AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

যথাৰীতি (Jathariti)

Rating: 0/5
Price of print book:₹ 300
Our Price:
₹ 270
Author প্ৰভাত বৰা (Prabhat Bora)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB106
Email
Share on Google+
Description

যোৱা শতিকাৰ ষাঠিৰ দশকৰ আৰম্ভণিত তেতিয়াৰ দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ হীৰেণ গোহাঁই (অর্থ আৰু অনর্থ’) আৰু ভবেন বৰুৱাই (প্ৰাপ্তবয়স্কৰ সমস্যা আৰু অসমীয়া সাহিত্য’) অসমীয়া সাহিত্যৰ তৎকালীন দুঃস্বাস্থ্য আৰু দিক্ভ্ৰান্তি সন্দর্ভত যি কঠোৰ আৰু বলিষ্ঠ সমালোচনাৰ সূচনা কৰিছিল শিৱসাগৰৰ এজন স্কুলীয়া ছাত্ৰই সেই বিতর্কত অংশগ্ৰহণ কৰি এক অধ্যয়নপুষ্ট, অন্তর্দৃষ্টিসম্পন্ন স্বকীয় দৃষ্টিভংগীৰ পৰিচয় দিছিল৷ প্ৰভাত বৰা নামৰ এই অত্যন্ত অধ্যয়নশীল ছাত্ৰজনে পৰৱর্তী কালত ঐতিহ্যমণ্ডিত এলাহাবাদৰ বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগত প্ৰফেছৰ বি ডি এন সহায়, প্ৰফেছৰ ৱাই পি সহায়ৰ দৰে প্ৰসিদ্ধ শিক্ষাগুৰুৰ ঘনিষ্ঠ সাৰস্বত সান্নিধ্যত নিৰলস গভীৰ অধ্যয়নৰ গুৰুমন্ত্ৰ লাভ কৰিছিল৷ পাছলৈ অক্সফর্ড বিশ্ববিদ্যালয়ৰ পয়েট্ৰিচেয়াৰ অলংকৃত কৰা প্ৰফেছৰ অৰ্ৱিন্দ মেহৰোত্ৰা আছিল শ্ৰীবৰাৰ বিছিত্ৰ ছাত্ৰ-জীৱনৰ হোষ্টেলৰ আড্ডাৰ সহচৰ৷ সেই সময়তে শ্ৰীবৰাই এলিয়টৰ বিষয়ে লিখা প্ৰবন্ধই ঠাই পাইছিল লীৱিছৰ ছাত্ৰ মহীশূৰ বিশ্ববিদ্যালয়ৰ প্ৰফেছৰ চি ডি নৰসিম্হায়াই সম্পাদনা কৰা Literary criterion নামৰ উচ্চস্তৰৰ সাহিত্য পত্ৰিকাত৷

অধ্যয়নৰ বিস্তাৰ আৰু গভীৰতা সত্ত্বেও স্বভাৱজাত আলস্য আৰু খ্যাতি-কীর্তিৰ প্ৰতি উদাসীনতাৰ বাবেই প্ৰধানতঃ সম্পাদকীয় তাড়নাতহে শ্ৰীবৰাৰ লেখা কদাচিৎ প্ৰকাশ পাই আহিছে আৰু যোৱা চাৰি দশকৰ ওপৰ কাল সিবোৰ অনাদৃতভাৱে অত-তত সিঁচৰিত হৈ ৰৈছে৷ ঐতিহ্যৰ আলোকসন্ধানী নতুন ব্যৱচ্ছেদ আৰু সাহিত্যৰ আধুনিকতম তত্ত্বসমূহৰ অধ্যয়নসমৃদ্ধ ব্যাখ্যাৰে তেওঁ অসমীয়া সমালোচনা সাহিত্যিক অধিকতৰ সমৃদ্ধ কৰিছে৷ এইটোও উল্লেখ কৰা প্ৰয়োজন যে সমসাময়িক সমাজ আৰু ৰাজনীতিকৰ জটিল আৰু গুৰুত্বপূর্ণ প্ৰশ্নসমূহে সদায় তেওঁৰ সক্ৰিয় মনোযোগ আকর্ষণ কৰি আহিছে৷

অধ্যয়ন, মননশীল চিন্তা আৰু বিৰল অন্তর্দৃষ্টিপ্ৰসূত এই লেখাসমূহ বিভিন্ন সূত্ৰ আৰু শুভাকাংক্ষীৰ পৰা সংগ্ৰহ কৰি ভাবীকালৰ বাবে সংৰক্ষণ কৰাৰ উদ্দেশ্যে আমি একত্ৰ প্ৰকাশ কৰাৰ ব্যৱস্থা কৰিলোঁ, কিয়নো অসমীয়া সাহিত্যৰ আধুনিক যুগটোত ড০ গোহাঁইৰ পিছতে এখন গুৰুত্বপূর্ণ আসন পাবলগীয়া সমালোচক শ্ৰীবৰাই তেওঁৰ লেখাসমূহত পাশ্চাত্য আৰু অসমীয়া সাহিত্যৰ বহু গুৰুত্বপূর্ণ দিশ অন্তর্ভেদী ব্যৱচ্ছেদেৰে আলোকিত কৰিছে৷

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...

Next Previous