AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

নীল প্ৰজাপতি (Neel Prajapati)

Rating: 4/5
Price of print book:₹ 80
Our Price:
₹ 60
Author অনুৰাধা শৰ্মা পুজাৰী (Anuradha Sharma Pujari)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS101
Email
Share on Google+
Description

মই লৰা দুটাৰ ওচৰত অপৰাধী হৈ থাকিম। কিন্তু সিহঁতেও ডাঙৰ হলে বুজি পাব। মানুহৰ জীৱন এটা, পৰজন্মক ধিয়াই মই আজি নষ্ট কৰা মানুহ নহওঁ। এই সংসাৰখন মোৰ বাবে দুঃসহ বোজা, জেলখানাৰ দৰে হৈছে। মই আগেয়েই এই সিদ্ধান্ত লব লাগিছিল, কিন্তু মই লৰা দুটা অলপ ডাঙৰ হোৱালৈ ৰলোঁ। ইয়াতকৈ বেছি দেৰি কৰিলে মই মোৰ বিচৰা জীৱনৰ পৰা বঞ্চিত হম। তুমি বৰ ভাল মানুহ, ভাল স্বামী, কিন্তু মই তুমি বিচৰা ধৰণৰ পত্নী নহয়। এই নিমিলা কথাখিনি তেল-পানীৰ দৰে। এইদৰে থাকিলে অভিনয় কৰা হ, কিন্তু শান্তি কেতিয়াও নাহিব। তুমি মোৰ মন ভালে ৰাখিবলৈ সকলো কৰিছা। তোমাৰ সাধ্যমতে ফুৰাবলৈ নিছা, বজাৰ কৰি দিছা, মই ভালপোৱা বস্তু আনি দিছা- মোৰ বার্থডে’, আমাৰ মেৰেইজ এনিভাৰচেৰীত শাৰী, গহনা দিছা। কিন্তু তাৰ মাজত থকা শূন্যতাখিনি লৈ মই কেনেকৈ থাকো! প্লীজ মোক ক্ষমা কৰা৷ইয়াৰ পিছত মই সঞ্জনাক জোৰকৈ ৰখাৰ কথা আহিবই নোৱাৰে। সংসাৰ এখন যেতিয়া কাৰোবাৰ বাবে বন্দীত্ব হৈ পৰে, তেওঁক বন্দী কৰি ৰখাৰ অধিকাৰ কাৰো নাই। মই ডিভোর্ছত সন্মতি দিছিলোঁ। নহলে আমাৰ ঘৰুৱা অশান্তিত, ৰা দুটাৰ জীৱন দুর্বিষহ হৈ পৰিলহেঁতেন। সঞ্জনাৰ সুখ, ইচ্ছা, আকাংক্ষাক বাধা দিবলৈতো মই তেওঁক স্ত্রী হিচাপে গ্রহণ কৰা নাছিলোঁ। আমি একেলগে খোজ কাঢ়িম বুলি ভাবিছিলোঁ, কিন্তু সঞ্জনাক এক অন্য পথে মাতি নিলে। তেওঁ মোৰ সৈতে খোজকঢ়া পথটো পছন্দ নকৰি আন ৰাস্তা বাছি লোৱাৰ বাবে, তেওঁক মই শাস্তি বিহাটো হব অমানুষিক কথা। বিবাহ এক মানসিক নিৰাপত্তা, বুজাবুজিৰ চুক্তি। সঞ্জনাই এই চুক্তি মানি লোৱা নাই। প্রচণ্ড ঘৃণা নাথাকিলে এইদৰে গঢ়ি লোৱা সংসাৰ এৰি, স্বাধীন সিদ্ধান্ত লব নোৱাৰে যিকোনো নাৰীয়ে। সঞ্জনাৰ আর্থিক স্বাৱলম্বিতাও নাছিল। মই তেওঁক ডিভোর্ছৰ পিছতে কিছু টকা দি কলোঁ, এইখিনি ৰাখা, তোমাৰ কামত আহিব। আর্থিক সমস্যা আহিলে মোক কবা। সঞ্জনাই হাত পাতি টকাখিনি লৈ থেংকিউবুলি কলে। তাৰ পিছত তেওঁ মোক কলে, তুমি বৰ ভাল মানুহ, মই তোমাৰ বাবে উপযুক্তই নাছিলোঁ। মোক আৰু পইচা দিব নালাগে। মই নিজে উপার্জনক্ষম ব্যক্তি হবলৈ যত্ন কৰিম৷

-----------------

 

আজিৰ যুগৰ স্বামী-স্ত্ৰীৰ সমস্যাৰ বিষয়ে অনুৰাধা শৰ্মা পূজাৰীৰ উপন্যাস নীল প্ৰজাপতি

Reviews

Nice novel....
britul sharma
More reviews

Related Books

Customers who bought this also bought ...