AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

কাব্যশিল্পত শংকৰদেৱ (Kabyashilpat Sankardeva)

Rating: 0/5
Price of print book:₹ 100
Our Price:
₹ 80
Author ইছমাইল হোছেইন (Ismail Hossain)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS89
Email
Share on Google+
Description

সম্পাদনা

ইছমাইল হোছেইন

 

ৰবীন্দ্ৰ নাথ ঠাকুৰৰ প্ৰয়াণৰ এশ বছৰ নৌহওঁতেই তেওঁৰ জীৱন-কর্ম আৰু সাহিত্য-সংস্কৃতি সাধনা সম্পর্কে প্ৰায় চাৰিহাজাৰ গ্ৰন্থ প্ৰকাশ পাইছে৷ এনে গ্ৰন্থবোৰৰ মাজেৰে ৰবীন্দ্ৰনাথ ঠাকুৰৰ জীৱন-কর্মৰ অনেক ন-ন দিশ উন্মোচিত হৈছে৷ কিন্তু দুর্ভাগ্যৰ কথা যে ৰবীন্দ্ৰ নাথ ঠাকুৰতকৈ প্ৰায় চাৰিশ বছৰ আগতে জন্ম গ্ৰহণ কৰি ধর্ম, সাহিত্য, সংস্কৃতি আৰু কলা সাধনাৰে অসমৰ জন-মানস আলোড়িত কৰি থৈ যোৱা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ সম্পর্কে আজিলৈকে এশখনো মূল্যায়নসূচক গ্ৰন্থ অসমীয়া ভাষা বা আন ভাষাত প্ৰকাশ পোৱা নাই৷ ৰবীন্দ্ৰনাথ ঠাকুৰ, শ্ৰীচৈতন্য, স্বামী বিবেকানন্দ, গুৰু নানক, শঙ্কৰাচার্য আদিতকৈ বহুগুণে প্ৰতিভাবান আৰু আলোক সঞ্চাৰী ধর্মাচার্য তথা সাংস্কৃতিক ব্যক্তিত্ব হোৱা সত্ত্বেও মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ মূল্যায়নৰ এই দুর্বল দিশটোৱে আমাৰ অসমীয়া জাতীয় জীৱনৰো পয়ালগা দিশটো উন্মোচন কৰে৷

ঐতিহাসিক প্ৰক্ৰিয়াৰে গঠিত অসমীয়া জাতিৰ পৰিচয় দিবলৈ যিগৰাকী পুৰুষ আমাৰ কাৰণে পোন প্ৰথমেই অপৰিহার্য তেঁৱেই হল মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ৷ শঙ্কৰদেৱ কেৱল অসমীয়া জাতীয় জীৱনৰ বাবে এগৰাকী ধর্মগুৰুৱেই নহয়, তেৰা হল প্ৰতিজন অসমীয়াৰ সাংস্কৃতিক আৰু সামাজিক গুৰু৷ সেইসূত্ৰে শঙ্কৰদেৱ মোৰ নিজৰো গুৰু৷ শঙ্কৰদেৱৰ ধর্মৰ উপৰি সংস্কৃতি আৰু সমাজ-চিন্তাৰে যি এক সমন্বয়ৰ অসমীয়া সমাজ অসমত গঢ় লৈ উঠিছে সেই সমাজখনক উদাৰ দৃষ্টিভঙ্গীৰে আগবঢ়াই নিয়াটো প্ৰতিজন অসমীয়াৰেই কর্তব্য৷ শঙ্কৰদেৱৰ বস্তুনিষ্ঠ মূল্যায়নেৰেও আমি তেনে এখন সমাজ গঢ়াত অৰিহণা যোগাব পাৰোঁ৷

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ চিন্তা, দর্শন আৰু জীৱন-কর্মই ধর্ম-বর্ণৰ প্ৰাচীৰ ভাঙি সর্বস্তৰতে প্ৰভাৱ বিস্তাৰ কৰিছে৷ শঙ্কৰদেৱৰ উদাৰ ধর্মমতৰ প্ৰতি আকষির্ত হৈ যিদৰে ইছলামধর্মী চান্দসাই আৰু যৱন জয়হৰিয়ে একশৰণ নামধর্মত শৰণ লৈছিল তেনেদৰে শঙ্কৰদেৱৰ একেশ্বৰবাদক শ্ৰদ্ধা জনাই আজান পীৰে তেওঁৰ জিকিৰসমূহত শ্ৰদ্ধা সহকাৰে শঙ্কৰদেৱ, মাধৱদেৱ আৰু গোপালদেৱৰ নাম উল্লেখ কৰিছিল৷

