Rating: 5/5
Our Price: ₹ 60 |
|
||||||||||||||||
|
সপ্তাহত একোবাৰকৈ- কেতিয়াবা একাধিকবাৰ- তেওঁ মোলৈ টেলিফোন কৰে। সুদীর্ঘ ত্রিশ বছৰৰ বন্ধুৰ লগত টেলিফোনত কথা পাতিয়েই তেওঁৰ নিজৰ মন পাতলাবলৈ চেষ্টা কৰে। ময়ো যিমান পাৰোঁ উৎসাহজনক কথা কৈ আৰু দুই-চাৰিটা উপদেশ দি তেওঁক সহায় কৰিবলৈ চেষ্টা কৰোঁ। কিন্তু কেইসপ্তাহমানৰ আগতে তেওঁ মোক এনেকুৱা এষাৰ কথা কৈ শুনালে, যিষাৰ কথা শুনি তেওঁৰ জীৱনৰ পাত্র অবর্ণনীয় হতাশা আৰু বিষাদেৰে পৰিপূর্ণ হৈ উঠা যেন মোৰ মনত ধাৰণা হ’ল। তেওঁৰ কথা শুনি মই স্তব্ধ হৈ গ’লোঁ। তেওঁক সান্ত্বনা দিবলৈ মই একো কথা বিচাৰি নাপালোঁ। তেওঁ টেলিফোনতে মোক ক’লে- ‘মোৰ শৰীৰত প্ৰাণটো থাকিলে কি হ’ব? মই ইতিমধ্যেই নব্বৈ শতাংশ মৰিছোঁ। মাত্র দহ শতাংশহে জীয়াই আছোঁ। মই এতিয়া কি কৰা উচিত আপুনি মোক কওক৷’
বন্ধুৰ লগত টেলিফোনত হোৱা এই কথোপকথনৰ পিছত কেইবাদিনো পাৰ হৈ গ’ল। কাম-বনৰ ফাঁকে ফাঁকে মই তেওঁৰ কথাই ভাবি থাকিবলৈ ধৰিলোঁ- কি উপায়েৰে মানুহজনৰ মনত নতুন আশাৰ সঞ্চাৰ কৰা যায়? কেনেকৈ তেওঁৰ দৃষ্টি মৰণৰ পৰা জীৱনৰ ফালে ঘূৰাই অনা যায়?
---------
হোমেন বৰগোহাঞিৰ কথা-বাৰ্তাত পঢ়ক বিভিন্ন বিষয়ত তেওঁৰ চিন্তাৰ প্ৰতিফলন তেওঁৰ এই প্ৰবন্ধ সংকলনটোত ৷
The intended recipient will get an e-mail letting him/her know you've gifted the book.
The mail will contain detailed instructions on the steps to be followed .
Name : | |
Email : | |