AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

অন্তৰীপ খণ্ড ২ (Antarip Part 2)

Rating: 0/5
Price of print book:₹ 75
Our Price:
₹ 50
Author ড০ ভবেন্দ্ৰ নাথ শইকীয়া (Dr. Bhabendra Nath Saikia)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS92
Email
Share on Google+
Description

ড০ ভবেন্দ্ৰ নাথ শইকীয়াৰ উপন্যাস অন্তৰীপৰ দ্বিতীয় আৰু অন্তিম খণ্ড

 

মোক দেখিলে কষ্ট-?”

হাজাৰ হওক মাক-দেউতাকতো! জীয়েকৰ দুর্ভাগ্যৰ কাৰণে কাক দায় দিব পাৰি, সেইবোৰ চিন্তাতো তেওঁলোকে কৰিবই। তুমি সেইবোৰ চিন্তা নকৰিবা। মই তেওঁলোকক যিমান পাৰোঁ বুজাই থৈ গৈছোঁ। আচলতে তেওঁলোকে তোমাক ভাল পায়। কিন্তু দেখিলাইতো,- ঘটনাবোৰ কেনেকুৱা হৈ গল!

বেয়াৰাই প্লেট এখনত বিলখন মেজত থলেহি। চিত্রাই পইচা দি মূৰটো লৰাই তাক যাবলৈ কলে। পইচাখিনি চাই, চালাম এটা দি বেয়াৰাটো আঁতৰি গল। চিত্রাই কলে, “মোৰ বিশ্বাস, তেওঁলোক এদিন তোমাক বিচাৰি হোষ্টেললৈ যাব। তোমাক আমাৰ ঘৰলৈ মাতিব। তেতিয়া নোযোৱাকৈ নাথাকিবা। অ’, তুমিতো কিছুদিন কলিকতাত থাকিবাই? ইয়াৰ পাছত কি কৰিবা? এম. এছ. চি.?”

ইন্দ্রই একো নকলে।

যিহকে কৰা,- তোমাৰ সদায় ভাল হওক, তাকে কামনা কৰোঁ। বলা৷চিত্রাই ৰুমালখন বেগত ভৰালে।

ইন্দ্রই মূৰ তুলি তাইলৈ চালে। গভীৰ, অসহায় দৃষ্টিৰে। তাৰ গোটেই মনটোৱে চকুৰ মণিটোত ভৰ কৰিলে। অবিশ্বাসৰ সুৰেৰে সি সুধিলে, “তাৰ মানে,- আমি এনেকৈয়ে ইয়াৰপৰাই আঁতৰা-আঁতৰি হম নেকি?”

আৰু কেনেকৈ?” চিত্রাই নীৰৱ হাঁহি এটাৰে সুধিলে। থিয় হৈ কলে, “ইমান কথা কলোঁ, মোৰ ভাগৰ লাগি গল। ইয়াতকৈ আৰু বেছি কি কৈ বিদায় লব লাগে? শেষৰ দুটা দিনত আৰু কষ্ট গোটাব খোজা নাই। বলা৷

ইন্দ্র থিয় হল।

পর্দাখনৰ ওচৰত ওচৰা-উচৰি হওঁতে চিত্রাই তাৰ সোঁহাতখন তুলি লৈ আলফুলকৈ তাইৰ ওঁঠত লগালে।

 

………

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...