AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

শংকৰ বিভ্ৰাটৰ প্ৰত্যুত্তৰ (Sankar Bibhrantir Pratyuttar)

Rating: 0/5
Price of print book:₹ 90
Our Price:
₹ 60
Author ইছমাইল হোছেইন (Ismail Hossain)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS79
Email
Share on Google+
Description

শ্ৰীকান্ত দেৱ শর্মা নামৰ এগৰাকী পুৰোহিতে লিখা শঙ্কৰৰ বিভ্ৰাটনামৰ গ্ৰন্থখন সম্পর্কে বিভিন্ন কাকতে-পত্ৰে প্ৰতিবাদী-টোকা প্ৰকাশ পাবলৈ ধৰোঁতে হঠাৎ ১২ ডিচেম্বৰ, ২০০৮ সংখ্যা অসমীয়া খবৰত নগেন গোস্বামীদেৱৰ শঙ্কৰ বিভ্ৰাট কিয়?’ নামৰ প্ৰবন্ধ এটিৰ দুটামান বাক্য বিশেষভাৱে চকুত পৰিল৷ বাক্য দুটা আছিল– “শঙ্কৰ বিভ্ৰাটৰ দৰে বাতুল প্ৰকাশ গুৰুত্বপূর্ণ কথা নহয়৷ কিন্তু সেই কথাত অযথা গুৰুত্ব দিয়া অৱস্থাই চিন্তাৰ খোৰাক যোগাইছে৷ আমাৰ এই লেখা শঙ্কৰ বিভ্ৰাটৰ লেখকৰ প্ৰতি নহয়, আমাৰ লেখা সেইসকলৰ প্ৰতিহে যি বিচাৰি-খোচাৰি এনে অপাঠ্য পাঠ কৰি হিয়া-মূৰ ধুনিছে৷গোস্বামীদেৱে লেখাটোত উল্লেখ কৰিছে যে তেখেতে গ্ৰন্থখন পঢ়া নাই বা পঢ়াৰ চখো নাই৷

এসময়ত আমিও গোস্বামীদেৱৰ দৰেই ভাৱিছিলোঁ৷ কিন্তু যোৱা ২৭ নৱেম্বৰ, ২০০৮ত শঙ্কৰ বিভ্ৰাটৰ লেখক শ্ৰীকান্ত দেৱ শর্মাৰ ঘৰলৈ গৈ তেখেতৰ সৈতে সুদীর্ঘ সময় শঙ্কৰদেৱ সম্পর্কে তর্ক-বিতর্ক কৰি, তেখেতে উল্লেখ কৰা কথাবোৰ কোন গ্ৰন্থৰ কোন পৃষ্ঠাত আছে সেই সম্পর্কে জানি-বুজি সিদ্ধান্তলৈ আহিছিলোঁ যে শর্মাদেৱৰ উদ্দেশ্য সৎ নহয়, তেখেতৰ উদ্দেশ্য হল শঙ্কৰদেৱ আৰু তেৰাৰ অনুগামীসকলক আক্ৰমণ কৰা আৰু তেৰাৰ দর্শন তথা দৃষ্টিভঙ্গীক অসাৰ বুলি প্ৰতিপন্ন কৰা৷ তাকে কৰিবলৈ যাওঁতে শর্মাদেৱে শঙ্কৰদেৱ মানুহেই নাছিল’, কামুক আছিল, মুছলমানৰ প্ৰতি সদ্ভাৱ নাছিল ব্ৰাহ্মণৰ হত্যাকাৰী আছিল ইত্যাদি ধৰণৰ কিছুমান অতি অশালীন মন্তব্য কৰিছে তেখেতৰ গ্ৰন্থত৷ সেয়ে আমি বহু দিশ চালি-জাৰি চাই দৈনিক অগ্ৰদূতৰ দুটামান সংখ্যাত সংক্ষেপে শঙ্কৰ বিভ্ৰাটৰ প্ৰত্যুত্তৰ লিখিছিলোঁ আৰু শর্মাদেৱক তেখেতৰ কৃতকর্মৰ বাবে ৰাইজৰ ওচৰত ক্ষমা খুজি গ্ৰন্থখনৰ বিক্ৰী তথা প্ৰচাৰ বন্ধ কৰিবলৈ শ্ৰদ্ধাসহকাৰে শুভাকাঙ্খীৰ অনুৰোধ জনাইছিলোঁ৷ কিন্তু আমাৰ সেই অনুৰোধলৈ ভ্ৰূক্ষেপ নকৰি তেখেতৰ স্বভাৱজাত ঘৃণা আৰু দ্বেষ শঙ্কৰদেৱ আৰু তেৰাৰ অনুগামী তথা শঙ্কৰদেৱক শ্ৰদ্ধা কৰাসকলৰ প্ৰতি প্ৰকাশ কৰিয়েই থাকিল৷

 

- ইছমাইল হোছেইন

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...