 

আজান পীৰে বৰগীতৰ প্ৰভাৱত অনেক জিকিৰো ৰচিছে৷ একে কথাকে কব পাৰি শঙ্কৰদেৱৰ সমসাময়িক আৰু পৰৱর্তী নৱবৈষ্ণৱ ধাৰা আৰু একশৰণ নামধর্মকেন্দ্ৰিক ভক্তিবাদী আন্দোলনৰ পণ্ডিত, কবি, গীতিকাৰ আদিৰ ক্ষেত্ৰত৷ মাধৱদেৱ, অনন্ত কন্দলি (শ্ৰীচন্দ্ৰ ভাৰতী) আদিৰ পৰা আৰম্ভ কৰি ৰাম সৰস্বতী (ভাৰত চন্দ্ৰ বা ভাৰত ভূষণ), কেশৱদাস কায়স্থ, অনিৰুদ্ধ কায়স্থ, ৰামচৰণ ঠাকুৰ, হৰিচৰণ, পুৰুষোত্তম ঠাকুৰ, চতুর্ভুজ ঠাকুৰ, ভট্টদেৱ (বৈকুণ্ঠ নাথ ভাগৱত ভট্টাচার্য), গোপালচৰণ দ্বিজ, শ্ৰীহৰি (শ্ৰীহৰিদেৱ), দামোদৰ দাস, গোপালদেৱ (ভৱানীপুৰীয়া গোপাল আতা), অনিৰুদ্ধ ভূঞা (কায়স্থ), বৰ যদুমণিদেৱ (হেঙুলীয়া), গজলা আতা যদুমণিদেৱ (সৰু), সনাতনদেৱ, কৈৱল্যনন্দনদেৱ, বৃন্দাবনচন্দ্ৰদেৱ, ৰামানন্দ দ্বিজ, বল্লভ চন্দ্ৰ দেৱ, নির্মল চন্দ্ৰ দেৱ, ভগৱানচন্দ্ৰ দেৱ, দ্বিজ বৃন্দাবন দাস, নৰোত্তম ঠাকুৰ, সূর্য খড়ি দৈৱজ্ঞ, গোবিন্দ দাস আদি প্ৰাচীন কবি, গীতিকাৰ আৰু গদ্যকাৰ সকলেও শঙ্কৰদেৱৰ প্ৰতি আকষির্ত হৈ তেৰাক কেন্দ্ৰ কৰি গীত, কবিতা (পদ্য), গদ্য আদি ৰচনা কৰিছে৷ আধুনিক যুগতো লক্ষ্মীনাথ বেজবৰুৱা, যতীন্দ্ৰ নাথ দুৱৰা আদিৰ পৰা আৰম্ভ কৰি অনেকেই গদ্য আৰু পদ্য ৰচনা কৰিছে৷ এই ৰচনাসমূহ একত্ৰভাৱে পোৱাটো সম্ভৱ নহয় বাবে আমাৰ বহুদিনীয়া অধ্যয়ন আৰু অনুসন্ধানৰ ফলস্বৰূপে শঙ্কৰদেৱ সম্পর্কীয় কিছু সংখ্যক কবিতা বা পদ্য একেলগে গোটাবলৈ সক্ষম হৈছোঁ৷ এই কবিতা বা পদ্য আকাৰৰ ৰচনাসমূহ একত্ৰভাৱে প্ৰকাশ কৰাৰ কাৰণ এটাই, সেয়া হল শঙ্কৰদেৱৰ সামগ্ৰিক প্ৰভাৱৰ কথা পঢ়ুৱৈ সমাজক উপলব্ধি কৰোঁৱা৷ কাব্যশিল্পত শঙ্কৰদেৱশীর্ষক সংকলনখনৰ উদ্দেশ্যও এইখিনিতে৷

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...