AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

ডায়েবেটিছ (Diabetes)

Rating: 5/5
Price of print book:₹ 50
Our Price:
₹ 40
Author গুণাৰাম খনিকৰ (Gunaram Khanikar)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS73
Email
Share on Google+
Description

বনৌষধিৰে ডায়েবিটিজ চিকিৎসা

(পঞ্চম সংস্কৰণ)

বহুমূত্ৰ ৰোগে সমগ্র বিশ্বতে এক ভয়াৱহতা সৃষ্টি কৰিছে। প্রতি বছৰে বিশ্বত বহুমূত্ৰ ৰোগত আক্ৰান্ত হোৱা লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পায়েই আছে। আগন্তুক বছৰ বিলাকতো ৰোগীৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা অতি বেছি। বহুমূত্ৰ ৰোগক সম্ভ্রান্তৰোগ বুলি কোৱা হয়। সর্বসাধাৰণ কৃষক, শ্ৰমজীৱী লোকতকৈ সম্ভ্রান্তলোকৰ জীৱনধাৰণৰ পদ্ধতি বিশেষকৈ শাৰীৰিক পৰিশ্রমতকৈ মানসিক পৰিশ্রম অধিক, খাদ্যাভ্যাস দ্ৰুত পৰিৱর্তন আদি দেখা যায়। ঠিক সেইদৰে গাওঁ অঞ্চলতকৈ নগৰ অঞ্চলত বসবাস কৰা লোকৰ বহুমূত্র ৰোগীৰ সংখ্যা তুলনামূলকভাৱে যিদৰে বেচি ঠিক তেনেদৰে বয়সৰ তুলনাত বর্তমানৰ যুৱক-যুৱতীসকল এই ৰোগত আক্রান্ত হোৱাৰ সম্ভাৱনা খুবেই বেচি।

বহুমূত্র ৰোগ এক জটিল ৰোগ। এই ৰোগত আক্রান্ত হলে অন্যান্য বহুৰোগে বিশেষকৈ উচ্চ ৰক্তচাপ, বুকু ধপধপনি, পিত্তৰোগ, স্নায়ু দুর্বলতা, স্মৰণশক্তি হ্রাস, বৃক্কৰোগ, চকুত জালপৰা, শক্তিহীন, পক্ষাঘাত আদি অনেক ৰোগে বহুমূত্রৰোগীক এক এক ভয়াৱহ অৱস্থালৈ লৈ যায়। টাইপ ৱান (আই ডি ডি এম) আৰু টাইপ টু  (এন আই ডি ডি এম) এই দুই প্রকাৰ বহুমূত্র ৰোগীৰ ভিতৰত সাধাৰণতে টাইপ টু ইনচুলিনৰ ওপৰত আত্মনিৰ্ভৰশীল। প্রায় অধিকাংশ লোকৰ হোৱা দেখা যায় যদিও ইয়াক সহজে প্রতিৰোধ আৰু নিৰাময় কৰিব পাৰি।

বহুমূত্ৰ ৰোগ কি, কেইপ্রকাৰ, ইয়াৰ প্রধান লক্ষণ মুখ্য কাৰণ, বনৌষধিৰ দ্বাৰা প্রতিৰোধ আৰু নিৰাময় কৰিব পাৰি। বহুমূত্ৰ ৰোগৰ ফলত হব পৰা সাম্ভাব্য বিপদ, বহুমূত্ৰ ৰোগীয়ে কেনে খাদ্য, কেতিয়া কেনেকৈ আৰু কিমান পৰিমাণে খাব লাগে, কি খাদ্য খাব নালাগে, অগ্নাশয় কি আৰু শক্তিশালী কৰিবলৈ কেনে খাদ্য খাব লাগে বা কেনে ব্যৱস্থা গ্রহণ কৰা উচিত ইত্যাদি ইত্যাদি বহুমূত্ৰৰ বিষয়ে প্রশ্নোত্তৰেৰে সকলোৱে বুজিব পৰাকৈ সহজভাৱে এই গ্ৰন্থখনিত আলোচনা কৰা হৈছে।

বহুমূত্ৰ ৰোগৰ বিষয়ে আৰু এই ভয়ঙ্কৰ ৰোগবিধ সাধাৰণ গছ-গছনিৰ দ্বাৰা কেনেদৰে প্রতিৰোধ আৰু নিৰাময় কৰি ৰোগীয়ে সুস্থ সৱলভাৱে জীৱন যাপন কৰিব পাৰে এই বিষয়ে পুথিখনিত আলোচনা কৰিবলৈ চেষ্টা কৰা হৈছে।

গুণাৰাম খনিকৰ

Reviews

....
Gouri sankar
More reviews

Related Books

Customers who bought this also bought ...

Next Previous