AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

অৱলোকনত অসম ইতিহাস (Awalokanat Axom Itihas )

Rating: 0/5
Price of print book:₹ 250
Our Price:
₹ 220
Author কনক চন্দ্ৰ শর্মা (Kanak Chandra Sarma)
Language Assamese
Publisher Banphool-Nirvana Sutra
Book Code  BP17
Email
Share on Google+
Description

সদ্য প্ৰাক্তন অসম সাহিত্য সভাৰ উপ-সভাপতি, অসম চৰকাৰৰ উচ্চ প্ৰশাসনীয় বিষয়াৰূপে সুদক্ষতাৰে কাম কৰা অৱসৰপ্ৰাপ্ত উপায়ুক্ত কনক চন্দ্ৰ শর্মা (জন্ম ১৯৩৬, ২ ডিচেম্বৰ) চাকৰি জীৱনৰ পৰাই এগৰাকী গৱেষণাধর্মী চিন্তাশীল লেখক আৰু সাহিত্য-সমালোচকৰূপে সমাজত সুপৰিচিত আৰু সুপ্ৰতিষ্ঠিত৷

গধুৰ প্ৰশাসনীয় কর্ম কৃতিত্বৰে সম্পাদন কৰিও তেওঁ সাহিত্য-সংবাহন, প্ৰসংগঃ দেৱীদুর্গা, সাহিত্য-চিন্তা বিবিধা, ৰমণীয় সাহিত্যঃ নাটক আদি গ্ৰন্থবোৰ নিৰলস সাহিত্য-সাধনা আৰু অধ্যায়নৰ গুণতে লিখি গৈছিল এখনৰ পাছত এখনকৈ৷ তাৰ মাজতে লিখি গৈছে সাহিত্য, ইতিহাস আৰু পুৰাতাত্ত্বিক বিষয়ৰ বিভিন্ন বিশ্লেষণাত্মক চিন্তাশীল প্ৰবন্ধ-নিবন্ধ৷ মাজে মাজে লিখি গৈছে নাট্যধর্মী আলেখ্য আৰু কবিতা৷ সংগ্ৰহ-সম্পাদনা কৰিছে বহুকেইখন গধুৰ গ্ৰন্থ, আলোচনী আৰু অন্য প্ৰয়াত লেখকৰ ৰচনাৱলী৷ পুৰাতাত্ত্বিক সম্পদ, প্ৰাচীন পুথিৰ অনুসন্ধান, প্ৰাচীন লিপি আৰু সাঁচিপতীয়া পুঠিৰ পাঠোদ্ধাৰ কার্য্যইও শর্মাদেৱৰ সাহিত্য-কর্ম সাধনাত আনি দিছে এক নতুন মাত্ৰা আৰু সংযোজন৷

শ্ৰীশর্মাৰ সাংবাদিকতাও এক উল্লেখনীয় কর্ম৷ সংবাদ-পত্ৰৰ সম্পাদকীয় স্তম্ভ লেখকৰূপেও তেওঁ কৃতিত্ব আর্জিছে৷ সাপ্তাহিক সংবাদপত্ৰৰ সম্পাদকৰূপে আৰু সাহিত্যালোচনীৰ সম্পাদক, উপদেষ্টাৰূপেও তেওঁ সেৱা আগবঢ়াইছে৷

সমালোচকসকলৰ মতে শ্ৰীশর্মাৰ লেখা কাৰো কার্বন-কপি নহয়৷ মৌলিক চিন্তা-চর্চাই তেওঁৰ সকলো লেখাৰ মূল সম্পদ৷ সাধাৰণ ৰসামোদী আৰু চিন্তাশীল উভয়বিধ পাঠকেই তেওঁৰ লেখাত এই বৈশিষ্ট্য উপলব্ধি কৰে৷

চাকৰিত থকা সুদীর্ঘ কালত অসমৰ বিভিন্ন সাহিত্য আৰু সাংস্কৃতিক অনুষ্ঠানৰ সংগঠন আৰু তাৰ প্ৰতি বহুমূলীয়া অৱদান আগবঢ়াই অহা শ্ৰীশর্মাৰ প্ৰাচীন ভাৰতীয় আৰু প্ৰাচীন অসমৰ ঐতিহ্য আৰু ইতিহাসৰ প্ৰতি থকা শ্ৰদ্ধাশীল ভাব আৰু সুগভীৰ জাতীয় প্ৰেম স্পষ্টকৈ লক্ষ্যণীয়৷

অৱলোকনত অসম-ইতিহাস এই গ্ৰন্থই এনে মধুৰ মনোভাবৰ উৎকৃষ্ট পৰিচয় বহন কৰে৷

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...