AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

শিল্প কলাৰ অনুৰাগ কথন খণ্ড ১ (Silpakalar Anurag Kothon Part 1)

Rating: 0/5
Price of print book:₹ 175
Our Price:
₹ 150
Author খনিন দাস (Khanin Das)
Language Assamese
Publisher Banphool-Nirvana Sutra
Book Code  BP05
Email
Share on Google+
Description

শিল্পকলাৰ অনুৰাগ কথনত স্থান দিয়া লেখনিসমূহৰ সৰহখিনিৰে ৰচনাকাল আছিল বিগত শতিকাটোৰ শেষৰ আৰু এই একবিংশ শতিকাৰ প্ৰথম দশকটোৰ আৰম্ভণিৰ সময়খিনি৷ মানৱ ইতিহাসৰ সবাতোকৈ বর্ণাঢ্য শতিকা এটা পাৰ হৈ আহি একবিংশ শতিকাৰ আলি-দোমোজাত ৰৈ আমাৰ শিল্পকলাৰ পৰিবেশত শিল্পীসকলে ভৱিষ্যতৰ দিশে আশাবাদী হৈয়েই নতুন শতিকাটোক আদৰণি জনাবলৈ আগবাঢ়িছিল সৃষ্টি-উৎসৱৰ পয়োভৰেৰে৷ সেই সময়খিনিতে অসমৰ কেইবাগৰাকীও জ্যেষ্ঠ শিল্পীৰ জীৱনজোৰা সৃষ্টিৰ সমগ্ৰ-দর্শনৰ প্ৰদর্শনী (Retrospective) অনুষ্ঠিত হৈছিল, উল্লেখযোগ্যভাৱে পোন প্ৰথমবাৰৰ বাবে ললিত কলাৰ ৰাষ্ট্ৰীয় বার্ষিক প্ৰতিযোগিতামূলক প্ৰদর্শনীখন গুৱাহাটীত অনুষ্ঠিত হৈছিল, ইত্যাদি৷ তদুপৰি গুৱাহাটীস্থিত কলা বীথিকাকেইটাত নতুন শতিকাটোৰ আধুনিকতম শিল্প-ভাবনাৰ স্বপ্ন খেদি তৰুণ প্ৰজন্মৰ শিল্পীসকলে নিজকে গতিশীল কৰি তুলি অনুষ্ঠিত কৰিছিল ভালেসংখ্যক চিত্ৰ-ভাস্কর্য প্ৰদর্শনী৷ সৃষ্টি প্ৰয়াসেৰে নিজস্ব সময়ক প্ৰতিনিধিত্ব কৰি আমাৰ শিল্পীসকলে নিৰৱধিভাৱে সময়ৰ সোঁতত আগবাঢ়িব পাৰিছে যদিও সর্বসাধাৰণৰ এই দৃশ্য-গ্ৰাহ্যৰ হৃদয় অনুভৱী জগতখনৰ সৈতে সম্পর্ক কম৷ কলা বীথিকাত দর্শকৰ কম উপস্থিতি, সৃষ্ট কর্মৰ সঠিক মূল্যায়ন নোহোৱা অথবা শিল্প ৰসজ্ঞ আৰু ক্ৰেতা-সংগ্ৰাহকৰ অভাৱ আদি নানানটা কাৰকে আমাৰ শিল্পীসকলক হতাশাগ্ৰস্ত কৰি তুলিছে৷

আমাৰ অসম’, ‘দৈনিক বাতৰি’, ‘আজি’, ‘গৰিয়সী’, ‘শিল্পীৰ পৃথিৱী’, ‘চিহ্ন’, ‘ৰংঘৰ’, ‘আজৰিকে ধৰি বিভিন্ন গ্ৰন্থ সংকলন, কাকত-আলোচনীত সময়ে সময়ে প্ৰকাশ পোৱা শিল্পকলা বিষয়ক লেখনিসমূহৰ পৰা গ্ৰন্থ পৰিসৰৰ সীমাবদ্ধতাৰ কথালৈ লক্ষ্য ৰাখি আৰু গ্ৰন্থৰ বাবে উপযোগী নির্দিষ্টসংখ্যক ৰচনা নির্বাচনৰ পাছত তাক পৰিমার্জন, সংশোধন কৰি ইয়াত সন্নিৱিষ্ট কৰা হৈছে৷

খনিন দাস

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...


Warning: Invalid argument supplied for foreach() in /home/content/73/10933373/html/akart/modules/mod_leovmscroller/libs/source/virtuemart/virtuemart.php on line 168