules/mod_virtuemart_category/tmpl/default.php on line 22

Last Visited

বিষণ্নতাৰ বেহেলা (Bisannatar Behela)

Rating: 0/5
Price of print book:₹ 99
Our Price:
₹ 80
Author ৰুমী লস্কৰ বৰা (Rumi Laskar Bora)
Language Assamese
Publisher Banphool-Nirvana Sutra
Book Code  BP14
Email
Share on Google+
Description

লেখকে সমল বুটলে বাস্তৱ সমাজৰ পৰা৷ জন্মৰ পৰা মৃত্যুলৈ বুলি কলে মাজৰ সময়ছোৱা কাৰোবাৰ বাবে দীর্ঘ, কাৰোবাৰ বাবে চুটি৷ কোনোৱে দীর্ঘ জীৱন পায়ো দুর্ভাগ্যৰ কৱলত পৰি, অথবা সীমাহীন হতাশাত, নিৰাশাত ভুগি জীৱনটোকে অভিশাপ ৰূপে গণ্য কৰিছে৷ কোনোৱে হয়তো চুটি জীৱন পাই নিষ্ঠুৰ নিয়তিৰ কুটিল দৃষ্টি বুলি হা-হুমুনিয়াহ কাঢ়িছে৷ ইয়াৰ মাজতে চলি থাকে যৌৱনৰ বর্ণিল ৰংঘৰত প্ৰেমৰ তাড়না, প্ৰেমৰ প্ৰতাৰণা অথবা প্ৰেমহীনতাৰ তিক্ত অভিজ্ঞতাযি দি থাকে ব্যক্তিৰ হৃদয়ত নোপোৱাৰ বেদনা, কেতিয়াবা পায়ো হেৰুওৱাৰ যন্ত্ৰণা৷

এই প্ৰেমৰ পৰা উদ্ৰেক হোৱা বিষাদৰ ঢলেই পাৰ বাগৰি কোনো ভাবুক যুৱকক কবিলৈ ৰূপান্তৰ কৰিছে৷ এই প্ৰেমেই এজন অনুভূতিপ্ৰৱণ যুৱকক বৃত্তিগত সমস্যাৰ কথা সোঁৱৰাই, দুচকুলৈ হতাশাৰ আন্ধাৰ নমাইছে৷ ঘৰুৱা সমস্যাৰ সৃষ্টি কৰিছে৷ বিভিন্ন ৰাগেৰে পৰিপূর্ণ জীৱনটোলৈ বিৰাগ ভাব আনি দিছে৷ যিটো কেতিয়াবা মানসিক ৰোগলৈও ৰূপান্তৰ হৈছে৷

এইবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ যুৱকজনে কি পন্থা ললে অৱশেষত? এই পন্থা আদর্শনীয় নিশ্চয় নহয়৷ কিন্তু আমাৰ আজিৰ সমাজত এচামৰ বাবে এয়া কৰুণ বাস্তৱ৷ এজন অনুভৱী যুৱকৰ হৃদয়ত কক্‌বক্‌ কৰি থকা অযুত মানৱীয় সুকোমল অনুভূতি আৰু প্ৰেম, নিৰাশা, হতাশাই জীৱনৰ প্ৰতি আনি দিয়া তীব্ৰ ক্ষোভ, অনীহা ভাবৰ প্ৰতিচ্ছবি দাঙি ধৰা হৈছে বিষণ্নতাৰ বেহেলাৰ মাজেদিযাৰ জীৱনৰ কৰুণ সুৰ শুনে মাথোঁ নির্বাক নদী, পক্ষী, গছ-গছনিয়ে৷

ত সমাজ থাকিও ব্যক্তি নিসংগ হয়, আত্মীয় থাকিলেও সময়ত অনাত্মীয়বোধ জাগ্ৰত হৈ পৰে এনে সময়তে এনে লোকে অস্বাভাৱিক আচৰণ দেখুৱাবলৈ আৰম্ভ কৰেযাক নিৰীক্ষণ কৰিবলৈ লাগে গভীৰ অন্তর্দৃষ্টি আৰু সহানুভূতি৷ ব্যক্তিগত মুনাফা আদায়ৰ বাবে যিকোনো পর্যায়লৈ যাব পৰা সমাজৰ প্ৰায়ভাগ মানুহৰ মাজতে এচাম আজিৰ যুৱকো আছে, যি নিজ মনোবাঞ্ছা পূৰণৰ বাবে ঘৰৰ মানুহৰ ওচৰত স্খলিত হব পাৰে অথচ যিকোনো পর্যায়লৈ যাবলৈ নিজৰ বিবেকক বিক্ৰী কৰিব নোৱাৰে৷

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...


Warning: Invalid argument supplied for foreach() in /home/content/73/10933373/html/akart/modules/mod_leovmscroller/libs/source/virtuemart/virtuemart.php on line 168