AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

নৱজাতক আৰু শিশুৰ যতন (Nabajatak Aaru Shishur Jatan)

Rating: 0/5
Price of print book:₹ 150
Our Price:
₹ 120
Author ডা০ জ্ঞানেন্দ্ৰ নাথ শৰ্মা (Dr. Jnanendra Nath Sharma)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS106
Email
Share on Google+
Description

এখন ঘৰত এটি শিশুৰ আগমনৰ সমান আনন্দৰ কথা একো হব নোৱাৰে। কিন্তু আনন্দৰ লগতে এই শিশুটিক উপযুক্তকৈ ডাঙৰ-দীঘল কৰাৰ এটা গুৰুভাৰ মাক-দেউতাকৰ ওপৰত আহি পৰে। নিজৰ ওপৰত আস্থা ৰাখি কামবোৰ কৰি গলে, প্রথম কেঁচুৱা হলেও ইয়াত চিন্তা কৰিবলৈ বিশেষ একো নাই। আপোনাৰ শিশুটিক চাই থকা শিশু বিশেষজ্ঞজনে দিয়া উপদেশখিনি মনোযোগ দি শুনিব। কেঁচুৱাটো চাবলৈ অহা আপোনালোকৰ বন্দু-বান্ধৱীৰ আৰু ওচৰ-চবুৰীয়াৰ কথাও শুনিব। এইসকলে সাধাৰণতে বহু ধৰণৰ পৰস্পৰবিৰোধী কথা উপদেশ হিচাপে আগবঢ়াব। কিন্তু আপোনাৰ বিচাৰ-বুদ্ধি খটুৱাইহে সেইবোৰৰপৰা প্রয়োজনীয়খিনি বাছি লৈ নিজৰ ক্ষেত্রত প্রয়োগ কৰিব। উদাহৰণ স্বৰূপে, আপোনাৰ শিশুটিক ডাক্তৰে ছয় মাহ বয়সলৈ মাকৰ গাখীৰৰ বাহিৰে কোনো উপৰুৱা পানীয় খুৱাবলৈ মানা কৰিছে আৰু আপুনিও তাকে কৰিছে। কিন্তু ওচৰ-চুবুৰীয়া বয়সীয়া মানুহ এগৰাকীয়ে, হয়তো শিশুটিৰ ভাল ভাবিয়ে কব পাৰে, ‘আই, তুমি এইটো বৰ বেয়া কাম কৰিছা। পানী নুখুৱালে শিশুটিক বৃক্ক (kidney) নষ্ট হৈ যাব৷অৱশ্যে আপুনি যদি ডাক্তৰে পানী কিয় খুৱাবলৈ মানা কৰিছে সেই বিষয়ে জানি থয়, তেতিয়া আপোনাৰ এনে ধৰণৰ কথা শুনি ভয় খাবলৈ কোনো কাৰণ নাই। কিন্তু তাকে নকৰি যদি আপুনি ডাক্তৰৰ কথা অমান্য কৰি পানী খুৱাবলৈ আৰম্ভ কৰে, তেতিয়া শিশুৰ কিবা বিপদ হলে ডাক্তৰে আপোনাকহে দোষাৰোপ কৰিব। অৱশ্যে এইটো কথাও ঠিক যে সদায় ডাক্তৰৰ কথাও খামোচ মাৰি ধৰি থাকিব নালাগে। আপোনাৰ সাধাৰণ জ্ঞান আৰু ডাক্তৰৰ পৰামর্শৰ ওপৰত ভৰসা কৰিলে আপুনি শিশুটিক ডাঙৰ-দীঘল কৰাত অকণো অসুবিধা নাপায়।

 

অকণমানি শিশুটিৰ বাবে যি কোনো কাম কৰিবলৈ যাওঁতে নিজৰ ওপৰত বিশ্বাস ৰাখি কৰি গলে কামবোৰ অতি সহজ হৈ যায়। তাকে নকৰি প্রথমৰেপৰা ভয়-আশঙ্কা লৈ সকলো কাম নিখুঁতকৈ কৰিবলৈ গলেহে ভুল হোৱাৰ সম্ভাৱনা বেছি হয়। বহুতো বিশেষজ্ঞই শিশুৰ যতনৰ নিমিত্তে বিভিন্ন পদ্ধতিৰ বিচাৰ কৰি চাইছে। তেওঁলোকৰ মতামত হল-মাক-দেউতাকে মৰমৰ মাজেৰে, সাধাৰণ জ্ঞান খটুৱাই, নিজৰ মনৰপৰা ভাবি যি ধৰণে শিশুৰ যতন লয়, তেনে ধৰণৰ যতনেই সর্বোৎকৃষ্ট।

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...

Next Previous