AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

জেংবিহু টকাবিহু গাভৰুবিহু (Jeng Bihu Taka Bihu Gabharu Bihu)

Rating: 0/5
Price of print book:₹ 120
Our Price:
₹ 80
Author ইছমাইল হোছেইন (Ismail Hossain)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS84
Email
Share on Google+
Description

জেংবিহু, টকাবিহু বা গাভৰুবিহু হল জীয়াৰী আৰু মহিলাসকলে আয়োজন কৰা বিহু৷ জেংবিহু মূলতঃ বোৱাৰীসকলৰ বিহু৷ কিছুমান ঠাইত আইতাসকলেও এই বিহুৰ আয়োজন কৰিছিল৷ সেইবাবেই জেংবিহুক আইতাবিহু বুলিয়ো আভিহিত কৰা হয়৷ বোৱাৰীসকলে গছতলত আয়োজন কৰা জেংবিহুক বোৱাৰীবিহু বা মাইকীবিহু বা মহিলাবিহুৰূপেও জনা যায়৷ তদুপৰি কিছুমান ঠাইত ঘৰত পুৰুষ নথকাৰ অজুহাতত বোৱাৰীসকলে ঘৰৰ ভিতৰত সোমাই কিছুমান বনৰীয়া নাম গাই নাচে বাবে মহিলাসকলৰ বিহুক ঘৰবিহু বুলিয়ো জনা যায়৷ বিভিন্ন ঠাইত জীয়াৰী, বোৱাৰী আৰু আইতাসকলে গছৰ তলত আয়োজন কৰিছিল বাবে এই বিহুক গছতলৰ বিহুৰূপেও অভিহিত কৰা যায়৷ সেয়ে দেখা যায় যে পুৰুষ বা ডেকালৰাহীন এই বিহুক ঠাই বিশেষে মহিলাবিহু, মাইকীবিহু, আইতাবিহু, বুঢ়ীবিহু, ঘৰবিহু, জীয়াৰীবিহু, গাভৰুবিহু আদি নামেৰে যুগ যুগ ধৰি পালন কৰি আহিছে৷

 

চুতীয়া আৰু আহোম ৰজাসকলৰ দিনৰে পৰা মহিলাসকলৰ এই বিহুৰ পৰম্পৰা চলি আহিছে যদিও কুৰি শতিকাৰ শেষভাগৰ পৰা গছতল, নৈৰ পাৰ বা পথাৰত মহিলাসকলে বিহু মৰাৰ পৰম্পৰা একপ্ৰকাৰ নাইকিয়া হৈ পৰিছে৷ পূর্বৰ মহিলাসকলৰ বিহু এতিয়া মঞ্চ আৰু ৰাজপথলৈ আহিছে৷ সাজ-পাৰ, অলঙ্কাৰ, বাদ্য-যন্ত্ৰ, বিহুনাম আৰু নাচোন ভঙ্গিমাৰ ক্ষেত্ৰত বহুঠাইত মহিলাবিহুৱে তাৰ স্বকীয়তা বজাই ৰাখিবলৈ সফল হৈছে যদিও তাহানি গছতলত বা ঘৰৰ ভিতৰত সোমাই গোপন কথা ব্যক্ত কৰি মৰা মহিলাবিহুৰ সেই মাদকতা আজি নাই৷ সেয়ে নতুন প্ৰজন্ম বা আজিৰ জীয়াৰী-বোৱাৰীসকলৰ বেছিভাগেই নাজানে পূর্বৰ জেংবিহু, টকাবিহু বা গাভৰুবিহুৰ কথা৷

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...


Warning: Invalid argument supplied for foreach() in /home/content/73/10933373/html/akart/modules/mod_leovmscroller/libs/source/virtuemart/virtuemart.php on line 168