AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

চাহ উদ্যোগৰ অকথিত কাহিনী (Chah Udyogar Akathit Kahini)

Rating: 0/5
Price of print book:₹ 80
Our Price:
₹ 60
Author হোমেন বৰগোহাঞি (Homen Borgohain)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS88
Email
Share on Google+
Description

অসমৰ এজন প্রাক্তন মুখ্য সচিব স্বর্গীয় ধর্মানন্দ দাস অসমৰ চাহ উদ্যোগৰ লগতো ঘনিষ্ঠভাৱে জড়িত আছিল। অসমত চাহ নীলাম কেন্দ্রৰ স্থাপনৰ কৃতিত্ব প্রায় সম্পূর্ণভাৱে তেওঁৰেই প্রাপ্য। অসমৰ চাহ উদ্যোগৰ বিভিন্ন সমস্যা আৰু দিশ সম্পর্কে তেওঁ মাজে মাজে মোৰ লগত আলোচনা কৰিছিল। অসমৰ মাটিত গঢ় লৈ উঠা এই বিৰাট উদ্যোগটোৰ পৰা অসম কেনেকৈ লাভান্বিত হব পাৰে সেই বিষয়ে তেওঁ গভীৰভাৱে চিন্তা কৰিছিল। চাহ শ্রমিকসকল তেওঁলোকৰ ন্যায্য প্রাপ্য ন্যূনতম সুবিধাখিনিৰ পৰা বঞ্চিত হৈ থাকিব লগা কথাটোৱেও তেওঁক মনোকষ্ট দি আছিল। তেওঁ মোৰ লগত এইবোৰ কথা আলোচনা কৰোঁতে বিষয়টোৰ প্রতি মোৰ আন্তৰিক আগ্রহ দেখি তেওঁ মোক কেইখনমান কিতাপ আৰু নথি পঢ়িবলৈ দিছিল। সেই কিতাপ আৰু নথিবোৰ পঢ়ি মই অনুভৱ কৰিলোঁ যে এই বিস্ফোৰক তথ্যবোৰ অসমৰ মানুহক জনোৱাটো মোৰ এটা জৰুৰী কর্তব্য। এই কর্তব্য-বোধৰ দ্বাৰা জড়িত হৈয়েই মই খুব লৰালৰিকৈ এই পুস্তিকাখন লিখিছিলোঁ। কিন্তু ১৯৮০ চনত অসমৰ বিদেশী-খেদা আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰাত আৰু ১৯৮৫ চনলৈকে সেই আন্দোলন চলি থকাত এই পুস্তিকাখন বেছিভাগ মানুহৰে চকুত নপৰিল। কিন্তু আন্দোলন শেষ হোৱাৰ পিছত পুস্তিকাখনৰ বিষয়ে অত-তত ছেগাচোৰোকাকৈ আলোচনা হৈছিল। কোনো কোনো বাতৰি কাকতত পুস্তিকাখনৰ অংশবিশেষৰ পুনর্মুদ্রণো হৈছিল। তাৰ পৰা বুজা যায় যে পুস্তিকাখনৰ মূল বক্তব্যটো এতিয়াও প্রাসংগিক হৈ আছে।

 

- হোমেন বৰগোহাঞি

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...