AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

মোৰ চিনাকি গুৱাহাটী- কতজন কতকথা (Mor Chinaki Guwahati)

Rating: 0/5
Price of print book:₹ 150
Our Price:
₹ 100
Author কুমুদেশ্বৰ হাজৰিকা (Kumudeswar Hazarika)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS81
Email
Share on Google+
Description

গুৱাহাটী মোৰ মৰমৰ, বৰ চেনেহৰ৷ তাহানিৰ সৰু নিকা গুৱাহাটী চহৰখন, ইয়াৰ চাৰিওদিশৰ সেউজীয়া পাহাৰ, ওচৰ-পাঁজৰৰ সেউজীয়া ধাননি আৰু মাজৰ জলাশয়বোৰ, চার্চফিল্ডৰ (বর্তমান নেহৰুপার্ক) ওখ ওখ কৃষ্ণচূড়া গছবোৰ, ইয়াৰ তিনিকোণীয়া ৰঙা ইটাৰ সেন্দূৰী আলি, পাণবজাৰৰ জুবিলি বাগিচা, গুৱাহাটীৰ পুৰণি দুর্গাপূজা, তদুপলক্ষে হোৱা যাত্ৰাভিনয়, মহাত্মা গান্ধী পাণ্ডুঘাটৰ পৰা আহি নমা অকণমান ৰেল ষ্টেচনটো, ইয়াৰ চাৰিওফালৰ খেজুৰ গছবোৰ আজিও আমাৰ স্মৃতিৰ কঠীয়াতলীত সজীৱ হৈ আছে৷ সোঁৱৰণিৰ জলঙাৰে বিচাৰি ফুৰোঁ মোৰ শৈশৱৰ, মোৰ কৈশোৰ আৰু যৌৱনৰ সেই গুৱাহাটীখন৷ উভতি যাবৰ মন যায় উমলি-জামলি ডাঙৰ হোৱা সেই সুন্দৰ পৰিৱেশলৈ৷ মন যায় আজিৰ প্ৰজন্মক আমি দেখা সেই গুৱাহাটীখনৰ কথা সাধুকথাৰ দৰে কবলৈ৷ উৎসাহ পাওঁ যেতিয়া মোৰ ওচৰলৈ বর্তমান প্ৰজন্মৰ বহুজন (বিশেষকৈ উদীয়মান সাংবাদিকসকল) আহে পুৰণি গুৱাহাটীখনৰ বিষয়ে জানিবলৈ, আমি দেখা গুৱাহাটীৰ কথা শুনিবলৈ৷ বর্তমান মহানগৰীৰ টকলা পাহাৰবোৰ, মৃতপ্ৰায় জলাশয়বোৰ দেখিলে, গুৱাহাটী-শ্বিলং পথৰ বিয়াগোম এপার্টমেন্টবোৰ, অত্যাধুনিক শ্বপিংমল, বাৰ, হোটেল, ৰেষ্টুৰেন্ট, ডিজিটেল ছবিঘৰ আদি দেখিলে মনত পৰে উলুবাৰীৰ পৰা খানাপাৰালৈ বিয়পি থকা সেউজীয়া ধাননিৰ কথা৷ সেই ধাননিৰ মাজে মাজে আছিল জনজাতীয় লোকৰ ভালেসংখ্যক জুপুৰী৷ খানাপাৰাত থাকোঁতে সেইফালৰ পৰা আঘোণমহীয়া পুৱা গুৱাহাটীলৈ ধান কঢ়িয়াই অনা শাৰী শাৰী গৰুগাড়ীবোৰে টিলিঙা বজাই অহা দৃশ্যও মনত পৰে৷ কেইবাঘন্টাৰ অন্তৰে অন্তৰে এই পথত কমার্চিয়েল কেৰিং কোম্পানীৰ শ্বিলঙলৈ যোৱা কেইখনমান বাছ আৰু দুই-এখন ব্যক্তিগত মটৰগাড়ীহে দেখিছিলোঁ৷ সেইবোৰ কথা মনত পৰিলে চিঞৰি চিঞৰি কবৰ মন যায়– ‘মোক সেই পুৰণি গুৱাহাটী চহৰখন ওভতাই দিয়া৷

 

কুমুদেশ্বৰ হাজৰিকা

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...