AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

আনন্দী গোপাল (Aanandi Gopal)

Rating: 0/5
Price of print book:₹ 120
Our Price:
₹ 80
Author গীতা উপাধ্যায় (Gita Upadhyay)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS109
Email
Share on Google+
Description

ঊনৈশ শতিকাৰ মহাৰাষ্ট্ৰত নাৰী মুক্তি সংগ্রামৰ ৰূপ কেনে হৃদয়বিদাৰক আছিল এই উপন্যাসৰ যোগেদি তাৰ এটা আভাস পোৱা যায়। নাৰীক পৰম্পৰাগত ৰীতি-নীতিৰ শিকলিৰ পৰা মুক্ত কৰাৰ সংগ্রাম কেতিয়াবা সকলো বন্ধন ছিন্ন কৰি বিদ্ৰোহাত্মক ৰূপত প্রকাশ পাইছিল আৰু কেতিয়াবা ৰীতি-নীতি প্রথাৰ মাজেদি আগবাঢ়িছিল। যি সকল মহিলাই প্ৰচলিত পথ এৰি নতুন সংগ্রামী পথত খোজ দিবলৈ আগবাঢ়িছিল তেওঁলোকৰ জীৱন সংগ্রাম ত্যাগ আৰু বলিদানৰ বিষয়ে বুজিবলৈ সেই সময়ৰ বৈপৰিত্যপূর্ণ পৰিৱর্তনৰ ধাৰাক বুজাব প্রয়োজন। পণ্ডিতা ৰামাবাই, আনন্দী গোপালৰ দৰে যিসকল নাৰীয়ে ভাৰতীয় পৰম্পৰাৰ বান্ধোনৰ পৰা ওলাই পশ্চিমীয়া ব্যক্তি স্বতন্ত্রতাৰ ধ্যান-ধাৰণা গ্রহণ কৰিবলৈ আগবাঢ়িছিল। তেওঁলোক দুয়োবিধ বৈপৰিত্যৰ সন্মুখত থিয় হৈ সংঘাতময় মানসিক অৱস্থাৰ মুখামুখি হবলগীয়া হৈছিল। পৰিণাম স্বৰূপে মধ্যম পথ গ্রহণেৰে আপোচৰ প্রচেষ্টাও আছিল নৈতিক-মানসিক সংঘাতময়।

এফালে পশ্চিমীয়া শিক্ষা-সংস্কৃতিৰ প্রভাৱে নতুনকৈ উন্মেষ ঘটোৱা ব্যক্তিতন্ত্ৰতাৰ ধ্যান-ধাৰণাৰ প্রভাৱ আনফালে পৰম্পৰাগত ৰীতি-নীতি বিশ্বাসে শতাব্দীজুৰি খোপনি পুতি থকা ব্রাহ্মণ্যবাদী সামাজিক পাৰিবাৰিক প্রভাৱৰ মানসিক ক্রিয়া-প্রতিক্রিয়া, এই দুটাৰ টনা- আঁজোৰত ক্ষত-বিক্ষত হৈছে এগৰাকী কিশোৰীৰ হৃদয়, মন আৰু শৰীৰ।

তাইৰ ইচ্ছা-অনিচ্ছালৈ সম্পূর্ণ আওকাণ কৰি চলিছে পিতৃতান্ত্রিক সমাজৰ প্রতিভূ সকলৰ খামখেয়ালি ভৰা বিভ্রান্তিপূর্ণ স্বেচ্ছাচাৰী, আদেশ, নির্দেশ, শাসন আৰু শোষণ।

নিজকে নাৰী শিক্ষাৰ সমর্থক বুলি ভবা আনন্দীৰ স্বামী গোপাল ৰাৱে পত্নীক শিক্ষিত কৰাৰ উদ্দেশ্যেৰে তাইৰ ওপৰত চলাইছে শাৰীৰিক আৰু মানসিক পীড়ন। ঘৈণীয়েকক ডাক্তৰী পঢ়িবলৈ অকলে আমেৰিকালৈ পঠাই তেওঁ নিজে, শংকা, দ্বিধা ও ঈর্ষাত জর্জৰ হৈছে তেওঁৰ আচৰণত অধিক বৈপৰিত্য প্রকট হৈছে, তাৰ পৰিণাম ভুগিবলগীয়া হৈছে আনন্দীয়ে। সাত সাগৰ তেৰ নদ পাৰ হৈ গৈও আনন্দী স্বামীৰ নিয়ন্ত্রণ আৰু প্রাচীন-পৰম্পৰাৰ শিকলিৰ পৰা মুক্ত হব পৰা নাই। দুয়ো যেন সেই দ্বিধাগ্রস্ত সময়ৰ প্রতীক।

নাৰী মুক্তিৰ সুদীর্ঘ সংগ্রামত এগৰাকী বাটকটীয়া নাৰীয়ে কিমান কষ্ট আৰু ত্যাগৰ মাজেৰে এখোপ এখোপকৈ আগবাঢ়ি পাছৰ প্রজন্মৰ বাবে সেন্দূৰীয়া আলি নির্মাণৰ বাট মুকলি কৰিছিল এই উপন্যাসে বাস্তৱৰূপত সেই সত্য দাঙি ধৰিছে।

 

গীতা উপাধ্যায়

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...