AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

কবিতা সমগ্ৰ (Kabita Samagra )

Rating: 0/5
Price of print book:₹ 150
Our Price:
₹ 120
Author তোষপ্ৰভা কলিতা (Toshaprabha Kalita)
Language Assamese
Publisher Banphool-Nirvana Sutra
Book Code  BP37
Email
Share on Google+
Description

শ্ৰীমতী তোষপ্ৰভাৰ কবিতাৰ মাজত মই এক কঠোৰ প্ৰতিবাদৰ সুৰ শুনা পাইছোঁ৷ অসমীয়া কবিতাত এনে স্বচ্ছ প্ৰতিবাদৰ সুৰ মই আগেয়ে শুনা নাছিলোঁ৷ এওঁৰ কবিতাৰ চিত্ৰকল্পই মোক বৰ মুগ্ধ কৰিছিল৷ তেওঁৰ পুনৰাগমনায়অসমীয়া সাহিত্যত এটা শ্ৰেষ্ঠ কবিতা হিচাপে ৰৈ যাব৷ তেওঁৰ সীতানামৰ কবিতাটি পঢ়া বহুত দিন হ, কিন্তু  এই  কবিতাৰ নির্মম প্ৰতিবাদ আৰু যন্ত্ৰণাবোধে মন এতিয়াও সজাগ কৰি ৰাখিছে৷ অসমীয়া সাহিত্যত তোষপ্ৰভা এগৰাকী অনন্যা কবি৷

মামনি ৰয়চম গোস্বামী

 

...‘গুৱাহাটী 1982 (2)’ প্ৰকাশিত হোৱাৰ পিছত আপোনাৰ কবিতা কৰবাত দেখিলেই পঢ়োঁ৷ আপোনাৰ এই অপূর্ব কবিতাটি আৰু ছিন্নমূলৰ গান’, ‘গুৱাহাটী 1982 (1)’ পঢ়ি এক বিশেষ তৃপ্তি আৰু আনন্দ পাইছিলোঁ৷ কি সুৱদি অথচ ধাৰাল ধ্বনিময় ভাষা! এতিয়াও এই কবিতা তিনিটাই মাজে মাজে মোক অনুসৰণ কৰে৷ আপোনাৰ কবিতাৰ বচনভঙ্গী, ভাষা, ছন্দ ৰূপ গঠনৰ এটা সুকীয়া মাধুর্য আছে৷ আপোনাৰ সংবেদনশীলতা, বাস্তৱবোধ, সমাজচেতনা আৰু জীৱনদৃষ্টিৰ এটা বৈশিষ্ট্য আছে৷ কথা এষাৰ আছে নহয়ঃ বাস্তৱ উপলব্ধিতহে কবিৰ ব্যুৎপত্তি৷ আপোনাৰ কবিতা প্ৰেমময়ী, বিক্ষুব্ধ, ক্ষত-বিক্ষত  নাৰীমনৰ অভিব্যক্তি৷ আৰু আপুনিয়েই লিখিছে,-- ‘সত্তৰ বছৰীয়া জন্মদিনত’,  ‘কর্ণবিষাদযোগ’, ‘জন্মদিনতইত্যাদি৷ লিখিছে,--‘তে দুখ যতেই  মানুহ/কবিতা তাতেই...৷কবিতা তাতেই৷

নীলমণি ফুকন

 

...‘নির্বাচিত কবিতাত একেলগে বহুখিনি কবিতা পঢ়িবলৈ পাই প্ৰথমবাৰৰ বাবে অনুভৱ কৰিলো যে এই এগৰাকী গভীৰ, সংবেদনশীল আৰু চিৰিয়াছকবিক যেন আমি ইমানদিনে ঠিক চিনি পাব পৰা নাই... পৰিণত শিল্পক সতেজ কৰি তুলিছে এক গভীৰ বিশ্বজনীন জীৱনবোধে-- মানৱীয় প্ৰমূল্যৰে সম্পৃক্ত হৈ পৰিছে কবিৰ কবিতা৷

ধ্ৰুৱজ্যোতি বৰা

 

...‘সীতাআৰু দ্ৰৌপদীনামৰ দুটা বিশিষ্ট সার্থক কবিতা  লিখি  এইগৰাকী লিখিকাই ইতিমধ্যে খ্যাতি আৰু সমাদৰ লাভ কৰিছে...৷ ...অনুভূতিৰ আন্তৰিকতা, উপলব্ধিৰ গভীৰতা, মননশীলতা, সুৰুচি, সাবলীলতা আৰু মনোগ্ৰাহিতা এই কবিতাবোৰৰ বৈশিষ্ট্য৷ কিন্তু এই সকলোবোৰৰ উপৰি যিহে তেখেতৰ কবিতাক স্বকীয়তা দিছে সি হdiction- বাগার্থপ্ৰতিপত্তি৷ ...তদুপৰি কবিগৰাকীৰ আছে image তৈয়াৰ কৰাৰ ঈর্ষণীয় ক্ষমতা আৰু আছে জগৎ-সংসাৰ সম্বন্ধে চিন্তাশীল উপলব্ধি৷ ...কবি হিচাপে তোষপ্ৰভাই তেওঁৰ পাৰদর্শিতা প্ৰমাণ কৰিছে৷

0 প্ৰফুল্ল কটকী

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...

Next Previous