AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

বিষণ্ণতা (Bisannata)

Rating: 0/5
Price of print book:₹ 60
Our Price:
₹ 40
Author হোমেন বৰগোহাঞি (Homen Borgohain)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS94
Email
Share on Google+
Description

বর্তমান যুগৰ বহুতো শিক্ষিতা মহিলাই কিমান সাহসেৰে আৰু সংকোচ-বিহীনভাৱে নিজৰ মনৰ ভাব প্রকাশ কৰিব পাৰে সেই কথা নিজৰ কাণেৰে নুশুনা কোনো মানুহেই বিশ্বাস কৰিব নোৱাৰিব। কোনো সন্দেহ নাই যে আমাৰ সমাজত আৰু নাৰীৰ জীৱন-বোধত ইতিমধ্যে এটা বিৰাট বিপ্লৱ সংঘটিত হৈ গল। এই বিপ্লৱে কেৱল যে নাৰী-পুৰুষৰ সম্পর্কক প্রভাৱিত কৰিছে এনে নহয়; ই নাৰী-হৃদয়ৰ আশা-আকাংক্ষা আৰু নাৰী জীৱনৰ লক্ষ্যকো বহু পৰিমাণে সলনি কৰি দিছে। সৌ সিদিনা মাত্র নেপোলিয়নে কৈছিল যে পুৰুষে খেদি ফুৰে গৌৰৱক, আৰু নাৰীয়ে খেদি ফুৰে পুৰুষক। বর্তমান যুগৰ বহুতো নাৰীয়ে এই কথা সম্পূর্ণ সত্য নহয় বুলি প্রমাণ কৰিছে। তেওঁলোকে জীৱনৰ সকলো ক্ষেত্রতে- আনকি যৌন-অভিজ্ঞতাৰ ক্ষেত্রতো- কেৱল যে পুৰুষৰ সৈতে সমান অধিকাৰ দাবী কৰে এনে নহয়; তেওঁলোকে দাবী কৰে পুৰুষৰ সমানেই অসুখী, অশান্ত আৰু অস্থিৰ হোৱাৰ অধিকাৰ। পুৰুষৰ নিচিনাকৈয়ে তেওঁলোকৰ বহুতেই বিচাৰে গৌৰৱ- যাৰ  বেদীত পুৰুষৰ প্রেম আৰু সাহচর্যক বলি দিবলৈ তেওঁলোকে বিন্দুমাত্র কুণ্ঠাবোধ নকৰে। পুৰুষক বিচৰা নাৰীয়েও পুৰুষক বিচাৰে নিজৰ চর্ত; কেৱল পুৰুষৰ চর্তত নহয়। ৰবীন্দ্রনাথ ঠাকুৰে তেওঁৰ আদর্শ নাৰীৰ মুখেদি কোৱাইছিল- মোৰ মাঝে যাহা কিছু অনির্বচনীয়, তাই যেন পায় মোৰ প্রিয়৷কিন্তু আজিৰ নাৰীয়ে প্রশ্ন কৰিছে- নাৰীৰ দৰেই পুৰুষৰ মাজতো অনির্বচনীয় একো নাই নেকি? যদি আছে, তেন্তে সেইখিনি পাবলৈ নাৰীৰ অধিকাৰ নাথাকিব কিয়? কিয় পুৰুষৰ হৃদয়তো এনে এটা প্রার্থনা জাগ্ৰত নহব যে তেওঁৰ মাজত যিখিনি অনির্বচনীয় আছে সেই গোটেইখিনি যেন পায় তেওঁৰ প্রিয়াই?

Reviews

There are no reviews for this book yet.

Related Books