AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

শিশুৰ দৈনন্দিন যতন (Shishur Doinandin Jatan)

Rating: 0/5
Price of print book:₹ 40
Our Price:
₹ 30
Author ডা০ জ্ঞানেন্দ্ৰ নাথ শৰ্মা (Dr. Jnanendra Nath Sharma)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS105
Email
Share on Google+
Description

এটি শিশু আৰু এজন প্রাপ্তবয়স্কৰ মাজত কেইটামান মৌলিক পার্থক্য পৰিলক্ষিত হয়। এটি শিশুৰ জন্মৰ পিছৰেপৰা সকলো দিশত বাঢ়ন (growth) আৰু বিকাশ (development) হৈ থাকে। ইয়াৰ অন্ত পৰে যৌৱনকালৰ শেষতহে। এই বাঢ়ন যথোপযুক্ত হবৰ নিমিত্তে বিভিন্ন সময়ত বিভিন্ন উপাদানৰ প্রয়োজন। গতিকে যি কোনো পাৰিপার্শ্বিক অৱস্থাই প্রত্যক্ষ বা পৰোক্ষভাৱে ইয়াৰ ওপৰত প্রভাৱ পেলাব পাৰে। এজন প্রাপ্তবয়স্কৰ ক্ষেত্রত এনে বাঢ়ন বা বিকাশৰ কোনো প্রশ্ন নাই। দ্বিতীয়তে, শিশু এটি জন্মৰ মুহূর্তৰপৰা নানা ৰোগৰ বীজাণুৰ সংস্পর্শলৈ আহে। প্রথম পাঁচ বছৰ বয়সত শিশুৰ শৰীৰৰ নিজৰ প্রতিৰোধ শক্তি দুর্বল হৈ থাকে কাৰণে ই সহজে ৰোগাক্রান্ত হয়। আনহাতে শৰীৰৰ গুৰুত্বপূর্ণ অঙ্গসমূহ, যেনে মগজু, বৃক্ক, যকৃৎ (liver) আদিতো বিকাশ সম্পূর্ণ নহয় কাৰণে ঔষধ প্রয়োগৰ ক্ষেত্রত অধিক সাৱধান হোৱাটো নিতান্ত দৰকাৰ।

শৈশৱকালৰ আন এটা গুৰুত্বপূর্ণ দিশ আছে এয়ে যে কেইটামান মাৰাত্মক ৰোগ অকল শৈশৱতহে হয়, যাৰ ফলত বহু শিশুৰ ৫ বছৰ বয়স পূর্ণ হোৱা আগতেই মৃত্যু হয়। এইকেইটা দুৰাৰোগ্য ৰোগৰ উপৰিও শিশুৱে পেটৰ অসুখ, জ্বৰ-কাঁহ, আদি ৰোগত সঘনে ভোগে। এইবোৰ ৰোগ প্রাপ্তবয়স্কলোকৰ ক্ষেত্রত সাধাৰণত ৰোগ হলেও শিশুৰ ক্ষেত্রত কিন্তু বিশেষ ক্ষতিকাৰক।

 

শৈশৱৰ আৰম্ভণিৰপৰা যৌৱনৰ শেষলৈকে এই সময়ছোৱা মানুহৰ জীৱনৰ অতি গুৰুত্বপূর্ণ সময়। এই সময়ছোৱাত শিশুৰ যতন বিজ্ঞানসন্মত আৰু ঠিকমতে হলেহে শিশুটি গৈ এক পূর্ণাংগ প্রাপ্তবয়স্কত পৰিণত হব।

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...