AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

সুবালা (Subala)

Rating: 0/5
Price of print book:₹ 70
Our Price:
₹ 50
Author হোমেন বৰগোহাঞি (Homen Borgohain)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS87
Email
Share on Google+
Description

সুবালা’, মই নিজকে মনে মনে কলোঁ – ‘যদি তই জীয়াই থাকিব খোজ, এয়েই তোৰ জীৱন। তই এজনী বেশ্যা। বুঢ়ীৰ এই পোহৰ-বতাহ নোসোমোৱা, পায়খানাৰ পোকে চাৰিওফালে কিল্‌বিল্‌ কৰি থকা নৰক-কুণ্ড হেন ঘৰত তই চিৰকাল পৰি থাকিব লাগিব। দেহত যৌৱন থাকে মানে দিনে-ৰাতিয়ে তোৰ ওচৰলৈ মানুহ আহিব, ডেকা-বুঢ়া, সুন্দৰ-কুৎসিত, নিৰোগী-বেমাৰী, সকলো ধৰণৰ মানুহ, সকলোৱে আহি তোৰ দেহৰ ওপৰত জঁপিয়াই পৰিব আৰু কুকুৰ-শিয়ালে মৰাশ ছিন্ন-ভিন্ন কৰাৰ দৰে তোৰ দেহ বখলিয়াই পেলাব। নিষ্প্ৰাণ পুতলাৰ দৰে সিহঁতে তোৰ দেহটো পিটিকি মুচৰি পেলাব, আঘাত কৰিব, তোৰ যন্ত্রণা দেখি সিহঁতে অট্টহাস্য কৰি হাঁহি উঠিব, আৰু যাবৰ সময়ত তোৰ গাত দলি মাৰি থৈ যাব কেইটামান টকা। তই কাৰো আই নহয়, ভনী নহয়, প্রিয়া নহয়, আনকি তই কাৰো বন্ধুও নহয়। প্রতি দিনৰ সূর্যোদয়ে তোৰ জীৱনলৈ একো নতুন আশা লৈ নাহে, প্রতি ৰাতিৰ অন্ধকাৰে কাৰো প্রিয় স্মৃতি তোৰ হৃদয়ত জগাই নোতোলে। খোৱা আৰু শোৱা, তাৰ মাজে মাজে হেজাৰটা অপৰিচিত কামার্ত পশুৰ লগত নৰক-শয্যাত শয়ন- দিনৰ পাছত দিন- এয়েই তোৰ জীৱন। তাৰ পাছত এদিন তোৰ যৌৱন শেষ হ, তই বুঢ়ী হবি, সেই দিনা আই তোৰ ওচৰলৈ আহিবলৈ পৃথিৱীৰ কোনো মানুহৰে একো প্রয়োজন নহব। এই পৃথিৱীত যি একেবাৰে অকলশৰীয়া, সৰ্বস্বান্ত, অভিশপ্ত, জীয়াই থাকিবলৈ যাৰ কোনো অৱলম্বন নাই বুলি ভাবো, তাৰো নিশ্চয় থাকে সুদূৰ অতীতৰ কিবা এটা প্রিয় স্মৃতি, মাজে মাজে যি স্মৃতি ৰোমন্থন কৰি খন্তেকৰ কাৰণে হলেও সি জীয়াই থকাৰ সাৰ্থকতা অনুভৱ কৰিব পাৰে। কিন্তু বুঢ়ী বেশ্যা, চকুৰ আগতে যাৰ জীৱন্ত আর্হি এই বুঢ়ীমাই, কি ভয়ংকৰ বুঢ়ী বেশ্যাৰ এই নিঃসংগতা, এই অসহায়তা, এই আশাহীনতা। অতীতলৈ ঘূৰি চাবলৈ তাইৰ উপায় নাই, অতীত কেৱল নৰকৰ অন্ধকাৰ। ভৱিষ্যতলৈ চাবলৈ তিলমাত্র আশা নাই, সি কেৱল পশুৰ দৰে নিঃসংগ নিষ্ঠুৰ মৃত্যুৰ প্ৰতীক্ষা। বর্তমানৰ প্ৰতিটো মুহূর্ত প্রাণ ৰক্ষাৰ অর্থহীন নিষ্ঠুৰ সংগ্রামত ৰক্তাক্ত, পৃথিৱীৰ সমস্ত মানুহৰ ঘৃণা আৰু অৱহেলাৰ দুঃসহ। তাৰ পাছত এদিন আহিব মৃত্যু, পথৰ কুকুৰৰ মৃত্যু - যি মৃত্যুত আহা বেচেৰীবুলি এটা সামান্য শব্দও কাৰো মুখত উচ্চাৰিত নহব। স্নেহ-বন্ধনহীন এই নিঃসংগ মৃত্যু মানুহৰ আত্মাৰ, ইয়াতকৈ লাঞ্ছনা আৰু কি আছে? এই তোৰ জীৱন সুবালা আৰু এই তোৰ মৰণ৷

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...