AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

জাপানত এভূমুকি (Japanat Abhumuki )

Rating: 0/5
Price of print book:₹ 120
Our Price:
₹ 100
Author তোষপ্ৰভা কলিতা (Toshaprabha Kalita)
Language Assamese
Publisher Banphool-Nirvana Sutra
Book Code  BP26
Email
Share on Google+
Description

সৰুতে সূর্যোদয়ৰ দেশবুলিয়েই এই দেশখনৰ বিষয়ে প্ৰথমে শুনিছিলোঁ৷ সমৃদ্ধিশালী এই দেশখনক প্ৰাচ্যৰ গ্ৰেট ব্ৰিটেইনবুলিও কোৱা হয় বুলি শুনিছিলোঁ৷ আকৌ দ্বিতীয় বিশ্বযুদ্ধৰ ভয়ংকৰ কাহিনীপাৰমাণৱিক বোমাই নিমিষতে ছাৰখাৰ কৰি পেলোৱা এই দেশৰ দুখন সমৃদ্ধ নগৰ হিৰশ্বিমা আৰু নাগাছাকিৰ নাম শুনিবলৈ পাইছিলোঁ৷ জনা হোৱাৰ পিছত যেনেকৈ ৰাজপুত ৰাণী পদ্মিনী আদিয়ে জহৰব্ৰতপালন কৰি আত্মসন্মান ৰক্ষা কৰা কাহিনী পঢ়ি শিহৰিত হৈছিলোঁ তেনেকৈয়ে কৰবাত পঢ়িবলৈ পাইছিলোঁ অকিনাৱা (Okinawa) নামৰ জাপানৰ ঠাই এখনত দ্বিতীয় বিশ্বযুদ্ধত আত্মসমর্পণৰ কালত শত্ৰুৰ হাতত পৰাতকৈ সন্তানহঁতক বুকুত বান্ধি পাহাৰৰ ওপৰৰপৰা জঁপিয়াই জাপানী নাৰীয়ে আত্মজাহ দিয়াৰ কাহিনী, বিজেতাক চমক লগাই অকিনাৱাৰ আণ্ডাৰগ্ৰাউণ্ডৰ আশ্ৰয়স্থলীত একেলগে আত্মহনন কৰি চাৰি হেজাৰ সাহসী নৌ-বিষয়াই শত্ৰুপক্ষক এক বীভৎস দৃশ্য উপহাৰ দি যোৱাৰ কাহিনী৷ শুনিছিলোঁ আইনুশব্দটোযি জাপানৰ হক্কাইডদ্বীপৰ এটা উপজাতিক বুজায় বুলি পিছত জানিলোঁ, পৰিচিত হলোঁ হাৰাকিৰি’, ‘হাইকু’, ‘ফুজিয়ামা’, ‘কিম’, ‘জেন’, ‘ইকেবানা’, ‘বনছাই’, ‘চামুৰাইআদি জাপানী শব্দ কিছুমানৰ লগত৷ অদ্ভুত সুন্দৰ জাপানী বাগিচাৰ কথা, জাপানী ছাতি, বিচনী, পুতলাৰ কথা, জাপানী বাঁহ আৰু জাপানী ছবিৰ কথাও শুনিলোঁ, পঢ়িবলৈ পালোঁ প্ৰেমেন্দ্ৰ মিত্ৰৰ কবিতা

শার্শিতে জল সাৰেং বাজে

পথ আজি নির্জন,

বাদলা পোকাৰ পাখনা দিয়ে

জাপানী লণ্ঠন৷

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...

Next Previous