Rating: 0/5
Our Price: ₹ 50 |
|
||||||||||||||||
|
বর্তমান জাতি-চৈতন্যৰ দিনত কেনোবা জাতিৰ আঁতি-গুৰিৰ সন্ধান কৰিলে সেই ‘সন্ধানৰ ওপৰত সহজেই নিন্দা-স্তুতিৰ ছাঁ এটি পৰিবৰ আশঙ্কা থাকে। এই প্রবন্ধৰ উদ্দেশ্য কোনো জাতিৰ প্রতি নিন্দা-স্তুতি নহয়। অসমৰ কলিতা এটি কৌতুহল জগোৱা জাতি। পুৰাণ, স্মৃতি আদিৰ সঙ্কৰ বা বৃত্তিমূলক কোনো জাতিৰ তালিকাতেই ইয়াৰ নাম নাই। কেৱল পৌৰাণিক উপাখ্যান এটিৰ লগত আওপাক খোৱা ক্ষত্রিয় জাতি এটি বুলি বহুকালৰ পৰা প্ৰবাদ এটি ওপঙি ফুৰিছে। কলিতা জাতি ভাৰতৰ আন আন প্রদেশতো আছে। সকলো কলিতাৰ মাজত প্রচলিত কিম্বদন্তীবোৰ গোট খুৱাই পুৰণি অসমীয়া, ইংৰাজী, পালি, সংস্কৃত আদি ভাষাত উল্লিখিত তথ্যবোৰৰ লগত খাপ খুৱাই আধুনিক বৈজ্ঞানিক প্রণালীৰে সকলোবোৰ উক্তিৰেই সামঞ্জস্য এটি দেখুওৱা হৈছে। যিবোৰ মূল পুথিৰপৰা উপাদান সংগ্রহ কৰা হৈছে সেইবোৰৰ খুটি-নাটি নির্দেশ বন্ধনীৰ ভিতৰত দিয়া হৈছে। সহজতে নোপোৱা ইংৰাজী পুথিৰ মূল উক্তিবোৰ ওপৰঞ্চিত বেলেগে মূল ভাষাতেই উদ্ধৃত কৰি দিয়া হৈছে।
মূল সিদ্ধান্ত এইটো প্ৰতিপন্ন কৰা হৈছে যে বঙ্গলা আদি দেশৰ বৈদ্য, কায়স্থ আদিৰ দৰে অসমৰ কলিতা এটি বৃত্তিমূলক জাতি নহয়। এইটি clan, ইয়াঁক সংস্কৃতত ‘কুল’ আৰু অসমীয়াত “ফৈদ” বুলিব পাৰি। কলিতা পুৰণি ‘উত্তৰ ভাৰতৰ স্বসুবৃহৎ ক্ষত্ৰিয় জাতিৰ এটি সৰু ফৈদ।
বাণীকান্ত কাকতি
The intended recipient will get an e-mail letting him/her know you've gifted the book.
The mail will contain detailed instructions on the steps to be followed .
Name : | |
Email : | |