AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

ডিক্‌টন (Diktan)

Rating: 0/5
Price of print book:₹ 120
Our Price:
₹ 80
Author ড০ দীপক কুমাৰ বৰকাকতী (Dr. Dipak Kumar Barkakati)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS108
Email
Share on Google+
Description

চাৰিজনীয়া দলটো সাজ-পোছাক আৰু বন্দুক-বাৰুদৰ ফালৰ পৰা এম্‌ এন্ এফ্ আছিল। কিন্তু প্ৰকৃততে সিহঁত আসাম ৰাইফল্‌ছৰ বছা বছা কামান্ড। দুটা মিজো আৰু আন দুটা গোর্খালী। থানযমাৰ দৰে চতুৰ, ক্ৰুৰ, পটু আৰু অভিজ্ঞ মিজো নেচনেল আর্মিৰ মেজৰক জব্দ কৰিবলৈ এইটো আছিল সিহঁতৰ নিখুঁত চাল।

কথাতেই কয়- চতুৰ মানুহৰ মূৰৰ পিছফালেও চকু। থানযমাৰ ক্ষেত্রতো গাঁৱৰ মানুহে এই ফকৰাটো ব্যৱহাৰ কৰে। প্রকৃতার্থত ই কিমান প্রযোজ্য এই মানুহকেইটা আহোঁতে ওলাই পৰিল। দুই-এষাৰ কথাৰ পিছতেই থানযমাই বুজি উঠিল মানুহকেইটাৰ দুটাই বিশেষ কথা পতা নাই। থানযমাই সিহঁত দুটাৰ ফালে চাইহে কথা পাতিবলৈ ধৰিলে। ক্ষন্তেকতে সি যেন দুই-এটা শব্দৰ সামান্য হেনাহূঁচা উচ্চাৰণ শুনিলে। তাৰ সন্দেহ হল। তীক্ষ্ণ দৃষ্টিৰ থানযমাই ততালিকে কাষত থকা ষ্টেনগানটো হাতত তুলি ললে। কামান্ডকেইটা সাজু হৈয়েই আছিল। সিহঁতৰ আগ্নেয়াস্ত্ৰবোৰ একেলগে চাৰিওফালে গৰজি উঠিল।

ঘটনাটো ইমান হঠাতে ঘটিল যে থানযমাৰ লগৰকিটা চাৰিওফালে সিঁচৰিত হৈ পৰিল। সাজু হৈ নথকাৰ বাবে ছটাৰ থিতাতে মৃত্যু হল। ৰেমাই কামান্ডকেইটা আহোঁতে মুখ-হাত ধুবলৈ অলপ আঁতৰলৈ আহিছিল। সি সিহঁতৰ কাণ্ড দেখি প্রাণটাকি দৌৰি পলাবলৈ ধৰিলে। ৰেমাৰ কঁকালত দুটা গুলী লাগিল। দুখোজমান দিয়েই সি বাগৰি পৰিল। সি অলপদূৰ চুচৰি ডাঠ জোপোহা এটাৰ তলত অচেতন হৈ পৰি থাকিল।

_________

 

এম্‌ এন্ এফ্ আৰু মিজো বিদ্ৰোহৰ পটভূমিত ড০ দীপক কুমাৰ বৰকাকতিৰ এক সুখপাঠ্য উপন্যাস

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...