AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

টংক মামাৰ শব্দৰ সাধু (Tanka Mamar Shabdar Saadhu)

Rating: 0/5
Price of print book:₹ 90
Our Price:
₹ 60
Author ড০ শিৱনাথ বৰ্মন (Dr. Sivanath Barman)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS82
Email
Share on Google+
Description

বাৰু কচোন, শব্দ মানে কি’?– এদিন কথা প্ৰসংগত টংক মামাই মাইনাক সুধিলে৷ মাইনাই ধেমালিতে টিলিকি এটা মাৰি কলে, ‘আপুনি যি শুনিলে সেয়াই শব্দ৷’ ‘তই দেখিছোঁ বেছ টেঙৰী ছোৱালী৷ তই যি শব্দৰ কথা কলি, সি হল বায়ু আদি মাধ্যমত হোৱা শক্তিৰ এবিধ ঢৌযাৰ জৰিয়তে এজনে কথা কলে আনজনে শুনে৷ এই ঢৌ সম্পর্কীয় যি আলোচনা-বিলোচনা, তাক কোৱা হয় শব্দবিজ্ঞান৷ ই পদার্থবিজ্ঞানৰ এটা বিভাগ৷ আৰু এবিধ শব্দৰ কথা ব্যাকৰণত পাইছ নহয়৷

ওঁ পাইছোঁ, পাইছোঁ’– অলপ ভাবি মাইনাই কলে–‘মানুহ, ঘৰ, সুখ, দুখ, আকাশ, বেলি, তৰাএইবোৰ শব্দৰ কথা কৈছে, নহয়!

মামাই মুৰ দুপিয়ালে–‘হয়, এইবোৰ শব্দৰ কথাই কৈছোঁ৷ এতিয়া এইবিধ শব্দ কাক বোলে ক

মাইনাই কিছু কথা চিন্তা কৰিলে, তাৰ পিছত কলে, ‘শব্দ মানে কি জানো, কিন্তু কাক বোলে কব নোৱাৰিম৷ আপুনি এই বিষয়ে  অলপ কওকনা৷

মই আজি একো নকওঁ৷ তোৰ গৰমৰ বন্ধ আৰম্ভ হৈছে, নহয় জানো?’

মাইনাই হয়বুলি কোৱাত মামাই কলে, ‘তই নিতৌ পুৱা তোৰ পঢ়া শেষ কৰি মোৰ ওচৰলৈ আহিবি৷ মই তোক শব্দৰ সাধু কম৷

 

মাইনায়ো কথা দিলে আৰু পুৱাবেলা নিতৌ একোবাৰ টংক মামাৰ ওচৰলৈ যাব ধৰিলেশব্দৰ সাধু শুনিবৰ বাবে৷

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...